তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ ১ নং বগৰিখুটিত যুৱককৰ গনপ্ৰহাৰত মৃত্যু হয়। প্ৰায় ৫ বছৰীয়া কণমানি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধন বাহাদুৰ কামাৰ নামৰ ২৮ বছৰীয়া যুৱক কিছমান লোকে যোৱাকালি প্ৰহাৰ কৰে।

বাতৰিত প্ৰকাশ যে যোৱা কালি  সন্ধিয়া কেইজনমান যুৱকে ধন বাহাদুৰ কামাৰক কোনো ঠাইৰ পৰা কিছমান মানুহে  ধৰি আনি বেয়াকৈ মাৰপিত কৰি  ১ নং বগৰিখুটিৰ অৰঙা দোংৰ পাৰত পেলাই থৈ 
যায় আৰু এই ঘটনা সম্পৰ্কে স্থানীয় গাওঁবুঢ়াক খবৰ দিয়ে। 

পিছত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি যুৱক জনক তামুলপুৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, কিন্তু নিশাই চিকিৎসালয়ত উক্ত যুৱকজনৰ মৃত্যু  ঘটে বুলি  চিকিৎসকে জানিব দিয়ে । তামুলপুৰ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত চাৰি জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চাৰিওজন ব্যক্তি তামুলপুৰৰ বগৰিখুটি গাৱৰ ক্ৰমে অজিত বৰ্মন, প্ৰমোদ বৰ্মন, বিক্ৰম বড়ো আৰু পাখি বড়ো বুলি জানিব পৰা গৈছে। বৰ্তমান তামুলপুৰ আৰক্ষীয়ে আটকাধীন ব্যক্তি কেইজনক জেৰা অৱ্যাহত ৰাখিছে ।