ৰাজপথৰ মন্ত্ৰী-বিধায়কৰ কনভয়ে বাৰে বাৰে বিতুষ্ট কৰি আহিছে সাধাৰণ নাগৰিকক। দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাবে সাধাৰণ যাত্ৰীক ৰখাই থোৱাত অন কেমেৰা এখন জিলাৰ উপায়ুক্তকে ধমক দিছিল। 

২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত প্ৰথমবাৰৰ বাবে গঠন হৈছিল বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈয়েই ভিআইপি সংস্কৃতিৰ বিৰোধিতা কৰি সোণোৱালে কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ লগতে তেওঁৰ কনভয়ে ট্ৰেফিক ছিগনেলত সাধাৰণ ৰাইজৰ দৰেকৈ ৰৈ যাব বুলিও ঘোষণা কৰিছিল। কংগ্ৰেছৰ শাসন কালত মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ তীব্ৰবেগী দীঘলীয়া কনভয় পাৰ হৈ যোৱাৰ সময়ত সাধাৰণ ৰাইজে ৰাস্তাত বহুপৰ ৰৈ ভিতৰি ভিতৰি একপ্ৰকাৰ ক্ষোভিত হৈ পৰিছিল। এনে পৰিপ্ৰেক্ষিতত নতুন চৰকাৰখনৰ মুৰব্বীৰ এই ঘোষণাই সকলোকে সুখী কৰি তুলিছিল।

কিন্তু অতি কম সময়তে যৱনিকা পৰে সেই সুখৰ। দিন যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি চৰকাৰখনৰ মন্ত্ৰীসকলে 'লংকালৈ যিয়েই যায় সিয়েই ৰাৱণ হয়’ লেখীয়াকৈ ৰাইজক ৰখাই দীঘলীয়া কনভয় লৈ তীব্ৰবেগেৰে পাৰ হৈ যোৱা দৃশ্য আকৌ সুলভ হ'বলৈ লয়। লাহে লাহে বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত কংগ্ৰেছৰ শাসনকালতকৈয়ো অধিক বিপদজনক হৈ পৰে মন্ত্ৰীসকলৰ তীব্ৰবেগী কনভয়।  

যমদূত সদৃশ হৈ পৰা মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ৰ বাবে ক’ৰবাত যদি এম্বুলেন্স ৰখাই থোৱা হৈছে ক’ৰবাত আকৌ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে সাধাৰণ পথচাৰীয়ে। ভিআইপি সংস্কৃতিৰ অন্যতম অংগস্বৰূপে মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ে সংঘটিত কৰি অহা এনে একাধিক অঘটনৰ মাজতে যোৱা ৪ মাৰ্চৰ এটি দুৰ্ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা। 

ৰাজ্যখনৰ বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়ে নিশাৰ মহানগৰীত সংঘটিত কৰা উক্ত দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন যুৱক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যখনৰ মূলসুঁতিৰ সংবাদ মাধ্যমত বিষয়টোক লৈ কোনোধৰণৰ বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অকালতে গুচি গ’ল ৰূপম বৰা! নিশ্চুপ মূলসুঁতিৰ মিডিয়া

মন্ত্ৰীৰ কনভয়ৰ ময়মতালিৰ শেহতীয়া চিকাৰ হ’ল এজন ৩০ বৰ্ষীয় চফল যুৱক ৰূপমজ্যোতি বৰা। অভিযোগ অনুসৰি, দেওবাৰে নিশা খানাপাৰত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৰূপমে। নিশা প্ৰায় ১২.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱাত কৰ্তব্য সম্পাদন কৰি কৰ্মস্থলী এপল’ হাস্পতালৰ পৰা ঘৰলৈ উভতিছিল ৰূপম আৰু তেওঁৰ এজন বন্ধুৱে। প্ৰত্যক্ষদৰ্শীৰ মতে, খানাপাৰাত তেওঁলোকে ইউ টাৰ্ণ ল’বলৈ লোৱাৰ সময়তে বতাহৰ গতিবেগত অহা মন্ত্ৰীৰ কনভয়ৰ এখন বলেৰ’ বাহনে খুন্দা মাৰে যুৱক দুজন আহি থকা মটৰ চাইকেলখনত। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে বলেৰ’ বাহনখনো।

দুৰ্ঘটনাৰ পিছতে ৰূপমক ততাতৈয়াকৈ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিত্সাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰ। এই দুৰ্ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰা এজন ব্যক্তিয়ে প্ৰকাশ কৰা মতে, মন্ত্ৰীৰ কনভয়ৰ একেবাৰে শেষৰ গাড়ীখনে খুন্দা মাৰিছিল যুৱকজনক। সেই কনভয়টোতে ১১১১ নম্বৰৰ কিয়া কাৰ্ণিভেল গাড়ী এখনো দেখা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰত্যক্ষদৰ্শী যুৱকজনে।

