নিউ জাৰ্চিঃ সন্তানসহ ভাৰতীয় মহিলাক হত্যা আমেৰিকাত৷ নিউ জাৰ্চিত আজি সংঘটিত হয় এই ঘটনা৷ পুত্ৰসহ নিজ ফ্লেটতে অচিনাক্ত আততায়ীয়ে হত্যা কৰে মহিলাগৰাকীক৷  মহিলাগৰাকী অন্ধ্ৰ প্ৰদেশৰ এন শশীকলা বুলি জানিব পৰা গৈছে৷

মহিলাগৰাকীৰ স্বামীয়ে আবেলি ঘৰলৈ উভতোতে মৃতদেহকেইটা দেখে। আনহাতে মহিলাগৰাকীৰ পৰিয়ালে এই ঘটনাত স্বামী জৰিত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ অবৈধ সম্পৰ্কৰ ফলতে এই হত্যাকাণ্ড হোৱা বুলি কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মৃতকৰ পৰিয়ালে৷ মহিলাগৰাকী প্ৰায় ৯ বছৰ নিউ জাৰ্চিত আছিল৷