গুৱাহাটীঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আজি ৪৬ সংখ্যক জন্মদিন। শব্দৰ মায়াজালেৰে শিশুৰপৰা বৃদ্ধলৈকে মুহিব পৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত।  

প্ৰায় ১৬০০০ গীত পৰিৱেশন কৰা অদ্বিতীয় জুবিন গাৰ্গক এইবাৰো দেখা গ’ল ব্যতিক্ৰমী ৰূপত। জন্মদিন উপলক্ষে খাৰঘূলিস্থিত বাসগৃহৰ দেৱালত এজাক শিশুৰ সৈতে চিত্ৰাংকনত ব্যস্ত হৈ পৰে সংগীত শিল্পীগৰাকী৷

যোৱা কেইবছৰমান ধৰি নিজ জন্মদিনটো কলাগুৰু মহোৎসৱ হিচাপে পালন কৰাৰ দৰে এইবাৰো বন্ধুবৰ্গৰ সৈতে কেক কাটি ওপজা দিন পালন কৰিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে৷

ওপজা দিনৰ এদিন পূৰ্বে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আয়ুৰচন্দ্ৰা হাস্পতালত ৰোগীসকলৰ মাজত ফল-মূল আৰু গামোচা বিতৰণ কৰাৰ লগতে চিকিৎসালয়খনৰ মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠানটি মুকলি কৰে৷ ‘কাঞ্চনজংঘা’ৰ পাছত নতুন বছৰত ‘বাঘ’ নামৰ ছবিখন নিৰ্মাণ কৰিব বুলি উক্ত অনুষ্ঠানত ঘোষণা কৰে জুবিন গাৰ্গে৷

গুৱাহাটী চান্দমাৰিত হৈ থকা উত্তৰ-পূব গ্ৰন্থমেলাতো তেওঁৰ জন্মদিন উদযাপন কৰা হ’ব৷