কাকপথাৰঃ হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাকত অব্যাহত আছে প্ৰতিবাদ৷ জাতি ধ্বংসী বিধেয়ক খনৰ বিৰূদ্ধে স্বতস্ফুৰ্ত ভাৱে বিৰোধ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ উলাই আহে শ শ ৰাইজ৷
যিকোনো বিনিময়ত এই বিধেয়ক গৃহিত হ’বলৈ দিয়া নহব বুলি প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে৷ প্ৰতিবাদী জনতাই বিজেপি গ’বেক, অসম চৰকাৰ হায় হাঁয়,কেন্দ্ৰীয় চৰকাৰ হাঁয় হাঁয়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ,নৰেন্দ্ৰ মোদী হুচিয়াৰ,অসম চৰকাৰ মিছলীয়া আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ অনাগত সময়ত ইয়াতকৈ জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।