লক্ষণীয় কথাটো হ’ল মন্ত্ৰীৰ কনভয়ৰ খুন্দাত এনেকৈ এজন যুৱকৰ মৃত্যুৰ পিছতো মৌনতা ধাৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে অসমৰ মূল সুঁতিৰ সংবাদ মাধ্যমসমূহে। চৰকাৰী বিজ্ঞাপনৰ ধনেৰে পৰিচালিত এনে সংবাদ মাধ্যমসমূহে কিহৰ বাবে ৰূপম বৰাৰ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰাৰ বিৰত আছে, সেই প্ৰশ্নও অৱতাৰণা কৰিছে অনেকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাতস্বৰূপ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিবলৈ অসমৰ নামী-দামী সাংবাদিক আৰু সংবাদ গোষ্ঠীসমূহে ভয় কৰে নেকি বুলিও ছ’চিয়েল মিডিয়াত প্ৰশ্ন কৰিছে অনেকে।

অসমৰ মিডিয়া চেনেলসমূহত এই দুৰ্ঘটনাক লৈ কোনো চৰ্চা নহ’লেও ছ’চিয়েল মিডিয়াত আৰম্ভ হোৱা ব্যাপক চৰ্চাৰ পিছতে টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। শেহতীয়াকৈ কা আন্দোলনকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ ইংগিত দি চৰকাৰী এজেণ্ডা চলোৱাৰ অভিযোগেৰে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ডিজিপি জি পি সিং। এই দুৰ্ঘটনা সন্দৰ্ভত তেওঁ খেদ ব্যক্ত কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখন জিম্মাত লৈ চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি মন্তব্য কৰে। 

মন্ত্ৰীৰ দুখ প্ৰকাশ! ৰূপমৰ পৰিয়ালে কি কয়?

ৰূপমৰ পৰিয়ালৰ এটি সূত্ৰই জানিবলৈ দিয়া মতে দুৰ্ঘটনাটোৰ প্ৰায় ৪ দিন পিছত দিছপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰৰ ভিত্তিত 'পুলিচ’ বুলি লিখা থকা দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ চালক প্ৰকাশ শৰ্মাক সেইদিনাই আটক কৰে আৰক্ষীয়ে।

দুৰ্ঘটনাৰ পিছতে নিহত ৰূপমৰ পৰিয়ালৰ এগৰাকী আত্মীয়ই সংবাদ মাধ্যমৰ আগত আৰক্ষীক সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে এছক’ৰ্ট তথা আন পেট্ৰ’লিঙৰ সময়ত আৰক্ষীৰ বাহন চলোৱাৰ দায়িত্বত থকাসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা উচিত। দুৰ্ঘটনাটোৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰিকাক ছ’চিয়েল মিডিয়াত একাংশ নেটিজেনে আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যত কোনো যুক্তি নাই বুলিও তেওঁ কয়।

'গাড়ীখন মন্ত্ৰীগৰাকীয়ে নিজে চলাই গৈ থকা নাছিল, গাড়ীখনো মন্ত্ৰীগৰাকীৰ নাছিল। গতিকে মন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা উচিত নহয়। এই গাড়ীখন হৈছে অসম আৰক্ষীৰ এছকৰ্টৰ গাড়ী। আজি গাড়ীখন মন্ত্ৰীৰ লগত আছে, সেইখন কাইলৈ আন বিষয়া-আমোলা বা বেলেগ ভিআইপিৰ লগতো থাকিব পাৰে। কনভয়ৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰাতো অসাধাৰণ কথা নহয়। গতিকে আমাৰ কথাটো হৈছে চৰকাৰ-প্ৰশাসনে কনভয়ৰ বাহনবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে।’- নিহত ৰূপমৰ আত্মীয়গৰাকীয়ে এটি নিউজ পৰ্টেলৰ সাংবাদিকৰ আগত এইদৰে কয়।

আত্মীয়গৰাকীয়ে জনোৱামতে দুৰ্ঘটনাটোৰ বিষয়ে জানিব পৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ লগতে দুখ প্ৰকাশো কৰিছে। সমগ্ৰ ঘটনাটোক লৈ তদন্তৰ ব্যৱস্থা কৰাৰ লগতে আইনী ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে সহায়ৰ আশ্বাস দিয়া বুলিও জনাই আত্মীয়গৰাকীয়ে। 'মন্ত্ৰীয়ে ঘটনাটোক লৈ দুখ প্ৰকাশ কৰিছে। আমিও ঘটনাটোক নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰি চাইছো। আমি আইনৰ সহায় লৈ আগবাঢ়ি যাম।’- আত্মীয়গৰাকীয়ে কয়। অৱশ্যে এই প্ৰতিবেদন যুগুত কৰালৈকে মন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ দুৰ্ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই।

সাংবাদিক-সম্পাদকে কি কয়?

