newsnextone.com | গোৰেশ্বৰঃ কোনো চৰকাৰী আঁচনিৰ প্ৰভাৱ নপৰা এখন গাঁও। তথাপি ৰৈ থকা নাই কৃষি প্ৰধান গাঁও খন৷ প্ৰায় ১০০ ঘৰতকৈ অধিক মানুহেৰে পূৰ্ণ গাঁওখনৰ প্ৰত্যেকজন লোক ব্যস্ত নিজৰ নিজৰ কৃষি কৰ্মত। প্ৰত্যেকঘৰ মানুহৰে আছে ধান খেতি৷ বিঘাই বিঘাই ধান খেতি কৰে প্ৰতিঘৰ মানুহে৷ অতি কষ্টৰে ধান খেতি কৰে যদিও কেতিয়াবা বানে কেতিয়াবা বনৰীয়া হাতীয়ে খেতিয় পথাৰ বিনষ্ট কৰি আহিছে৷ 

গাঁও খনৰ কেইজনমান যুৱকে কিবা এটা বিপৰীত কৰাৰ বাবে চিন্তা চৰ্চা কৰে৷ ধান খেতিৰে পৰিয়ালটো পোহপাল দিব পাৰে যদিও এটা সুন্দৰ জীৱন অতিবাহিত কৰাটো সম্ভৱপৰ হৈ নুঠে৷ তাৰ পিছতে কেইগৰাকীমান যুৱকে আৰম্ভ কৰিলে খেতি পথাৰত বিকল্প খেতিৰ৷ আৰম্ভ কৰিলে কল খেতি৷ কেইজনমান যুৱকে প্ৰথমে আৰম্ভ কৰে কেইবা বিঘা কল খেতিৰ৷ খেতি ভাল হ’ল ধান খেতিককৈ উপাৰ্জন ভাল হ’ল৷ লাহে লাহে এবিঘাৰ পিছত এবিঘা বঢ়াই গ’ল কল খেতি৷ ক্ৰমান্বয়ে গাঁও খনৰ ইঘৰ পিছত সিঘৰ লোকে কল খেতি কৰিবলৈ আৰম্ভ কৰে৷ 

বানে গৰকা এলেকাটোত কেল খেতি কৰাত সুবিধা হৈ পৰিল গাঁওবাসীৰ। সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে বাছি ললে কল খেতিক। গাঁৱৰ কণমানিটোৰ পৰা বুঢ়াজনলৈকে এই সময়ত ব্যস্ত নিজৰ নিজৰ কৃষিভূমিত। এনেধৰণৰ খেতিৰেই স্বাৱলম্বী অঞ্চলটোৰ প্ৰত্যেকজন। তাতোকৈ উল্লেখযোগ্য কথাটো হ'ল, বহুকেইজন উচ্চ শিক্ষিত যুৱকেও এই ধৰণৰ খেতিকেই উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে। চাকৰিৰ পৰা বঞ্চিত এই যুৱকসকলৰ পিছে এতিয়া চাকৰিৰ প্ৰতি আকৰ্ষণো হেৰাই গৈছে। কলা খেতিৰ জৰিয়তেই বিচাৰি লৈছে নিজৰ ঘৰখন চলোৱাৰ দায়িত্ব।

হয়, বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ো জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান ডাবোখিলাৰ কথাকে কৈছোঁ৷ ডাবোখিলাৰ এচাম শিক্ষিত যুৱক এতিয়া ব্যস্ত হৈ পৰিছে কলখেতিত। কৃষিৰ জৰিয়তে নিজে স্বাবলম্বী হোৱাৰ লগতে আৰ্থিক ভাৱে সবল হৈ নিজৰ ঘৰ কেইখনক পোহৰাই তুলিবলৈ সক্ষম হৈছে৷ চৰকাৰৰ কোনো পক্ষক আশা নকৰি গোৰেশ্বৰৰ পূব ডেফেলী মৌজাৰ ডাবোখিলা গাঁৱৰ একাংশ পৰিয়ালে কলখেতিত জৰিত হৈ পৰিছে। গাওঁখনৰ বিকাশ, টংকেশ্বৰ, প্ৰাঞ্জল, দীপ, জয়ন্ত, দীপাংকৰ, অজিত, দীপক আদি শিক্ষিত যুৱকে এতিয়া কল খেতিৰ জৰিয়তে ডাবোখিলা গাওঁৰ আদৰ্শ হৈ পৰিছে।

শিক্ষিত যুবকে এতিয়া সমগ্ৰ বাক্সা জিলাখনৰ ভিতৰতে অভূতপূৰ্ব কলৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, কেৱল গুৱাহাটী মহানগৰীলৈ ডাবোখিলাৰ কলৰ খেতিয়কে যোগান ধৰি আছে প্ৰায় ৬০ শতাংশ কল। নাওকাটা অঞ্চলৰ ডাবোখিলা গাওঁখনত প্ৰায় দহ বছৰ পূৰ্বে মাত্ৰ দুই এজন খেতিয়কে ব্যৱসায়িক ভাৱে কল খেতি কৰিছিল। এতিয়া বজাৰত ব্যাপক চাহিদা থকা মালভোগ কলৰ খেতিত বিগত ৫ বছৰ ধৰি গাওঁখনৰ এজন-দুজনকৈ প্ৰায় সকলোৱে জৰিত হৈ পৰিছে। এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে গাওঁখনৰ উদ্যোগী কেইবাজনো শিক্ষিত যুৱকে।

