নতুন দিল্লীঃ উচ্চ ন্যায়ালয়ে আজি চাৰিজনকৈ ন্যায়াধীশক নিযুক্তি দিয়া হয়৷ কলেজিয়ামৰ বাছনি অনুসৰি চৰকাৰে শীৰ্ষ আদালতত ক্ৰমে হেমন্ত গুপ্তা, অজয় ৰস্তোগী, এম আৰ শ্বাহ আৰু সুভাষ ৰেড্ডীক ন্যায়াধীশৰ পদত নিযুক্তি দিয়ে৷

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ পদৰ সংখ্যা ৩১ টা। আজিৰ নিযুক্তিৰ পাছত শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পায়৷ ৩ টা পদ এতিয়াও খালী আছে। 

ন্যায়াধীশ হেমন্ত গুপ্তাই ১৯৮০ চনত জীৱনৰ প্ৰথম উকালতি আৰম্ভ কৰে। তেওঁ শ্রম আইন, কোম্পানী আইন, সাংবিধানিক বিষয়ত বিশেষজ্ঞ। তাৰ পাছতেই ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ পাটনা উচ্চ ন্যায়াললৈ বদলি হোৱাৰ লগতে একে বৰ্ষৰ অক্টোবৰ মাহতেই ভাৰপ্ৰাপ্ত প্ৰধান বিচাৰক পদত নিযুক্ত হৈছিল৷ 

২০০২ চনৰ ডিচেম্বৰ মাহত অন্ধ্ৰ প্ৰদেশত উকালতি আৰম্ভ কৰা সুভাষ ৰেড্ডী তেলেংগানা আছিল।

পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিছিল মুকেশ কুমাৰ ৰাচিকভাই শ্বাহে। 

আনহাতে ২০১৪ বৰ্ষৰ ছেপ্টেম্বৰত ৰাজস্থান উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাম কৰি ২০১৮ বৰ্ষৰ মাৰ্চ মাহত ৰস্তোগীয়ে ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