Image from Social Media
Image from Social Media

ডিজিটেল ৰিপ'ৰ্টঃ আকৌ বিতৰ্কত হিমন্ত। নিজেই আইন গঢ়ি নিজেই ভংগ কৰি বিতৰ্কত সোমাই পৰিছে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকী। বুধবাৰে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে স্বাস্থ্য, শিক্ষা আৰু বিত্ত মন্ত্ৰীগৰাকীয়ে টেবলেট ব্যৱহাৰ কৰি থকাতো ধৰা পৰে।

CLICK►  উলংগ হৈ এসাজ খাবলৈ 'The Bunyadi'ত গ্ৰাহকৰ ভিৰ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাষৰ আসনত বহি থকা হিমন্তক বিধানসভাৰ অধিৱেশনত কি চলিছে, কোনে কি কৈছে সেইবোৰলৈ কৰ্ণপাত নকৰি তলমুৱা হৈ একান্তমনে টেবলেটত ইণ্টাৰনেট চোৱাত ব্যস্ত হৈ থকা দেখা যায়। সেই সময়ত বিধানসভাত বাণিজ্য আৰু উদ্যোগ সম্পৰ্কীয় বিষয়ক লৈ আলোচনা অব্যাহত আছিল।

CLICK►এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

উল্লেখ্য যে বিধানসভাৰ অধিৱেশন চলা সময়ত মোবাইলৰ ব্যৱহাৰ নিষিদ্ধ কৰি এক নিৰ্দেশনা জাৰি কৰিছিল অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। কিন্তু সেই নিৰ্দেশ অমান্য কৰি হিমন্তই এনেদৰে টেবলেট চোৱাত ব্যস্ত হৈ থকাত বিৰোধী দলৰ বিধায়সকল জাঙুৰ খাই উঠিছে। বিশেষকৈ প্ৰথম দুদিন অনুপস্থিত থাকি চলিত অধিৱেশনত আজি প্ৰথমবাৰৰ বাবে উপস্থিত হৈয়ে এনেদৰে নিয়ম ভংগ কৰাত বিষয়টো সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।

CLICK►  উলংগ হৈ এসাজ খাবলৈ 'The Bunyadi'ত গ্ৰাহকৰ ভিৰ

ইয়াৰ পূৰ্বে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম বিধানসভাৰ অধিৱেশনত মোবাইলযোগে ফেচবুক লাইভ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। এই দৃশ্য শাসকীয় দলৰ একাংশ বিধায়কে প্ৰত্যক্ষ কৰি বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পিছতে বিধায়কজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হয়।

CLICK►এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

কিন্তু এইবাৰ প্ৰভাৱশালী হিমন্তৰ বিৰুদ্ধে নিয়ম উলংঘাৰ অভিযোগত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। বিশেষকৈ নিয়ম ভংগকাৰী হিমন্তক ৰক্ষণাবেক্ষণ দিবলৈ গৈ সতীৰ্থ চন্দ্ৰমোহন পাটোৱাৰীয়ে অদ্ভূত যুক্তি দাঙি ধৰাটোৱে এই লৈ সন্দেহৰ উদ্ৰেক ঘটাইছে। হিমন্তক সমৰ্থন কৰিবলৈ গৈ চন্দ্ৰই মোবাইল আৰু টেবলেটৰ পাৰ্থক্য দেখুৱাই দিয়ে। তেওঁ কয়, 'বিধানসভাত মোবাইলহে নিষিদ্ধ আৰু হিমন্তই মোবাইল চাই থকা নাছিল, টেবলেটহে চাই আছিল।’

CLICK►  উলংগ হৈ এসাজ খাবলৈ 'The Bunyadi'ত গ্ৰাহকৰ ভিৰ

চন্দ্ৰমোহনৰ এনে অদ্ভূত যুক্তি শুনি ক্ষুব্ধ হৈ পৰা দেখা গৈছে বিৰোধী বিধায়কসলক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্তক নিয়ম ভংগ কৰা মন্ত্ৰী আখ্যা দিয়ে। 'হিমন্তই আইন ভংগ কৰিয়েই থাকে। হিমন্তক ধৰোতা কোনো নাই। কিন্তু আমি ইমান সহজে এৰি নিদিও। আগতে যি ভুল কৰিলো এতিয়া আৰু নকৰো।’-হিমন্তক আক্ৰমণ কৰি এইদৰে কয় গগৈয়ে।