গুৱাহাটীঃ ভাৰত এক হিন্দুৰাষ্ট্ৰ৷ এনেধৰণৰ মতৰ পোষকতা কৰা লোকৰ অভাৱ নাই এই দেশত৷ কিন্তু এই মতৰ পোষকতা কৰাৰ আঁৰত কাৰ কি অভিপ্ৰায় নিহিত হৈ থাকে তাৰ ঠিকনা নাই৷ হিন্দুত্ববাদক ৰাজনৈতিক শক্তিৰ অন্যতম হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ পন্থা এই দেশত সুলভ৷

মোহন ভাগৱত নতুবা প্ৰবীণ টোগাড়িয়াৰ দৰে নেতাই সময়ে সময়ে হিন্দু ৰাষ্ট্ৰ কথা কয় যদিও দেশৰ সাংবিধানিক পদবীধাৰীৰ সন্মুখত কোনো দিনে এই দাবী উত্থাপন কৰা নাই৷ দেশৰ ৰাষ্ট্ৰপতি নতুবা প্ৰধানমন্ত্ৰীক এখন হয়তো চিঠিও আজিলৈ লিখা নাছিল৷ পূৰ্বেও আৰএছএছ কি বিশ্ব হিন্দু পৰিষদৰ আদৰ্শৰ সৈতে মিল থকা বিজেপি দলে চৰকাৰো গঠন কৰিছে৷ 

বৰ্তমানেও তেনে আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত চৰকাৰ এখন চলি আছে, কিন্তু কাৰ্যক্ষেত্ৰত সাংবিধানিক নীতি-নিয়ম অৱজ্ঞা কৰা নাই কোনোৱে৷ মোহন ভাগৱত নতুবা প্ৰবীণ টোগাড়িয়াৰ দৰে নেতাই ৰাজহুৱা আৱেদন জনোৱা নাই পত্ৰ যোগে৷ কিন্তু মোহন ভাগৱত প্ৰবীণ টোগাড়িয়াৰ দৰে নেতাক প্ৰত্যাহ্বান জনাই দেশৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবী জনালে অসমৰ বিশ্বজিৎ নাথ নামৰ এজন লোকে৷ 

বিশ্বজিৎ নাথ নামৰ লোকজনে সোমবাৰে ই-মেইল আৰু ডাক যোগে ৫ পৃষ্ঠাৰ পত্ৰখনত মোগল শাসনৰ পূৰ্বে ভাৰত যে হিন্দু ৰাষ্ট্ৰ আছিল সেই কথা উল্লেখ কৰি দেশখনক পুনৰাই সেই সময়লৈ লৈ যোৱাৰ পোষকতা কৰিছে৷ তাৰবাবে শাস্ত্ৰৰ শ্লোকৰ পৰা আৰম্ভ কৰি বহুজনৰ মন্তব্যও সাঙুৰিছে নাথে৷  

পত্ৰ প্ৰেৰণ কৰাৰ পিছতে গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ বাসিন্দা বিশ্বজিৎ নাথে এটি ফেচবুক পোষ্ট দি কয় ‘‘মেঘনাদৰ দৰে ডাৱঁৰৰ আঁৰৰ পৰা কাড়ঁ মৰাৰ স্বভাৱ মোৰ নাই৷ অতীজৰে পৰাই হিন্দু ৰাষ্ট্ৰৰ পোষকতা কৰো বুলি মুকলিকৈ কৈ আহিছিলো৷ এই স্থিতিত আজিও মই অটল৷ সেয়ে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ অনুৰোধ জনাই আজি মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আনুষ্ঠানিকভাৱে ডাক আৰু ই-মেইল যোগে পত্ৰ প্ৰেৰণ কৰোঁ৷ প্ৰতিজন ভাৰতীয়ৰ বাবে হিন্দু ৰাষ্ট্ৰ জন্মস্বত্ব অধিকাৰ বুলি মই ভাবো৷ আশাকৰো প্ৰতিজন ভাৰতীয়ই এই আহ্বানত ঐক্যমত পোষণ কৰিব৷’’

  

