গুৱাহাটীঃ গুৱাহাটীৰ টাউন ক্লাবৰ হলটোত তেতিয়ালৈকে সকলো ঠিকেঠাকেই চলি আছিল। অনুষ্ঠানটোৰ মধ্যমণি আছিল সকলোৰে আদৰৰ জুবিন গাৰ্গ। মুঠেই সাধাৰণ নাছিল অনুষ্ঠানটো। বৰগীতক লৈ এক নতুন সপোন দেখা অনুৰাগ শইকীয়াৰ অনুষ্ঠানটোত উপস্থিত থাকিবলৈ শুকুৰবাৰৰ বিয়লিটোৰ বাবে সকলো কাম একাষৰীয়া কৰি ৰাখিছিল জুবিন গাৰ্গে। নিৰ্ধাৰিত সময়ত গৰিমা শইকীয়া গাৰ্গসহ অনুষ্ঠানটোত উপস্থিত হৈছিল জুবিন। এই অনুষ্ঠানটোতে আজি হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী।

মোৰ মূৰটো ঘূৰাইছে, ছাফোকেশ্যন ফিল কৰিছোঃ জুবিন

জুবিন গাৰ্গ উপস্থিত হোৱাৰ পিছতে মঞ্চলৈ আদৰি নিছিল 'প্ৰজেক্ট বৰগীত’ শীৰ্ষক অনুষ্ঠানটোৰ আয়োজকসকলে। জুবিন গাৰ্গক সম্বৰ্ধনা জনাই ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছিল অনুষ্ঠানৰ ঘোষকগৰাকীয়ে। নিজৰ ভাষণ সামৰি নিৰ্দিষ্ট আসনত বহিছিল জুবিন গাৰ্গ। সময় তেতিয়া প্ৰায় ৮.৩০ বাজিছিল। শেষ হও হও হৈছিল অনুষ্ঠান। তালৈ চাই নিউজ চেনেলৰ একাংশ সাংবাদিকে অনুষ্ঠানটোৰ লগতে আন বিভিন্ন বিষয় সম্পৰ্কে জানিবলৈ কাষ চাপিছিল শিল্পীগৰাকীৰ। কিবা এটা ক’বলৈ লৈছিলহে মাত্ৰ। তেনেতে অসহজ অনুভৱ কৰি তেওঁ অনুচ্চ স্বৰেৰে কৈছিল, 'মোৰ মূৰটো ঘূৰাইছে। ছাফোকেশ্যন ফিল কৰিছো।’ এইখিনি কৈয়ে হঠাৎ ঢলি পৰিছিল জুবিন।

কোনোমতে জুবিনক পৰি যোৱাৰ পৰা ধৰি ৰাখিছিল অনুষ্ঠানত উপস্থিত থকা এজনে। বহি থকাৰ পৰা উঠি জুবিনৰ কাষলৈ দৌৰি আহিছিল পত্নী গৰিমা। ভয়তে কোনোৱে চিৎকাৰ কৰি উঠিছিল, 'আৰে কি হৈছে?’ উধাতু খাই তাত উপস্থিত থকা আন এজনে চিঞৰিছিল, 'পানী পানী’। লগে লগে কোনোৱে বটলৰ পৰা পানী আনি দিছিল মৰমৰ শিল্পীগৰাকীক। হঠাৎ শিল্পীগৰাকী এনেদৰে অসুস্থ হৈ পৰাত নিজম পৰিছিল টাউন ক্লাবৰ হলটো। উদ্বিগ্ন হৈ পৰিছিল সকলো।

'মোৰ বুকুখন চিৰিংকৈ মাৰিছিল। অলপ আগতে জুবিন দাই ভাষণ দিছিল। প্ৰজেক্ট বৰগীতৰ বাবে অনুৰাগ শইকীয়াক সাহস দিছিল, শুভেচ্ছা জনাইছিল। হঠাৎ এনেকৈ অসুস্থ হৈ পৰা দেখি মই উধাতু খাই জুবিন দাৰ কাষলৈ দৌৰিছিলো।’-এইদৰে কয় অনুষ্ঠানটোত উপস্থিত থকা এগৰাকী দৰ্শকে। 