সৰু দুৰ্ঘটনা এটা সংঘটিত হ’লেই গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰা ৰাজ্যখনৰ প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানে এই দুৰ্ঘটনাটোক লৈ নীৰৱতা অৱলম্বন কৰাত ক্ষোভিত হৈ পৰা দেখা গৈছে অধিকাংশ নেটিজেনক। মূল সুঁতিৰ সংবাদ মাধ্যমৰ নীৰৱতাৰ পৰিপ্ৰেক্ষিতত ঘটনাটোৱে ছ’চিয়েল মিডিয়াযোগে সমগ্ৰ অসমতে বিয়পি পৰে। এই সময়ছোৱাতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে দুটাকৈ নিউজ চেনেলৰ ল’গযুক্ত প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিডিঅ’ ক্লিপ। এই চেনেল দুটা হৈছে প্ৰাগ নিউজ আৰু এনকে টিভি। ঘটনা সংঘটিত হোৱাৰ পিছতে চেনেল দুটাৰ সাংবাদিকে উক্ত স্থানলৈ আহি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য গ্ৰহণ কৰিছিল। কিন্তু আচৰিত ধৰণে উক্ত চেনেল দুটাত মন্ত্ৰী পীয়ুষ হাজৰিকা কিয়া কাৰ্ণিভেল বাহনৰ কথা উল্লেখ থকা বাবেই সেই ভাষ্য গুৰুত্বসহকাৰে সম্প্ৰচাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

সাংবাদিকৰ আগত দুৰ্ঘটনাৰ নিশা ভাষ্য দি থকা মুহূৰ্তত প্ৰত্যক্ষদৰ্শী।
নিউজ চেনেলত সম্পূৰ্ণকৈ সম্প্ৰচাৰিত নোহোৱা এই ভাষ্য অসম্পাদিত
ৰূপত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোঃ স্ক্ৰীণশ্বট

এনে অভিযোগৰ মাজতে দেশৰ আগশাৰীৰ মিডিয়া ৱাচ্ছ সংস্থা 'নিউজলন্ড্ৰী’-এ উক্ত চেনেল দুটাৰ মুখ্য সম্পাদকৰ মন্তব্য সহকাৰে এক প্ৰতিবেদন প্ৰকাশ কৰা দেখা গৈছে। এই প্ৰতিবেদন উল্লেখ কৰা অনুযায়ী বাতৰিটো গুৰুত্বসহকাৰে প্ৰকাশ নোপোৱা সন্দৰ্ভত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয় যে 'কমিউনিকেশ্যন গেপ’ৰ বাবেই এনে হ’বলৈ পালে। 

'মই ঘটনাটো সম্পৰ্কে ভালকৈ অৱগত নাছিলো। আমাৰ টীমটোৱে বিগত কিছুদিন ধৰি আন কিছুমান অনুষ্ঠান তথা বাতৰিক লৈ ব্যস্ত হৈ আছে। মই এই ঘটনাটো ডিজিপিৰ টুইটটো চোৱাৰ পিছতহে ভালকৈ গম পাইছো। এতিয়া আমি বাতৰিটো কৰিছো।’- 'নিউজলন্ড্ৰী’ৰ আগত এইদৰে কয় ৰাজগুৰুৱে। তেওঁৰ প্ৰতিষ্ঠানটোৰ সাংবাদিকে উক্ত দিনা নিশাই ঘটনাস্থলীলৈ গৈ সংগ্ৰহ কৰা প্ৰত্যক্ষদৰ্শীৰ ভাষ্য ভাইৰেল হৈ পৰাৰ কথাটো উল্লেখ কৰাত সেই সম্পৰ্কে মন্তব্য কৰাৰ বিৰত থাকে বুলিও 'নিউজলন্ড্ৰী’ৰ প্ৰতিবেদনত কোৱা হৈছে।

