উৎস ইন্টাৰনেট
উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ আমীৰ খানৰ বহুল জনপ্ৰিয়তা লাভ কৰা ছবি ‘ডংগল’ত গীতা ফোগলৰ চৰিত্ৰত অভিনয় কৰি বলীউডত পদাৰ্পণ কৰা জায়ৰা ৱাচীমক আকৌ এবাৰ দেখা যাব আমীৰ খানৰ সৈতে৷ জায়ৰা ৱাচীম আৰু আমীৰ খান অভিনীত আহিবলগীয়া ‘চিক্ৰেট চুপাৰষ্টাৰ’ নামৰ ছবি খনত জায়ৰাক দেখা যাব এগৰাকী গায়িকা হিচাপে৷ ছবিখনৰ প্ৰাক মুহূৰ্তত শনিবাৰে লক্ষ্নৌত অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত অংশ লৈ ১৭ বৰ্ষীয় জায়ৰাই বলীউডত পদাৰ্পণৰ সুযোগ লাভ কৰাৰ লগতে বহু ব্যক্তিগত কথা প্ৰকাশ কৰে সাংবাদিকৰ আগত৷

অনুষ্ঠানখনত জায়ৰাই ডংগল ছবিতৃ অভিনয় কৰাৰ বিষয়ে কয়, ‘‘মোৰ শিক্ষাগ্ৰহণ চলি আছিল৷ বোৰ্ডৰ পৰীক্ষাত মই ৯২ শতাংশ  নম্বৰ লৈ উৰ্ত্তীৰ্ণ হৈছিলো৷ স্কুলত মই ভ্ৰুণ হত্যাৰ ওপৰত ৰচিত এখন নাটকত অভিনয় কৰি বেচ জনপ্ৰিয় হৈ পৰিছিলো৷ নাটকখন কৰাৰ পাছত বহু লোকে মোৰ অভিনয়ৰ প্ৰশংসা কৰে৷ মই টাটা স্কাই আরু মাইক্ৰোচফ্ট কম্পেনীৰ দুটা বিজ্ঞাপনl অভিনয়ৰ সুযোগ লাভ কৰিলো৷ তাৰ পাছতে ‘ডংগল’ চিনেমাখনৰ প্ৰযোজকে মোক চিনেমাখনত অভিনয়ৰ বাবে অফাৰ দিছিল৷

ডংগলৰ শ্বুটিঙৰ সময়ৰ অভিজ্ঞতাৰ বিষয়ে সাংবাদিকে জানিব বিচৰাত জায়ৰাই কয়, ‘‘ছবিখনত কাম কৰি যথেষ্ট ভাল লাগিছিল৷ ছবিখনৰ শ্বুটিঙৰ সময়ত আমাক ফটো তুলিবলৈ বাধা কৰা হৈছিল৷ কিন্তু এবাৰ শ্বুটিঙত উপস্থিত থকা সৰু ল’ৰা এটা মোৰ ওচৰলৈ আহি মোৰ সতে ফটো উঠিব বিচাৰিলে৷ ল’ৰাটোৱে মোক দাদা বুলি সম্বোধন কৰিছিল৷ কিয়নো ছবিখনৰ তাগিদাত মোৰ চুলি চুটি চুটিকৈ কটা হৈছিল৷

তেতিয়া মোৰ খুৱ বেয়া লাগিছিল৷ মোৰ চুলিবোৰ পুৰুষৰ নিচিনাকৈ কটা বাবে মই চাৰি দিনলৈ খুব কান্দিছিলো৷ প্ৰত্যেক চাৰি পাছ দিনৰ মুৰে মুৰে মোৰ আৰু মোৰ সহযোগী চলোনীৰ চুলি বোৰ কাটি দিয়া হৈছিল৷ ছবিখনৰ কাহিনিৰ বাবেই তেনে কৰা হৈছিল৷ আৰু আমিৰ খানৰ বিষয়ে ক’বলৈ গ’লে তেওঁ এগৰাকী খুৱেই শান্ত স্বভাৱৰ ব্যক্তি৷ তেওঁ সকলো কাম নিয়াৰিকৈ হোৱাটো বিচাৰে৷ তাৰ বাবে কেতিয়াবা আমি গালি খাইছিলো যদিও তেওঁ আমাক যথেষ্ট মৰম কৰি কামবোৰ বুজাই দিছিল৷

