ডিজিটেল ডেস্কঃ দেশৰ সংবাদ মাধ্যমত উন্নয়ণ, দৰিদ্ৰৰ জীৱন ধাৰণৰ কথা, খাটিখোৱা মানুহৰ কথা আলোচনা নহ'লেও ৰাজ নেতাৰ জীৱন ধাৰণৰ আলোচনা বহুল ভাৱে হোৱা দেখা যায়।

শেহতীয়াকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন ধাৰণৰ খুব চৰ্চা হৈ আহিছে। দেশৰ প্ৰধানমন্ত্ৰী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত এটি সাক্ষাৎকাৰত কোৱা কথাও চৰ্চালৈ আহে।

 গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত এক সাক্ষাৎকাৰত কৈছিল তেওঁৰ সুঠাম শৰীৰ আৰু স্বাস্থ্যৰ ৰহস্যৰ বিষয়ে৷ হিমালয়ৰ পাহাৰত পোৱা বিৰল প্ৰজাতিৰ কাঠফুলা হেনো তেওঁক উজ্বল কৰি ৰাখিছিল। এই কাঠফুলা খালে সকলো ধৰণৰ বেমাৰৰ পৰাও হাত সাৰিব পাৰি৷

মোডীয়ে যি বিধ কাঠফুলাৰ কথা কৈছে সেইবিধৰ নাম ‘গুচ্চী’, এই বিধ কেৱল হিমালয়ৰ পাহাৰতহে উপলব্ধ৷ 
পিছে এইবিধ কাঠফুলাৰ কোনো উৎপাদন কৰিব নোৱাৰি ইয়াক কেৱল প্ৰাকৃতিক ভাবেই সংগ্ৰহ কৰিব পাৰি৷

উত্তৰাখণ্ড, হিমাচলপ্ৰদেশ  আৰু জম্মু কাশ্মীৰৰ ওখ পাহাৰৰ জংঘলত এই কাঠফুলা পোৱা যায়৷ বৰফ গলা আৰু বৰফ জমা হোৱাৰ মাজৰ প্ৰক্ৰিয়াটোত এই বিধ সংগ্ৰহ কৰিব পাৰি৷ 

যিহেতু এই বিধ কাঠফুলা একেবাৰেই বিৰল তথা সংগ্ৰহ কৰা কঠিন, সেয়েহে ইয়াৰ দাম বৃদ্ধি হৈ প্ৰতি কিলো ৩০ হাজাৰ টকা পৰ্যন্ত হৈছে৷