মঙলদৈঃ সকলো ক্ষেত্ৰতে অৱহেলিত হৈ আহিছে দৰংবাসী ৰাইজ। ৰেল সংযোগৰ নামত কেন্দ্ৰীয় চৰকাৰে আভুৱা ভৰি অহাৰ সময়তে এতিয়া দৰংবাসীৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে মঙলদৈৰ মাজেৰে যোৱা ১৫নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থা। 

বাইহাটা চাৰিআলিৰ পৰা দৰঙৰ দলগাঁৱলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটি ঠাই বিশেষে বিপদজনকভাৱে জহি-খহি গৈছে । যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুলোক।

ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে মঙ্লদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ জনতাই।

আনহাতে দৰং জিলাক ৰেলপথৰ মানচিত্ৰত সংযোগ কৰাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা ৰমেন ডেকাই আজিলৈকে সেয়া পূৰণ কৰিব নোৱাৰাক লৈও জিলাবাসীয়ে সময়ে সময়ে অসন্তুষ্টি ব্যক্ত কৰি আহিছে।এনে পৰিপ্ৰেক্ষিতত এতিয়া পৰিৰ্বতনকামী কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শীঘ্ৰে বিশষে ব্যৱস্থা গ্ৰহণ কৰালৈ বাট চাই ৰৈছে দৰং জিলাবাসীয়ে।