ডিজিটেল ডেস্কঃ আপোনাৰ পতি বা পত্নীয়ে যদি বাহিৰৰ কোনো এখন ভাল ৰেষ্টুৰেন্টত খাবলৈ লগ ধৰে, আপুনি সাজি কাচি ওলাওতে কিমান সময় লগাব? হয়তো আপুনি আপোনাৰ ভালৰো ভাল আৰু সুন্দৰ কাপোৰযোৰকে পৰিধান কৰিব৷ কিন্তু ৰেষ্টুৰেন্টত খানা খাই থাকোতে যদি আপোনাৰ ধুনীয়া পোচাকযোৰত অলপ বাটাৰ পনীৰ পৰি যায়, কেনে লাগিব?  

CLICK►  টেবলেটত নেট চাই আকৌ বিতৰ্কত মন্ত্ৰী হিমন্ত

 

CLICK►  টেবলেটত নেট চাই আকৌ বিতৰ্কত মন্ত্ৰী হিমন্ত

পিছে লণ্ডনত আপুনি খানা খাবলৈ ওলাই যাব বিছাৰিলে ভাল কাপোৰ এসাজ বিচৰাৰ জঞ্জাল নাই৷ আপুনি ঘৰত যিদৰে থাকে তেনেকৈয়ে গৈ খানা খাব পাৰে৷ আমি কৈ আছো লণ্ডনৰ এখন ৰেষ্টুৰেন্টৰ কথা৷ য’ত ডিনাৰ বা লান্স কৰিবলৈ গলে যাব লাগে সম্পূৰ্ণ উলংগ হৈ৷

‘The Bunyadi’ নামৰ ৰেষ্টুৰেন্টখনত খাদ্য গ্ৰহণ কৰিবলৈ হ’লে কেতবোৰ নিয়ম পালন কৰিবলগীয়া হয়৷ আৰু তাৰ প্ৰথমটো নিয়য়মেই হৈছে ৰেষ্টুৰেন্টখনত উলংগ হৈ খাদ্য গ্ৰহণ কৰা৷ ‘The Bunyadi’ নামৰ ৰেষ্টুৰেন্টখন গ্ৰীষ্মৰ সময়ছোৱাত স্থাপন কৰা হৈছিল জুন মাহত৷ কেৱল তিনিমাহৰ বাবে৷ বাঁহেৰে নিৰ্মিত ৰেষ্টুৰেন্টখনৰ ভিতৰছোৱাত আছে পোছাক খুলি নগ্ন হবৰ বাবে ড্ৰেচ চেঞ্জিং ৰুম আৰু আৰামদায়ক খাদ্য গ্ৰহণৰ লগতে মদ্যপানো কৰিব পৰা ব্যৱস্থা৷ 

বাঁহেৰে নিৰ্মাণ কৰা কেবিনসমূহত অভ্যৰ্থনা আগবঢ়োৱা হয়৷ য’ত ৬৯ বিধ বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে মমবাতিৰ পোহৰত গ্ৰাহকক অপ্যায়ন কৰা হয়৷ বিভিন্ন জুতিলগা খাদ্যৰ লগতে গ্ৰাহক বাবে ব্যৱস্থা কৰা হয় শীতল পানীয় আৰু বিলাতী সুৰা৷ 

ৰেষ্টুৰেন্টখনৰ ভিতৰত মোৱাইল আৰু ফটোগ্ৰাফীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ যাতে গ্ৰাহকসকলে নিশ্চিত আৰু আনন্দপূৰ্ণভাৱে ৰেষ্টুৰেন্টখনত সময় আতিবাহিত কৰিব পাৰে, তাৰ বাবে বাহিৰে ভিতৰে সুৰক্ষা ব্যৱস্থাও গঢ়ি তোলা হৈছে৷ 

‘‘লণ্ডনত এনে মানুহ বহু আছে, যিয়ে নগ্ন শৰীৰ দেখি চেক্সুৱেল অনুভৱ নকৰে৷ তেওঁলোকৰ বাবে গ্ৰীষ্মৰ সময়ছোৱা স্মৰণীয় কৰাৰ মানসেৰে তিনি মাহৰ বাবে এই ৰেষ্টুৰেন্টখন প্ৰস্তুত কৰি উলিওৱা হৈছিল৷ আমি অতি কষ্ট কৰি পৰম্পৰাগতভাৱে এয়া নিৰ্মাণ কৰিছো আৰু গ্ৰাহকে যাতে পূৰ্ণ সুখৰ সময় অতিবাহিত কৰিব পাৰে, তাৰ বাবে সুস্বাদু খাদ্য, পানীয় আৰু মনোৰঞ্জনৰ ব্যৱস্থাও কৰিছো৷ যিসকল পুৰুষ মহিলাই নগ্নতা দেখি কামাতুৰ হৈ নপৰে, তেওঁলোকৰ বাবে ‘The Bunyadi’ শান্তিৰ ঠাই৷’’- লণ্ডনৰ এখন স্থানীয় বাতৰিকাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে কয় ‘The Bunyadi’ নামৰ  বিতৰ্কিত ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী ছেব লায়েলে৷

CLICK►  টেবলেটত নেট চাই আকৌ বিতৰ্কত মন্ত্ৰী হিমন্ত

২০১৬ চনৰ ১১ জুনত আৰম্ভ কৰা দ্য বুনিয়াদী ৰেষ্টুৰেন্টৰ সেৱা ১২ আগষ্টত বন্ধ কৰাৰ কথা আছিল যদিও ৰেষ্টুৰেন্টখনৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ আদিম খাদ্য সম্ভাৰ আৰু নগ্ন হৈ খাদ্যৰ জুতি লোৱাৰ হেপাঁহত অসংখ্য পুৰুষ-মহিলাই প্ৰতিদিনে ‘The Bunyadi’ত ভিৰ কৰে৷

ৰেষ্টুৰেন্টখনৰ তথ্য অনুযায়ী সদ্যহতে ১৩ হাজাৰতকৈও অধিক লোকে এই ব্যতিক্ৰমী ৰেষ্টুৰেন্টখনত এবাৰ সোমাবলৈ আগতীয়াকৈ বুকিং কৰি ৰাখিছে৷