নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ বিভিন্ন স্থানত মৰণ ফান্দ সদৃশ গাঁতত পৰিণত হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ। জিলাখনৰ পশ্চিম প্ৰান্তৰ হাৱাজানৰ পৰা আৰম্ভ কৰি হাৰমতী পর্যন্ত প্রায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ।

সময়ে সময়ে এই প্ৰকাণ্ড গাঁতবোৰৰ বাবে বিভন্ন ধৰণৰ সমস্যাৰ লগতে বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে। কেইমাহমান পূৰ্বে সমান্যভাৱে মেৰামতি কৰা হৈছিল যদিও মেৰামতি অতিকৈ নিম্নমানৰ হোৱা বাবে এসপ্তাহৰ ভিতৰতে পুনৰ একেদৰে গাঁতৰ সৃষ্টি হয়।

উল্লেখ্য যে যোৱা কেইবাদিনো একেলেথাৰিয়ে হৈ থকা মুষলধাৰে বৰষুণৰ ফলত ধলপুৰ কেন্দ্ৰস্থলৰ প্ৰকাণ্ড গাঁত বোৰত পানী জমা হয়,  যাৰ ফলত যান-বাহন চলাচল কৰি থকা সময়ত সাধাৰণ পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গাঁতত জমা হোৱা পানী গাড়ীৰ চকাৰ পৰা ছিটিকি পথচাৰীৰ গাত পৰি কাপোৰ লেতেৰা কৰাৰ লগতে নিশাৰ ভাগত প্ৰকাণ্ড গাঁতত গাড়ীৰ চকা পৰি হোৱা বিকট শব্দই অঞ্চলবাসীৰ টোপনি হৰি আহিছে।

পৰিৱৰ্তনকামী চৰকাৰখনে এই ক্ষেত্ৰত নেদেখাৰ ভাও ধৰাৰ লগতে জিলা উপায়ুক্ত, বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষয়ো বিষয়টো  আওকান কৰি অহা পৰিলক্ষিত হৈছে। আনকি, যোৱা ৭ এপ্ৰিলত স্বয়ং অসমৰ মুখ্যমন্ত্রী গৰাকীয়েও জিলাখনৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছিল যদিও এই বিষয়ত কোনো মন্তব্য আগবঢ়োৱা দেখা নগ'ল।