সেইদিনা ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰা আনটো নিউজ চেনেল এনকেটিভি আৰু বাতৰি কাকত আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ গোস্বামীৰ সৈতেও যোগাযোগ কৰে 'নিউজলন্ড্ৰী’য়ে। এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে 'নিউজলন্ড্ৰী’ৰ আগত কয় যে তেওঁৰ চেনেল আৰু বাতৰি কাকতে সাধাৰণতে আৰক্ষীৰ গোচৰ বা বিশ্বাসযোগ্য প্ৰত্যক্ষদৰ্শী নাথাকিলে 'স্পৰ্শকাতৰ বাতৰি’ প্ৰকাশ নকৰে। 'কিন্তু চৰ্চা চলি থকা দুৰ্ঘটনাটোৰ বাতৰিটো প্ৰকাশ হোৱা নাই বুলি উত্থাপিত অভিযোগ ভিত্তিহীন, কিয়নো গোচৰ ৰুজু হোৱাৰ পূৰ্বেই আমি সেয়া সম্প্ৰচাৰ কৰিছো। অৱশ্যে আন সংবাদ সংস্থাসমূহে সেয়া প্ৰকাশ কৰিছে নে নাই সেই সম্পৰ্কে মই নাজানো।’- গোস্বামীয়ে কয়।

তেওঁ আৰু কয়, 'আজিকালি সংবাদ মাধ্যমক দোষাৰোপ কৰাতো এক ট্ৰেণ্ডত পৰিণত হৈছে। ভুক্তভোগীৰ পৰিয়াল অথবা আৰক্ষীয়ে এজাহাৰ দাখিল কৰা উচিত আৰু বাতৰি প্ৰকাশ পোৱাৰ পিছত সেয়া তেওঁলোকে কৰিছে। নহ’লে এজাহাৰ নিদিলে যদি পৰিয়ালে ভিআইপিৰ কনভয়ে দুৰ্ঘটনা সংঘটিত কৰাৰ কথাটো পিছত অস্বীকাৰ কৰি দিয়ে তেতিয়া আদালত আমাৰ হৈ কোনে মাত মাতিব?’

গোস্বামীয়ে 'নিউজলন্ড্ৰী’ৰ আগত আৰু কয় যে বৰ্তমান দেশত 'সংবাদমাধ্যমৰ স্বাধীনতা’ (freedom of press) বুলি কোনোধৰণৰ স্বাধীনতা নাই, যি স্বাধীনতা আছে সেয়া হৈছে 'মালিকৰ স্বাধীনতা’ (freedom of owners)। তেওঁ লগতে এইবুলিও কয় যে কেইমাহমান আগতে অসম চৰকাৰে আমাৰ অসম কাকতৰ বিজ্ঞাপন বন্ধ কৰি দিছিল। 'সেইসময়ত কিয় কোনেও সহায় কৰিবলৈ বা ক্ৰাউডফাণ্ডিং কৰিবলৈ আগবাঢ়ি অহা নাছিল?’-গোস্বামীৰ প্ৰশ্ন।

উল্লেখ্য যে দুৰ্ঘটনাটোক লৈ ডিজিটেল সংবাদ প্ৰতিষ্ঠান 'দ্য ক্ৰছকাৰেণ্ট’, নিউজ নাও আৰু নৰ্থইষ্ট নাওত বাতৰি প্ৰকাশ পাইছিল। একেদৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যখনৰ আগশাৰীৰ দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিনতো বাতৰিটো ভিতৰৰ পৃষ্ঠাত সৰুকৈ প্ৰকাশ পোৱা দেখা গৈছিল। 

(এইখিনিতে সদাশয় পঢ়ুৱৈসকলৰ বহুতেই প্ৰশ্ন কৰিব পাৰে যে 'বেলেগৰ কথা কৈ যে আছ, তহঁতৰ চেনেলটোত এইটো প্ৰচাৰ কৰিছ নে নাই’? ইয়াৰ উত্তৰত আমি ইয়াকে কওঁ যে নিউজ নেক্সট ওৱানে ব্ৰেকিং নিউজ প্ৰকাশ নকৰে, বিতং বাতৰি আৰু বিশ্লেষণহে প্ৰকাশ কৰে। নিউজ নেক্সট ওৱান হৈছে পঢ়ুৱৈসকলে দিয়া ক্ৰাউডফাণ্ডিঙৰ এটকা-দুটকাৰে চলি থকা নিউজ ৱেবছাইট। গতিকে আৰ্থিকভাৱে আমি তেনেই দুৰ্বল হৈ আছো বাবে প্ৰতিটো বাতৰি লগে লগে বিশ্লেষণ কৰিবলৈ আমাৰ মেন পাৱাৰ বা আন সুবিধাসমূহো তেনেই সীমিত।) 

