ডিজিটেল ডেস্কঃ অসমৰ বিহুমঞ্চত হিন্দী গীত পৰিৱেশন কৰি শেহতীয়াকৈ বিতৰ্কৰ শীৰ্ষলৈ অহা হাৰ্টথ্ৰৱ জুবিনে কঢ়িয়াই আনিলে বিশেষ সন্মান৷ অসমীয়া ভাষাৰ লগতে বাংলা ভাষাতো গীত গাই পশ্চিমবংগ, আনকি বাংলাদেশতো জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী জুবিন গাৰ্গে লাভ কৰিছে দেশৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ স্বীকৃতি।

'দ্যা টপ টেইনছ’ নামৰ এটা ৱেবছাইটৰ সমীক্ষাত এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে দুটা দশক ধৰি নিৰবিচ্ছিন্নভাৱে সংগীতৰে শ্ৰোতাক আকৃষ্ট কৰি অহা শিল্পীজনে৷ অনলাইন ভোটিং ব্যৱস্থাৰ জৰিয়তে হোৱা এই প্ৰতিযোগিতাত দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰিছে শিল্পীজনে৷

উল্লেখ্য যে, বলিউডতো সমানে জনপ্ৰিয় জুবিনে 'য়া আলি' গীতটোৰে এছিয়া মহাদেশতে জনপ্ৰিয় হৈ পৰিছিল জুবিন। 'য়া আলি'ৰে সেই সময়তে লক্ষ লক্ষ শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হোৱা জুবিনে  এইবাৰ ছনু নিগম, কুমাৰ ছানুৰ দৰে যুগজয়ী শিল্পীকো চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰিছে।

জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰাৰ লগতে বহু হাজাৰ লোকে ৱেবছাইটত ভোট দি কৈছে যে জুবিন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুকুতাস্বৰূপ। বহুতে আকৌ জুবিন গাৰ্গক দেশৰ সৰ্বাধিক জনপ্ৰিয় শিল্পী বুলি ভোট দিয়াৰ সময়ত মন্তব্য কৰিছে।

এই সমীক্ষাত জুবিনৰ পিছতে স্থান লাভ কৰিছে চনু নিগম (দ্বিতীয়), মহম্মদ ৰফী (তৃতীয়) আৰু উদিত নাৰায়ণে (চতুৰ্থ)৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এনে এটা সন্মান লাভৰ পিছতে আনন্দিত আৰু গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসী৷