বিশ্বৰ লোক সমাজৰ পৰা বিভিন্ন ভাষা,উপ-ভাষা,দোৱান আদিৰ অস্তিত্ব দিনকদিনে লোপ পাই অহালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই প্ৰতিটো জাতি,উপ-জাতি,জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধাশীল আৰু সচেতন কৰাৰ অৰ্থে ২০০০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয়ভাবে আজি অৰ্থাৎ ২১ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব মাতৃভাষা দিৱস ৰূপে উদযাপন কৰি আহিছে ৷

কিন্তু পৰিতাপৰ কথা যে,যি সময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে,সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেই নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে ৷কিয়নো,অসমত চৰকাৰী ভাষা আইন গ্ৰহন কৰাৰ দুকুৰিৰো অধিক বছৰকাল পাৰ হোৱাৰ পিছতো ই কাৰ্যকৰী নোহোৱাটোয়ে এই কথাকে প্ৰমানিত কৰে ৷

ইফালে,ৰাজ্য চৰকাৰকে ধৰি অসমৰ সাহিত্য জগতৰ বৃহৎ অনুষ্ঠান অসম সাহিত্য সভা,বড়ো সাহিত্য সভা,দেউৰী সাহিত্য সভা,কাৰ্বি সাহিত্য সভাকে আদি কৰি ভাষা-সাহিত্য-সংস্কৃতিৰ আন বহু অনুষ্ঠানেও এই দিৱসৰ বিষয়ে তিলমানো অৱগত নহয় ৷স্মৰ্তব্য যে,অসমমবাসীৰ জনগণৰ এক ৰক্তক্ষয়ী আন্দোলনৰ ফলশ্ৰুতিত ১৯৬০ চনৰ ১৭ ডিচেম্বৰত অসম ৰাজ্যভাষা আইন গ্ৰহন কৰিবলৈ চৰকাৰ বাধ্য হৈছিল ৷যাৰ দ্বাৰা ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদৰ নিয়ম অনুযায়ী ভাষা আইন অসমৰ সকলোতে অথবা ৰাজ্যৰ সকলো ধৰণৰ চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিছিল ৷

আনকি তদানীন্তন ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ২-১২-৭০ তাৰিখৰ পি এল চি ২-৭-১০ এ নং নিৰ্দেশানুযায়ী ৪-১২-৭০ তাৰিখৰ ভিতৰত ৰাজ্য চৰকাৰৰ সচিবালয় পৰ্যায়ত অসমীয়া ভাষা প্ৰয়োগ কৰা হ’ব বুলি সদম্ভে ঘোষণাও কৰিছিল ৷প্ৰকাশ যে,অসমবাসীক চৰম প্ৰতাৰিত কৰি ১৯৬০ চনৰ পৰা ১৯৭৮ চনলৈকে কিন্তু চৰকাৰে ভাষা আইন বলৱৎ কৰাৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে ৷

ইয়াৰ বিপৰীতে চৰকাৰে ১৯৭৯ চনৰ ৩ এপ্ৰিলত ৰাজ্যভাষা প্ৰয়োগ সঞ্চালকালয়হে গঠন কৰে ৷ কোৱা বাহুল্য মাথোন,এই সঞ্চালকালয়ে প্ৰথমাৱস্থাত বিষয়টোত গভীৰভাবে গুৰুত্ব আৰোপ কৰি ৩ বছৰ মান যুদ্ধংদেহী মনোভাবেৰে কাম-কাজ কৰি অসমীয়া ভাষা প্ৰয়োগৰ এটা পৰিবেশ সৃষ্টি কৰি তুলিছিল যদিও চৰকাৰৰ ফালৰ পৰা পাবলগীয়া সহায়-সহযোগিতা আৰু আন্তৰিকতাৰ অভাৱৰ হেতু ক্ৰমান্বয়ে বিভাগটোৰ গুৰুত্ব লক্ষণীয়ভাবে হ্ৰাস পাইহে আহে ৷জানিব পৰা মতে,চৰকাৰে সঞ্চালকালয়টোলৈ বছৰি যিখিনি টকা আবন্টন দিয়ে ইয়াৰে অধিকাংশ কৰ্মচাৰীসকলক দৰমহা দিওতেই শেষ হয় ৷ ৰাহি হোৱা ন্যূনতম ধনেৰে ভাষা প্ৰয়োগৰ কোনো কামেই সুকলমে সম্পাদন কৰাটো সম্ভৱপৰ নহয় ৷

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)