বাতৰি মেনেজৰ চেষ্টা

প্ৰভাৱশালী মন্ত্ৰীৰ কনভয়ৰ দুৰ্ঘটনাৰ বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ নোপোৱা বিষয়টোৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া বাতৰি মেনেজৰ চেষ্টা চলা বুলিও চৰ্চা চলা দেখা গৈছে। নাম প্ৰকাশত অনিচ্ছুক ৰাজ্যখনৰ আগশাৰীৰ নিউজ চেনেল এটাৰ এগৰাকী সাংবাদিকে কয়, 'মই মাজতে এটা নিউজ কৰিছিলো। নিউজটো বাজিও গৈছিল। কিন্তু অলপ পিছতে সেইটো আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ পৰা ডিলিট কৰি দিয়ে। মালিকলৈ আৰু এডিটৰলৈ ওপৰৰ পৰা ফোন আহি গৈছিল। গতিকে আমিনো কি কৰিব পাৰো?’

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেবাগৰাকীও মন্ত্ৰীয়ে সময়ে সময়ে সাংবাদিকসকলক উপলুঙা কৰি অহা ঘটনা প্ৰায়েই সূলভ হৈ পৰিছে। একেদৰে মালিক তথা সম্পাদক পৰ্যায়ৰ জ্যেষ্ঠ সংবাদিকসকলেও চৰকাৰৰ সৈতে মিলি থকা বুলিও অভিযোগ উত্থাপিত হৈ আহিছে। 

যোৱা ৭ মাৰ্চতো এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এজন সাংবাদিক উপলুঙা কৰা দেখা গৈছিল। সংবাদমেলত প্ৰশ্ন কৰা বাবেই মালিকৰ পৰা দৰমহা লৈ মালিকৰ কথা নাভাবিলে কেনেকৈ হ’ব বুলি সাংবাদিকগৰাকীক কৈছিল মুখ্যমন্ত্ৰীয়ে। এনেদৰেই এতিয়া চৰকাৰৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিলেই জনসংযোগৰ বিজ্ঞাপন বন্ধ কৰি দিয়াৰ লগতে মালিকসকলৰ আন ব্যৱসায় আদিতো চৰকাৰে বাধা দিয়াৰ পৰিপ্ৰেক্ষিততেই সংবাদ প্ৰতিষ্ঠানসমূহে ভিতৰি ভিতৰি চৰকাৰৰ মতেই পৰিচালিত হৈ অহা বুলিও সংবাদ মাধ্যমৰ সৈতে জড়িত ভিন্নজনে দাবী কৰা দেখা গৈছে।

ঘটনা সংঘটিত হোৱাৰ পিছতে আগশাৰীৰ অসমীয়া দৈনিক 'অসমীয়া প্ৰতিদিন'ত প্ৰকাশিত বাতৰিটো

‘কোই ৰাজা মহাৰাজা আয়া হ্যায় ক্যা?’  

মন্ত্ৰীৰ কনভয়ে এনেদৰে এজন যুৱকক হত্যা কৰাৰ পিছতে এতিয়া নেটিজেনে মনত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুবছৰ পূৰ্বৰ এক ঘটনা। নগাঁও ভ্ৰমণৰ সময়ত তেওঁৰ কনভয় পাৰ কৰাবলৈ জিলা প্ৰশাসনে আন যাত্ৰীক পথৰ দাঁতিত ৰখাই থোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছিল মুখ্যমন্ত্ৰী শৰ্মা। নগাঁৱৰ তেতিয়াৰ উপায়ুক্ত নিসৰ্গ হিৱাৰেক কাষলৈ মাতি আনি অন কেমেৰা ধমক দি মুখ্যমন্ত্ৰীয়ে জাহিৰ কৰিছিল যে তেওঁ কিমান জনদৰদী। 

১৫ জানুৱাৰী, ২০২২। চৰকাৰী কাৰ্যসূচীৰে নগাঁও ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই সময়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁৰ কনভয়ৰ বাবে প্ৰায় ১৫ মিনিট সময় ৰখাই থোৱা হৈছিল সাধাৰণ যাত্ৰীক। এই দৃশ্য প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা হৈ পৰা মুখ্যমন্ত্ৰীয়ে মতাই আনে জিলা উপায়ুক্ত নিসৰ্গক। তেওঁ কয়, “আৰে ডিচি চাহাব য়ে ক্যা নাটক হ্যে, কিউ গাড়ী ৰুকৱায়ে হ্যে? কোয়ি ৰাজা মহাৰাজা আ ৰহা হ্যে ক্যা? ধেইত, এইচা মত কৰো আগে।” 

