ৰঙিয়াঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়েই ৰাজহুৱা খণ্ডৰ একালৰ অগ্ৰণী উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপ’লমিল কাৰ্যক্ষম কৰিবৰ বাবে ৯.৩৫ কোটি টকা ঘোষণা কৰিছিল৷ কিন্তু দুই বছৰ পাৰ হ’বৰ হ’ল যদিও তেনে ঘোষণা কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷

শেহতীয়াকৈ এনে ঘোষণাৰ বাবে জাঙুৰ খাই উঠিছে ৰঙিয়াৰ ৰাইজ৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ এপলমিল পুনৰ উজ্জীৱিত কৰাৰ দাবীত নিতৌ প্ৰতিবাদ কৰি আহিছে ৰাইজে৷ এপ’লমিল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ আছুৰ নেতৃত্বত এপ’লমিলৰ পুনৰ উজ্জীৱিত কৰাৰ দাবীত আছুৱে ভাৰত-ভূটান পথ অৱৰোধ-ধৰ্মঘট-বাইক ৰেলী আদিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

কিন্তু এইবাৰ প্ৰতিবাদত নামিব শাসকীয় দল অগপ৷ একালৰ সংগ্ৰামী নেতা অনন্ত ডেকাই অগপত যোগদান কৰাৰ পিছতেই কেইবাটাও ভাগত বিভক্ত ৰঙিয়া অগপৰ আটাইকেইটা গোট শেহতীয়াকৈ একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ উঠি-পৰি লাগিছে৷ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো, কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা, প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিব দলটোৱে৷ অগপৰ ৰঙিয়া জিলা সমিতি আৰু ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে যৌথভাৱে অহা ২৫ ফেব্ৰুৱাৰীত মিলটো পুনৰুজ্জীৱিত কৰাৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব৷

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰবাল বুজৰবৰুৱাই দলৰ সিদ্ধান্তৰ কথা অৱগত কৰি অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ আৰু এপ’ল মিল শ্ৰমিক সন্থাৰ সহযোগত প্ৰতিবাদ কৰা হ’ব বুলি কয়৷ কাৰ্যসূচীত অগপৰ কেন্দ্ৰীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰবাল বুজৰবৰুৱাই৷ ৰঙিয়াত দলৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত সাংগঠনিক বিষয়সমূহ আলোচনা কৰাৰ লগতে এপ’ল মিলৰ পুনৰুজ্জীৱিত কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়৷

দেৱেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, কেন্দ্ৰীয় নেতা লাচিত বৰদলৈ, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ৰঙিয়াৰ প্ৰাক্তন পৌৰ সভানেত্ৰী দৈৱকী বড়ো, দলৰ প্ৰাক্তন ৰঙিয়া জিলাৰ সভাপতি পংকজ লহকৰ, যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ডেকাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷ সভাত ৰঙিয়া-কমলপুৰ সমষ্টিৰ আঞ্চলিক সমিতিসমূহ শক্তিশালী কৰাৰ স্বাৰ্থত শীঘ্ৰেই একোখনকৈ কৰ্মীসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