প্ৰণিধানযোগ্য যে হিন্দুৰাষ্ট্ৰৰ মতবাদটোক লৈ বাদ-বিবাদৰো অন্ত নাই৷ সেয়া হ’বৰে কথা৷ ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি সংবিধানতে লিখা আছে৷ কিন্তু ইতিহাসৰ পৰা আৰম্ভ কৰি সমসাময়িক পৰিস্থিতিৰ দোহাই দি বহুসময়ত বহুজনে ৰাজহুৱাকৈ হিন্দুৰাষ্ট্ৰৰ পোষকতা কৰি বিবাদৰ কেন্দ্ৰবিন্দু হোৱাৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ পৰা কোনোৱে যদি প্ৰচাৰ লাভ কৰিছে, কোনোৱে আকৌ ৰাজনৈতিক দিশত লাভান্বিত হৈছে৷  

ভাৰতত থকা প্ৰতিজন মানুহ হিন্দু আৰু হিন্দু ধৰ্ম এটা সংস্কৃতি বুলি ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি খ্যাতিপিয়াসী লোকে মত পোষণ কৰা দেখা যায়৷ বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মহামিলনত গঢ় লৈ উঠা ভাৰতীয় সংস্কৃতিক নস্যাৎ কৰি হিন্দুত্বই সৰ্বেসৰ্বা বুলি কোৱা সততে পৰিলক্ষিত হয়৷ কিন্তু এনে বিতৰ্কৰো এটা পেটাৰ্ণ আছে৷ কেৱল ৰাজনৈতিক দলৰ নেতা তথা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা একাংশ সংগঠনৰ নেতাই নহয়, লাইমলাইটলৈ আহিব বিচৰা বহুতেই ছ’চিয়েল মিডিয়াৰ যোগেদি হ’ব খোজে তৰ্ক-বিতৰ্কৰ কেন্দ্ৰবিন্দু৷  

ইফালে যদি বাক স্বাধীনতা আছে, আনফালে আছে ৰিজনেবল ৰেষ্ট্ৰিকছনচ্৷ বাক স্বাধীনতাৰ অপব্যৱহাৰ এতিয়া ভাৰতত নতুন কথা নহয়৷ সংবিধানক চেৰাই যোৱাধৰণৰো কথা ভাৰতীয় লোকৰ জিভাতে চল পায়৷ সেই গণ্ডীৰ মাজত সোমালে ভাৰত আক্ষৰিক অর্থতহে এখন ধৰ্মনিৰপেক্ষ দেশ হৈ থকা যেন অনুমান হয়৷  

কিন্তু শেহতীয়াকৈ হিন্দু ৰাষ্ট্ৰ ধাৰণা আৰু হিন্দুত্ববাদ কেৱল মুষ্টিমেয় মানুহৰ বাবে এক ৰাজনৈতিক হাথিয়াৰ হৈ পৰা দেখা যায়৷ কিন্তু দেশৰ অধিকাংশ লোকে তেনে ধাৰণাক হয়তো আজিলৈ বিশ্বাস নকৰে৷ কিয়নো দেশ স্বাধীন হোৱাৰ পিছত দেশৰ নাগৰিকে হিন্দু ৰাষ্ট্ৰৰ দাবীত গণ আন্দোলন কৰা পৰিলক্ষিত হোৱা নাই৷ ৰাজপথত দেশৰ অধিকাংশ লোকে হিন্দু ৰাষ্ট্ৰ বিচাৰি প্ৰতিবাদ কৰা নাই৷ 

সময়ে সময়ে একাংশ ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত পালিত সংগঠনৰ নেতাইহে ছেগা-চোৰাগাকৈ সভাই সমিতিয়ে তেনে মন্তব্য কৰে যদিও তাক লৈ বিতৰ্কৰ সূচনা হোৱাটো অৱধাৰিত৷ মুঠৰ ওপৰত দেশৰ সংবিধানক সন্মান জনাই নাগৰিকে সংবিধানে দেখুওৱা বাটেৰে আগবাঢ়ে৷ বিশেষকৈ হিন্দু ৰাষ্ট্ৰ ধাৰণাৰ সৈতে আৰএছএছ নতুবা বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনৰ নেতাই সময়ে সময়ে হিন্দু ৰাষ্ট্ৰ ধাৰণাৰ কথা উল্লেখ কৰে৷