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল, "মোৰ ভ্ৰমণৰ সময়ত মানুহৰ বাবে অসুবিধাৰ সৃষ্টি নকৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়াৰ পিছতো মোৰ বাবে যান-বাহন ৰখাই থোৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক ধমক দিলোঁ। ১৫ মিনিটতকৈও অধিক সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছিল, ইয়াৰ মাজত এম্বুলেন্সও আছিল। এই ভিআইপি সংস্কৃতি আজিৰ অসমত গ্ৰহণযোগ্য নহয়।"

অন কেমেৰা মুখ্যমন্ত্ৰীয়ে ডিচিক ধমক দি, ভিআইপি সংস্কৃতিৰ বিৰোধিতা কৰি ক্ষন্তেকীয়া বাহ বাহ বুটলিবলৈ সক্ষম হ’লেও প্ৰকৃততে জানো নোহোৱা হৈ পৰিছে ভিআইপি সংস্কৃতি? খানাপাৰাত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যুৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যোৰহাটৰো এটা ভিডিঅ’, য’ত কোনো মন্ত্ৰীৰ কনভয় পাৰ কৰাবলৈ সাধাৰণ যাত্ৰীক ৰখাই থোৱা দেখা গৈছে।

যোৰহাটৰ সেই ভিডিঅ’টোত দেখা গৈছে- মন্ত্ৰীৰ কনভয়ৰ বাবে ৰখাই থোৱা হৈছে এখন এম্বুলেন্সও। এগৰাকী আৰক্ষীয়ে চিগনেল দি কোনো এগৰাকী মন্ত্ৰীৰ কনভয় পাৰ কৰাই আছে আৰু পথৰ সিটো মূৰে আন আন যান-বাহনৰ সৈতে ৰৈ আছে এম্বুলেন্সখন। এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ভিআইপি সংস্কৃতি বন্ধ কৰাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালতে এনে এক দৃশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে নেটিজেনে।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত উত্থাপন হোৱা প্ৰশ্ন আৰু প্ৰতিক্ৰিয়াৰ উত্তৰ দিবলৈ অৱশেষত ৰণাংগনত নামি পৰে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিং। সেই কনভয়ত থকা অজ্ঞাত মন্ত্ৰীৰ পক্ষ লৈ জিপি সিঙে জনালে যে সেই সময়ত কৰ্তব্য সম্পাদন কৰি ঘৰলৈহে উভতিছিল এম্বুলেন্স চালক চানমুল আলীয়ে। তেতিয়া এম্বুলেন্সত কোনো ৰোগী নাছিল। আওপকীয়াকৈ এম্বুলেন্সখনকে জগৰীয়া কৰি ৰোগী নথকা অৱস্থাত এম্বুলেন্সসমূহক ইমাৰজেন্সি লাইট নজ্বলাবলৈও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

কিন্তু এইখিনিতে এই প্ৰশ্নও উত্থাপন হৈছে যে মন্ত্ৰীৰ কনভয় পৰা কৰাৰ নামত ৰখাই থোৱাৰ সময়ত এই এম্বুলেন্সখনত ৰোগী আছিল নে নাই সেয়া নিশ্চিত কৰা হৈছিল নে নাই? কনভয়ৰে পাৰ হৈ যোৱা মন্ত্ৰীৰ পক্ষ লৈ এক্সত পোষ্ট কৰা আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কেতিয়া জানিব পাৰিলে যে ৰখাই থোৱা এম্বুলেন্সখনত ৰোগী নাছিল, ৰখাই থোৱাৰ আগত নে পিছত? নেটিজেনৰ এনে প্ৰশ্নই সন্দিহান কৰি তুলিছে সকলো বিষয়।

মন্ত্ৰী-বিষয়াৰ কনভয়, জনতাৰ বাবে বিষময়!

আইন সকলোৰে বাবে জানো সমান? শেহতীয়াকৈ এই প্ৰশ্ন বাৰাম্বাৰ উত্থাপন হৈ আহিছে। বিশেষকৈ সাধাৰণ জনতা আৰু শাসক পক্ষৰ বাবে আইন পৃথক পৃথক বুলি অভিযোগ কৰি আহিছে বিৰোধীয়ে। ২০২১ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত গাড়ীৰে মহতিয়াই ৫ জনকৈ কৃষকক হত্যা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰই। কিন্তু ইয়াৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হয়।