জুবিনৰ বাবে ১২ জনকৈ চিকিৎসকক বিশেষ দায়িত্ব নেমকেয়াৰ কৰ্তৃপক্ষৰ

অসুস্থ হৈ পৰা জুবিন গাৰ্গক টাউন ক্লাবৰ পৰা ততালিকে লৈ যোৱা সমীপৱৰ্তী নেমকেয়াৰ হাস্পতাললৈ। জুবিন গাৰ্গ অসুস্থ হোৱাৰ কথা জানিব পৰা মাত্ৰকে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ তথা অন্যান্য কৰ্মচাৰীয়ে অতি ক্ষিপ্ৰতাৰে আৰম্ভ কৰে চিকিৎসা। প্ৰাথমিক চিকিৎসা আৰু পৰীক্ষাৰ অন্তত শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে চিকিৎসকে।

সংবাদ মাধ্যমৰ আগত জনোৱা মতে সম্প্ৰতি সুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ। অৱশ্যে পৰ্যাপ্ত জিৰণিৰ অভাৱ আৰু ব্যস্ততাৰ বাবে শিল্পীগৰাকীক আইচিইউত সম্পূৰ্ণৰূপে চিকিৎসক-নাৰ্ছৰ তত্বাৱধানত ৰখাৰ প্ৰয়োজন আছে বুলি জনাই নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই। 'তেওঁ ভাগৰুৱা হৈ পৰিছে। এতিয়া আমি ইনভেষ্টিগেশ্যনখিনি কৰিম। তাৰ পিছতহে বাকীখিনি ক’ব পাৰিম। তেওঁ এতিয়া ভাললৈ আহিছে, কনচিয়াছনেছ আহিছে, কথা বুজিছে। তথাপি অবজাৰভেশ্যনৰ বাবে আইচিইউত ৰাখিম।’-সাংবাদিকসকলক আৰু আমনি কৰি নাথাকিবলৈ অনুৰোধ জনাই এইদৰে কয় শিল্পীগৰাকীৰ চিকিৎসাৰ দায়িত্বত থকা এগৰাকী চিকিৎসকে।

জানিব পৰা মতে, নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা মাত্ৰকে ১২ গৰাকী চিকিৎসকৰ এটা দলক জুবিন গাৰ্গৰ চিকিৎসাৰ বাবে বিশেষভাৱে দায়িত্ব প্ৰদান কৰা হৈছে। কাৰ্ডিঅলজি, নিউৰোলজিকে আদি কৰি কেবাটাও বিভাগৰ অভিজ্ঞ চিকিৎসকলৰ দলটোৱে ইতিমধ্যে ছাঁটোৰ দৰেকৈ ব্যস্ত হৈ পৰিছে জুবিনৰ চিকিৎসাত।

দুবছৰ পূৰ্বেও ঢলি পৰিছিল শিল্পীগৰাকী

আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বেও এনেদৰে হঠাৎ ঢলি পৰিছিল শিল্পীগৰাকী। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠান পৰিৱেশন কৰি উভতাৰ পথত গাড়ীৰ ভিতৰতে সংজ্ঞাহীন হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল জুবিন গাৰ্গ। চিকিৎসকসকলে দিন-ৰাতি একাকাৰ কৰি কাম কৰা ফলতেই স্নায়ৱিক কাৰণত শিল্পীগৰাকী সংজ্ঞাহীন হৈ পৰাৰ শংকা ব্যক্ত কৰিছে। অৱশ্যে পূৰ্বৰ অসুস্থতাৰ সৈতে আজি সংজ্ঞাহীন হৈ পৰাৰে  কোনো সম্পৰ্ক থকাৰ কথা নুই কৰিছে নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিকিৎসক ডা০ হিতেশ বৰুৱাই।

কি ক’লে জুবিনৰ পত্নী গৰিমাই?

জুবিনৰ পত্নী গৰিমা শইকীয়ায়ো সংবাদ মাধ্যমক জনায় যে অত্যাধিক কামৰ হেঁচাৰ বাবেই শিল্পীগৰাকী অসুস্থ হৈ পৰিছে। গৰিমাই জুবিনৰ চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নেমকেয়াৰ হাস্পতালৰ সমূহ চিকিৎসক, নাৰ্ছ তথা অন্যান্য কৰ্মচাৰী আৰু চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডা০ হিতেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে।

