তেজপুৰঃ বছৰটোৰ শেষত অসমৰ কেঁচা সোণলৈ বিশ্বৰ বিৰল সন্মান৷

মু্ম্বাইত অনুষ্ঠিত 6th World Tea & Coffee Expo ত Industdy Leader সন্মান নাহৰবাৰী টি ফেক্টৰীলৈ৷ 

২৯ নবেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ নেহৰু চেন্টাৰত অনুষ্ঠিত বিশেষ প্ৰদৰ্শনীত জাপান, চীন, থাইলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, আমেৰিকা আদি কেবাখনো ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল৷ 

তেজপুৰ ছচিয়েল চাৰ্ভিছ ছ'চাইটীৰদ্বাৰা পৰিচালিত শোণিতপুৰ টপীয়াৰ নাহৰবাৰী টি ফেক্টৰীয়ে লাভ কৰে এই বিশেষ বঁটা৷

নাহৰবাৰী টি ফেক্টৰীৰ হৈ পৰিচালন সঞ্চালক চেবিষ্টিয়ান কে ভি আৰু পৰিচালক প্ৰশান্ত কুমাৰ নাথে এই বঁটা গ্ৰহণ কৰে৷ 

আনহাতে, নাহৰবাৰী টি ফেক্টৰীত উৎপাদিত চাহে চলিত বছৰৰ আগষ্ট মাহত হংকঙত World Best Tea খিতাপ কঢ়িয়াবলৈ সক্ষম হৈছিল৷