সমগ্ৰ দেশতে মন্ত্ৰী-বিধায়ক-সাংসদ আৰু চৰকাৰী বিষয়াৰ কনভয়ৰ খুন্দাত বহু লোকে প্ৰাণ হেৰুৱাই আহিছে। কিন্তু এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো অভিযুক্ত কৰা নহয় সেইসকল ক্ষমতাশালীক। অসমতো এনে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, য’ত মন্ত্ৰী আৰু সাংসদৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে নিৰীহ জনতাই। 

২০১৭ চনৰ ৫ ডিচেম্বৰত নগাঁও জিলাৰ ৰহাত তেতিয়াৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এগৰাকী মহিলাই। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে বতাহৰ গতিত অহা মন্ত্ৰীৰ কনভয়ৰ এখন বাহনে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱাইছিল মিনু দেৱী নামৰ মহিলাগৰাকীয়ে। এই দুৰ্ঘটনাত মন্ত্ৰী কেশৱ মহন্তৰ নিৰাপত্তাত নিয়োজিত ৫ জন আৰক্ষীও আহত হৈছিল।

২০২৩ৰ ২ জুলাইত নুমলীগড়ৰ দেওপাহাৰত বিপৰীত দিশৰ পৰা অহা এখন বাহনৰ সৈতে সংঘৰ্ষত পতিত হৈছিল মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন। এই দুৰ্ঘটনাত দুয়োখন বাহনৰে চালক গুৰুতৰভাৱে আহত হৈছিল। একে বছৰৰে ১৯ এপ্ৰিলত মাজুলীৰ বৰগুৰি তিনিআলিত অতিৰিক্ত জিলা উপায়ুক্তৰ কনভয়ৰ তীব্ৰবেগী বাহনৰ খুন্দাত এটি ১৪ বছৰীয়া কিশোৰৰ থিতাতে মৃত্যু ঘটাৰ লগতে আহত হৈছিল আন এটি কিশোৰ।

যোৱা বছৰৰ নৱেম্বৰত গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে যাত্ৰাৰ সময়তে জাগীৰোডত দুৰ্ঘটনাত পতিত হৈছিল বতাহৰ গতিৰে যোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন। বিপৰীত দিশৰ পৰা অহা এখন বাহনত প্ৰচণ্ড জোৰে খুন্দা মৰাত আহত হৈছিল ৩ জন লোক। 

নীতিন গাডকাৰীৰ সেই প্ৰতিশ্ৰুতি... নাথাকিব ছাইৰেণ

প্ৰায় এবছৰ পূৰ্বে ভিআইপি বাহনত লগোৱা ছাইৰেণ বন্ধ কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। এক নতুন নীতি প্ৰণয়ণ কৰি ভিআইপি বাহনৰ পৰম্পৰাগত চাইৰেণৰ ঠাইত বাঁহী, তবলা, শংখৰ দৰে মধুৰ ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰিছিল গাডকাৰীয়ে। তেওঁৰ এই প্ৰতিশ্ৰুতি ভিআইপি সংস্কৃতি বন্ধৰ বাবে নহ’লেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবেই এনে এক সিদ্ধান্ত লোৱা হৈছে।

স্বাভাৱিকতে ভিআইপি বাহনৰ বিকট চাইৰেণৰ শব্দই সদায় ব্যতিব্যস্ত কৰি আহিছে সাধাৰণ নাগৰিকক। এনে পৰিপ্ৰেক্ষিতত গাডকাৰীৰ সিদ্ধান্ত আদৰণীয় বুলিয়েই বিবেচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল, ''ধ্বনি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। মোৰ সৌভাগ্য যে ভিআইপিৰ বাহনৰ ৰঙা লাইট (বিকন) অন্ত পেলোৱাৰ মই সুযোগ পাইছো। এতিয়া, মই পৰিকল্পনা কৰিছো যে ভিআইপি বাহনৰ চাইৰেণৰ অন্ত পেলোৱা হওক। মই এনে এটা নীতি প্ৰস্তুত কৰিছো, য'ত চাইৰেণৰ বিকট শব্দৰ ঠাইত বাঁহী, তবলা, আৰু শংখৰ ধ্বনি ব্যৱহাৰ কৰা হ’ব। মই বিচাৰো যে মানুহে শব্দ প্ৰদূষণৰ পৰা মুক্ত হওক।"

এয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২৩ৰ আগষ্ট মাহত কৰা ঘোষণা। কিন্তু ৭ মাহ অতিক্ৰম কৰা এই প্ৰতিশ্ৰুতি এতিয়াও কাৰ্যকৰী হোৱা নাই। এতিয়াও ভিআইপি বাহনৰ সেই বিকট ছাইৰেণৰ শব্দই কঁপাই যায় ৰাজপথ। 

ফটোঃ নিউজলন্ড্ৰীত প্ৰকাশিত বিশেষ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট

চাইকেলত উঠি সংসদলৈ যায় প্ৰধানমন্ত্ৰী-মন্ত্ৰী...

