newsnextone.com | তেজপুৰঃ শোনিতপুৰ জিলাৰ মিছামাৰিত ৰোগীক ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাাৰ কৰুণ মৃত্যু ঘটা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, মহিলা গৰাকীয়ে জ্বৰত আক্ৰান্ত হোৱাৰ সময়ত মিচামাৰি চ’কত থকা জাকিৰ হুচেইন ফামাৰ্চীৰ পৰা চেলাইন লৈ চিকিৎসা কৰোৱাইছিল৷ কিন্তু এই চিকিৎসা গ্ৰহণ কৰাৰ পিছতে মহিলা গৰাকী গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু পিছত মৃত্যু মুখত পৰে৷ 

এই ঘটনাৰ পিছতে ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰি ফাৰ্মাচীষ্ট জাকিৰ হুছেইনৰ বিৰুদ্ধে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ ইফালে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ফাৰ্মাচীষ্টজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে যদিও ভুৱা ফাৰ্মাচীষ্ট জাকিৰ হুছেইনে পলায়ন কৰে৷ অৱশেষত দেওবাৰে আৰক্ষীয়ে ধৃত ফাৰ্মাচীষ্টজনক আটক কৰি তেজপুৰ আদালতত হাজিৰ কৰে৷