ডিজিটেল ডেস্কঃ ২০১৪ চনৰ পৰা দেশৰ ৰাজনীতিত চৰ্চাত থকা মানুহ জনেই হ'ল প্রধানমন্ত্রী নৰেন্দ্র মোডী। বিজেপি দলৰ নেতা ৰাইজৰ সমানে প্ৰিয়।

দলৰ সকলোৰে প্ৰিয় বাবেই শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ সাজু হৈ থাকে নেতা-কৰ্মীয়ে।কন্তু বিহাৰ বিজেপিৰ এগৰাকী নেতাই সকলো সীমা চেৰাই গ'ল মোডীক সুৰক্ষা দিয়াৰ স্বাৰ্থত। মোডীৰ  বিৰুদ্ধে যিয়ে আঙুলি টোৱাই কথা কোৱা লোকৰ আঙুলি কাটি দিয়াৰ নিৰ্দেশ দিয়ে।

বিহাৰ বিজেপিৰ প্রধান নিত্যানন্দ ৰাইয়ে। সোমবাৰে এই নির্দেশ দিয়ে দলীয় নেতা-কৰ্মীক। মোডীৰ বিৰুদ্ধে যিয়ে আঙুলি বা হাত উঠাব তাৰে হাত কাটি দিয়াৰ বাবে দলীয় কর্মীক নির্দেশ দিলে বিজেপি নেতাগৰাকীয়ে। 

বিহাৰৰ উজিয়াৰপুৰ লোকসভাৰ সাংসদ নিত্যানন্দ ৰাইয়ে বৈশ্য আৰু কানু সম্প্রদায়ৰ এক অনুষ্ঠানত কয় 'যেতিয়া নৰেন্দ্ৰ মোডীক মাতৃয়ে খাবলৈ দিব পৰা নাছিল, তেতিয়া মাকে সেই অৱস্থা সহ্য কৰিব পৰা নাছিল আৰু মোডীও মাকৰ সেই অৱস্থা দেখি সহ্য কৰিব পৰা নাছিল। সেই অৱস্থাৰ পৰাই উঠি আহি আজি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছে'।

 প্রত্যেক নাগৰিকেই তেওঁৰ বাবে গর্ববোধ কৰা উচিত। আৰু সেই জন প্রধানমন্ত্রীৰ বিৰুদ্ধে যদি কোনোৱে আঙুলি নতুবা হাত উঠাই তেতিয়া হয়তো সেয়া ভাঙি দিবলৈও কুন্থাবোধ নকৰিব, প্ৰয়েজন হ’লে কাটিও পেলাব সেই হাত বুলিও কয়।