ভাৰতৰ দৰে দেশৰ মন্ত্ৰী-সাংসদৰ কনভয়ৰ দীঘলীয়া শাৰীত অতীষ্ঠ সাধাৰণ জনতা। কিন্তু তাৰ পৰিৱৰ্তে বিশ্বত এনে বহু দেশও আছে, য’ত মুখত নহয়, বাস্তৱ ক্ষেত্ৰত ভিআইপি সংস্কৃতি বন্ধ কৰাৰ দিশত প্ৰয়াস চলা চকুত পৰে। তেনে এখন দেশেই হৈছে নেদাৰলেণ্ড। ১.৭ কোটি জনসংখ্যাৰ এই দেশখনত বিলাসী বাহনৰ কনভয়ত নহয়, বৰং চাইকেল চলাই নিতৌ সংসদ ভৱনলৈ অহা-যোৱা কৰে খোদ প্ৰধানমন্ত্ৰীয়ে।

দেশখনৰ প্ৰধানমন্ত্ৰীৰ নাম মাৰ্ক ৰুট। দামী মাৰ্চিডিজৰ পৰিৱৰ্তে চাইকেল চলাই ভালপোৱা প্ৰধানমন্ত্ৰী ৰুটে প্ৰায় ৭ বছৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীকো উপহাৰ হিচাপে প্ৰদান কৰিছিল এখন চাইকেল। ২০১৭ চনৰ জুন মাহত নৰেন্দ্ৰ মোদীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ প্রধানমন্ত্ৰীৰ সৈতে তাত চাইকেলো চলাইছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত এই কথা টুইটাৰত শ্বেয়াৰ কৰিছিল মোদীয়ে।

দৰাচলতে নেদাৰলেণ্ডত কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, আন আন সাংসদ আৰু জনপ্ৰতিনিধিয়েও অধিকবাৰ চাইকেলেৰেই অহা-যোৱা কৰে। চাইকেল অতি জনপ্ৰিয় বাহন নেদাৰেলণ্ডৰ সাধাৰণ জনতাৰ বাবেও। সেয়ে ৰাষ্ট্ৰখনৰ ৰাজপথত বেছিভাগেই দেখা পোৱা যায় চাইকেল। এই দেশত চাইকেলৰ বাবে সুকীয়া পথ আৰু বিশেষ নিয়মো আছে। পৰিৱেশক প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে ৰাজপথৰ যান-যঁট হ্ৰাস কৰাৰ বাবে চাইকেল নেদাৰলেণ্ডত ভ্ৰমণৰ এক জনপ্ৰিয় মাধ্যম।

আনহাতে সাধাৰণ নাগৰিকক চাইকেল চলোৱাৰ বাবে উৎসাহিতও কৰা হয় সৰু ৰাষ্ট্ৰখনত। বাতৰি অনুসৰি, নেদাৰলেণ্ডত চাইকেল চলাই অফিচলৈ অহা-যোৱা কৰ্মচাৰীক কোম্পানীয়ে ০.২২ ডলাৰৰ হাৰত অৰ্থাৎ প্ৰতি কিলোমিটাৰত প্ৰায় ১৮ টকাকৈ অতিৰিক্ত দৰমহাও প্ৰদান কৰা হয়। অৰ্থাৎ কাৰোবাৰ ঘৰ যদি তেওঁৰ অফিচৰ পৰা ৫ কিলোমিটাৰ দূৰত, তেন্তে দৈনিক চাইকেল চলাই অহা-যোৱা কৰাৰ বাবদ তেওঁ প্ৰতিদিনে ৯০ টকাকৈ লাভ কৰিব পাৰে।

নেদাৰলেণ্ডত চৰকাৰে বহু বছৰ ধৰি নিজৰ নাগৰিকসকলক চাইকেল চলাবলৈ প্ৰেৰণা আৰু উৎসাহিত কৰি আহিছে। ৰাষ্ট্ৰখনত পাৰ্কিং আৰু চাইকেলৰ নিৰাপত্তাৰ সৈতে পথত পৃথক পৃথক লেন নিৰ্মাণ কৰা হৈছে। চাইকেলেৰে কাৰ্যালয়লৈ যোৱাসকলক কৰ ৰেহাই দিয়াৰ ব্যৱস্থাও আছে। ইয়াৰ বাবে চৰকাৰে কোম্পানীসমূহক কৰ ৰেহাই দিয়াৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে।