ছাজাহান ছেলিম কুৰেছি, ৰঙাপৰাঃ নামনিমুৱা মুৰ্কুংচেলেং-কামাখ্যা লাচিত এক্সপ্ৰেছত কালি এজন সুৰাসক্ত যুৱকে এগৰাকী যুৱতীক ধৰ্ষনৰ অপচেষ্টা চলাই আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ ভাৰপাপ্ত বিষয়া হেমচন্দ্ৰ বড়োৱে সংবাদ মাধ্যমৰ আগত দিয়া তথ্য মতে নামনিমুৱা লাচিত এক্সপ্ৰেছত হেলেমৰ ওচৰত নিশা ১২ মান বজাত বিহাৰৰ নিৱাসী অমৰেন্দ্ৰ মিশ্ৰৰ পুতেক বীবেক কুমাৰ মিশ্ৰই(২৭) সুৰাৰ ৰাগীত মত্ত হৈ গুৱাহাটী অভিমুখে গৈ থকা নিদ্ৰাত মগ্ন যুৱতী এগৰাকীক আন্ধাৰৰ সুযোগ লৈ ধৰ্ষনৰ অপচেষ্টা চলায়।

যুৱকজনে যুৱতী গৰাকীৰ স্পৰ্শকাতৰ স্থানত হাত দিয়াত যুৱতী গৰাকী সাৰ পাই চিঞৰ বাখৰ আৰম্ভ কৰাত যুৱকজনে যুৱতী গৰাকীৰ ডিঙিত আঘাত কৰি পলায়ন কৰিব চেষ্টা কৰে যদিও ৰে’লত থকা যাত্ৰী সকলে যুৱকজনক ধৰিবলৈ সক্ষম হয়।

পাছত যুৱকজনক উপস্থিত যাত্ৰী সকলে ৰঙাপৰা ৰে’লৱে আৰক্ষীক চমজাই দিয়ে৷ ইপিনে ৰঙাপৰা ৰে’ল আৰক্ষীয়ে আটক কৰা যুৱকজন সেনাৰ জোৱান বুলি জানিব পাৰিছে লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কে ভাৰতীয় দণ্ডবিধীৰ নম্বৰৰ ৬/২০১৯ u/s ৩৫৪/৩২৬ এক গোচৰ ৰুজু কৰি অভিযুক্তক ন্যায়ালয়লৈ প্ৰেৰণ কৰে।