'এইকেইদিন ৰেষ্টলেছভাৱে কাম কৰি আছে জুবিনে। মই ৰেষ্টৰ কথা কৈয়ে থাকো। কিন্তু সময় মিলাব নোৱাৰি। গানৰ কাম থাকেই, লগতে আছে বিভিন্ন মিটিং আৰু আন আন অনু্ষ্ঠান। অনুৰাগীসকলক এটাই কথা ক’ব খুজিছো যে চিকিৎসকে এতিয়া চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে। কাইলৈ জুবিন কাকপথাৰলৈ তেওঁৰ নামত উৎসৰ্গা কৰা দলং উদ্বোধনলৈ যাবলগীয়া আছিল। ফ্লাইটৰ টিকটো কৰি থোৱা আছিল। কিন্তু এইটো অৱস্থাৰে যোৱাতো সম্ভৱ নহয়। সেয়ে কাকপথাৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছো।’-জুবিনৰ প্ৰতি দেখুওৱা মৰম আৰু আগ্ৰহৰ বাবে সকলোকে ধন্যবাদ জনাই এইদৰে কয় গৰিমাই।  

অসুস্থ হৈ পৰাৰ পূৰ্বে কি কৈছিল জুবিনে?

মূৰত ৰঙা কাপোৰ এখনৰে পাগুৰি মাৰি ক’লা ৰঙৰ এটা পেণ্ট আৰু টি-চাৰ্ট, জেকেট পিন্ধি 'প্ৰজেক্ট বৰগীত’ৰ অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত হৈছিল জুবিন গাৰ্গ। উন্মোচনী ভাষণত তেওঁ কৈছিল, 'প্ৰথমেই অভিনন্দন। বহুদিনৰ পৰা শুনি আছিলো বৰগীতক লৈ অনুৰাগে কিবা এটা কৰি থকাৰ কথা। মুম্বাইত বহুদিন ধৰি যোৱা নাই বাবে মই লগ হ’ব পৰা নাই। অসমীয়া সংস্কৃতি আৰু আমাৰ বৰগীতক লৈ এইটো এটা নিশ্চিতভাৱে নতুনধৰণৰ প্ৰজেক্ট। মই বহুত আনন্দিত হৈছো। এনেকুৱা আৰু ভাল ভাল কাম কৰি যাব লাগে। গোটেই টীমটোলৈ ধন্যবাদ আৰু আন্তৰিক শুভকামনা, শুভেচ্ছা জনাইছো।’

প্ৰজেক্ট বৰগীতে অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি চমু ভাষণটোত তেওঁ আৰু কৈছিল, 'সকলোৱে শুনিব গানটো। আৰু মই কওঁ যে গানটো শুনি আপোনালোক সকলোৱে ভাল পাব। এক নতুন প্ৰচেষ্টা, নতুন কাম। নতুন ধৰণৰ পৰীক্ষা-নিৰীক্ষা। পুনৰ অভিনন্দন। থেংকইউ’

অইন দিনৰ তুলনাত আজিৰ অনুষ্ঠানটোত জুবিনৰ মাতত শুনা গৈছিল এক ভাগৰুৱা সুৰ। অতি চমুকৈ ভাষণ প্ৰদান কৰি মঞ্চত থকা ঘোষকৰ হাতত মাইকটো দি আসনলৈ আগবাঢ়িবলৈ লওতেই উন্মোচনৰ কথাটো মনত পেলাই দিছিল কাষত থকা আয়োজকসকলৰ এজনে। অলপ ৰৈ তেতিয়া তেওঁ মৃদু হাঁহি মাৰি আকৌ কৈছিল, 'উন্মোচনটো কৰিছো বুলি কৈ দিছো। কৈ দিব লাগে বুলি কৈছে। কৰি দিলো দেই উন্মোচনটো। থেংকইউ।’

নেমকেয়াৰত মন্ত্ৰী নৱ দলে, গুজৰাটৰ পৰা ফোন মুখ্যমন্ত্ৰীৰ

শিল্পী জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ বাতৰি পোৱা মাত্ৰকে শতাধিক অনুৰাগীৰে ভৰি পৰে নেমকেয়াৰ চৌহদ। সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে অত্যাধিক কামৰ হেঁচাৰ বাবে এনেদৰে অসুস্থ হৈ পৰা বুলি উল্লেখ কৰি জিৰণি ল’বলৈ আহ্বান জনায়। ইফালে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰত আহি উপস্থিত হয় মন্ত্ৰী নৱ দলেৰ লগতে বিধায়িকা আঙুৰলতা আৰু অভিনেতা যতীন বৰা। 

আনহাতে ইণ্ডিয়া আইডিয়াজ কনক্লেভ শীৰ্ষক অনুষ্ঠানত ভাগ ল’বলৈ গুজৰাটলৈ যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নেমকেয়াৰ হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতে ফোনেৰে যোগাযোগ কৰি বুজ লৈছে জুবিনৰ স্বাস্থ্যৰ।