‘‘মই ঘৰুৱা খাদ্যতকৈ বাহিৰা খাদ্য বেচি ভাল পাও৷ কিন্তু শ্বুটিং চলি থকা সময়ত আমাক কেৱল ঘৰুৱা খাদ্য খোৱাৰ বাবে অনুমতি দিছিল৷ যাৰ বাবে সম্পূৰ্ণ ছয় মাহ মই ভীষণ অসুবিধাত পৰিছিলো৷ অৱশ্যে কেতিয়াবা শ্বুটিং নথকা দিনত মোৰ প্ৰিয় ফ্ৰেন্স ফ্ৰাইজ, বাৰ্গাৰ আৰু ব্ৰাউনী খাইছিলো৷ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে শ্বুটিঙত আমাক বাহিৰা মচলা জাতীয় খাদ্য খাবলৈ দিয়া হোৱe নাছিল৷’’ -জায়ৰা ৱাচীমৰ খাদ্যভ্যাসৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জায়ৰাই এনেদৰে মত ব্যক্ত কৰে৷

ইফালে শিক্ষা জীৱনৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত জায়ৰাই চিনেমা নকৰা হ’লে পঢ়ি থাকিলে হেতেন বুলি মন্তব্য কৰে৷ তেওঁ কয়, ‘‘ভৱিষ্যতৰ বিষয়ে মোৰ কোনো ধাৰণা নাই৷ চিনেমা মোৰ কেৰিয়াৰো নহয়৷ কিন্তু অনাকাংক্ষিত ভাৱে এই জগতত ভৰি দিছো৷ যদি এয়া নহ’লহেঁতেন, তেন্তে নিশ্চিত ভাৱে মোৰ শিক্ষা জীৱন সম্পূৰ্ণ কৰিলোহেঁতেন৷’’

‘‘আমি ভবাৰ দৰে অভিনয় জীৱন ইমান উজু নহয়৷ এই ক্ষেত্ৰখনত টিকি থাকিবলৈ বহু কষ্ট আৰু ত্যাগ কৰিবলগীয়া হয়৷ সেই কথা মই এতিয়া উপলব্ধি কৰিব পাৰিছো৷’’ অভিনয় জীৱনৰ বিষয়ে বৰ্ণনা কৰি জায়ৰাই এনেদৰে কয়৷ অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এই ক্ষেত্ৰখনত জড়িত থাকি বিভিন্ন জনৰ পৰা বিভিন্ন কথা শিকিব পাৰি৷ লগতে মানুহৰ মৰমো লাভ কৰিব পাৰি৷ কিন্তু বহু কষ্ট কৰিব লাগে৷ নিজক প্ৰতিষ্ঠা কৰাটো খুৱেই কঠিন কাম৷’’

লক্ষ্নৌৰ অনুষ্ঠানখনত ডংগল খ্যাত অভিনেত্ৰী জায়ৰা ৱাচীমে নিজৰ হবি আৰু পচন্দ সমূহৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ ৰিচা চড্ডা, ইৰফান খান,ৰত্না পাঠক আৰু মনোজ বাজপেয়ীৰ অভিনয় যথেষ্ট পচন্দ কৰে বুলি কয়৷ প্ৰিয় খাদ্য হিচাপে হেনো তেওঁ ফুটপাথৰ মচালা পৰঠা আৰু জম্মুৰ কলাড়ী ভাল পায়৷ আনহাতে সহনশীলতাক তেওঁ জীৱনৰ মূল মন্ত্ৰ হিচাপে জ্ঞান কৰে বুলিও উল্লেখ কৰে৷