লক্ষ্ণৌঃ উত্তৰ প্ৰদেশৰ ২১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে যোগী আদিত্যনাথে। শপত গ্ৰহণৰ পিছতে লালকৃষ্ণ আদবানীৰ চৰণ স্পৰ্শ কৰে যোগীয়ে। যোগীৰ সৈতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কেশৱ প্ৰসাদ মৌৰ্য্য আৰু দীনেশ শৰ্মাই। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ। ইয়াৰ লগে লগে ৪৬ জন বিধায়কৰ মন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ চলি আছে। 

কোন এই যোগী আদিত্যনাথ ?

এসময়ত 'লাভ জেহাদ'ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা গোৰখনাথ মন্দিৰৰ সন্যাসীজনেই হৈছে যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ গোৰখপুৰ লোকসভা সমষ্টিৰপৰা ৫ বাৰকৈ সাংসদ নিৰ্বাচিত হোৱা জনপ্ৰিয় হিন্দু নেতাগৰাকী গণিত বিষয়ৰ স্নাতক। হিন্দু যুৱ বাহিনী নামৰ সংগঠনটো মুৰব্বীৰ দায়িত্বত থকা যোগীৰ সম্পত্তি মূল্য হৈছে ৭২ লাখ আৰু তেওঁৰ বিৰুদ্ধে ৩ টা অপৰাধী গোচৰ আছে। 

পাক সংবাদ মাধ্যমে কি ক'লে যোগীৰ কথা ? 

পাক সংবাদ মাধ্যমে যোগী আদিত্যনাথক কট্ৰৰ হিন্দুত্ববাদী বুলি আখ্যা দিছে। এসময়ত শ্বাহৰুখ খানক যোগীয়ে পাকিস্তানলৈ যাবলৈ ধমকি দিয়াৰ কথাও উল্লেখ কৰে পাক সংবাদমাধ্যমে।