ইয়াৰে কেবাজনো যুৱক যদি বৰ্তমান স্নাতক পৰ্যায়ৰ ছাত্ৰ তেন্তে কেইবাজনো কলেজীয়া শিক্ষা সাং কৰা যুৱক। গাওঁখনত বৰ্তমান প্ৰায় ১৫০ জনতকৈ অধিক খেতিয়কে মালভোগ কলৰ খেতি কৰিছে। পৰম্পৰাগত ধান বা অন্য খেতি বাদ দি হ'লেও একোজন খেতিয়কে লাভজনক এই খেতি কৰিছে ২০-৩০ বিঘা মাটিলৈ। ফাগুন মাহৰ পৰা এই কলৰ উৎপাদন আৰম্ভ হয় আৰু আহাৰ মাহলৈ এই খেতিৰ ফচল সংগ্ৰহ কৰে তেওঁলোকে। ইয়াৰ উৎপাদন কৃষকসকলে বিশেষকৈ গুৱাহাটী, মঙলদৈ, হাজো-চেচাঁ আদিৰ বজাৰত বিক্ৰী কৰি আহিছে। কম পৰিমাণে স্থানীয় নাওকাটাত গঢ়ি উঠা কলৰ বজাৰতো বিক্ৰী কৰিছে কল। 

প্ৰতিবিঘাত ২৫০টা কলপুলি ৰুই বিঘাই প্ৰতি একোটা বতৰত প্ৰায় ত্ৰিশ হাজাৰকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও উৎপাদন ভাল হ'লেহে সেয়া সম্ভৱ হৈ উঠে। বহুসময়ত খেতিৰ মূল খৰচতকৈ কম মূল্যতে কল বিক্ৰী কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে। আশ্চৰ্যজনকভাৱে কলখেতিৰ জৰিয়তে সমগ্ৰ জিলাখনতে এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা এইসকল কৃষকে কিন্তু আজিকোপতি মুখ দেখা নাই স্থানীয় কৃষি বিষয়া কিম্বা গ্ৰাম সেৱকৰ। ৰাসয়নিক সাৰ ব্যৱহাৰৰ কুফল সম্পৰ্কে সজাগ এইসকল যুৱকে অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিছে যদিও এনে সাৰৰ মূল্য অধিক হোৱাৰ লগতে প্ৰয়োজনৰ সময়ত পৰ্যাপ্ত পৰিমাণে লাভ নকৰে অৰ্গেনিক সাৰ। চৰকাৰীভাৱে এনে অৰ্গেনিক সাৰ লাভ নকৰা বাবেই বিভিন্ন উৎসৰ পৰা অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য হৈছে। 

আনহাতে ব্যৱসায়িকভাৱে কৃষি কৰিবলৈ চৰকাৰীভাৱে বিভিন্ন ঋণ আদিও যে ল'ব পাৰি তাকো লৈ মুৰ নঘমাই ডাবোখিলাৰ যুৱ কৃষকে। একাংশৰ অভিযোগ যে ঋণ পাবলৈ মধ্যভোগীক দিব লাগে বৃহৎ পৰিমাণৰ উৎকোচ। সেয়ে কেৱল নিজৰ চেষ্টা, উদ্যোগ আৰু সামৰ্থ অনুসৰি নিজাকৈ কলৰ খেতি কৰিছে এওঁলোকে। বছৰৰ চেপ্তেম্বৰ-অক্টোবৰ মাহত বনৰীয়া হাতীৰো উপদ্ৰৱ চলে অঞ্চলটোত। ‘ব্যাইদ’ নামৰ এটি কলগছৰ ৰোগে প্ৰায়ে কৃষকসকলৰ বাবে মুৰৰ কামোৰণী হৈ পৰে। ঔষধ বিচাৰিও হাবাথুৰি খাব লাগে কৃষকসকলে। ইপিনে উপযুক্ত বজাৰৰ অভাৱত উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ পৰা বঞ্চিত হ'বলগীয়াৰো এক সমস্যাই দেখা দিছে কৃষকসকলক৷

গুৱাহাটীত কাৰ্বাইট যুক্ত কল জব্দ কৰিলে ডাবোখিলাৰ খেতিয়কসকলে সমস্যাত পৰে। কিয়নো ইয়াৰ কলৰ চাহিদাও একেসময়তে কমি যায়৷ এনেবোৰ সমস্য থকাৰ পিছতো ডাবোখিলা গাঁৱৰ শিক্ষিত যুৱকসকলে আজিও বহু কষ্টৰে কল খেতি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পূব ডেফেলী কল কৃষক সন্থা নামৰ এটি সংগঠনৰো জন্ম দিয়ে। চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ডাবোখিলাৰ কলৰ খেতিয়কসকলক পৰ্যাপ্ত সহায় আগবঢ়ালে ডাবোখিলাৰ কলখেতি অসমৰ কৃষকৰ বাবে প্ৰেৰণা অন্যতম উদহাৰণ হৈ পৰিব৷ দীপাংকৰ নামৰ বড়ো যুৱকজনে আমি অস্ত্ৰ নহয় হাতত কোৰ লৈ সমাজ পৰিৱৰ্তন কৰিব খুজিছোঁ বুলি কয়৷