বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলত আজি পৃথকে পৃথকে সংঘটিত তিনিটা দুৰ্ঘটনাত দুটি কন্যা শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হয়।

প্ৰথমটো অঘটন সংঘটিত হয় সোণাইকোলা গাঁৱত। প্ৰাপ্ত বাতৰি মতে গাঁওখনৰ ময়েজউদ্দিন নামৰ লোকজনৰ আঢ়ৈবছৰীয়া কন্যাসন্তান মমিনা খাতুন এটি দ খাৱৈত পৰে। কৃষক ময়েজউদ্দিনে ইৰিধানৰ খেতিৰ বাবে অগভীৰ নলী-নাদৰ ব্যৱস্থা কৰিছিল আৰু তাৰ কাষতে থকা এটি খাৱৈত পৰি কৰুণ মৃত্যুক সাবটি লয় কণমাণিটিয়ে।

দ্বিতীয়টি ঘটনা সংঘটিত হয় মাণিকপুৰ বৰবিলা গাঁৱত। জানিব পৰা মতে, দুপৰীয়াৰ ভাগত  গাঁওখনৰ সঞ্জীৱ ৰায় নামৰ লোকজনৰ ৭ মহীয়া কন্যা ইস্মিতা ৰায়ক  বিচনাত শুৱাই থৈ মাক ৰন্ধনকাৰ্যত ব্যস্ত আছিল।  সেই সময়তে শিশুটি দুৰ্ঘটনাবশত: বিছনাৰ কাপোৰতে ফাঁচ লাগি ছটফটাবলৈ ধৰে। পিছত পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়ত ভৰ্তি  কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে তৃতীয়টো ঘটনা সংঘটিত হয় মাণিকপুৰৰ সমীপৰ কিচমৎ দ্বাৰিকাত। প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়া মতে, নিজৰ পশুধন কেইটি লৈ ঘৰলৈ ওভতাৰ পথত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই ভৱনাথ নাথ (৫০) নামৰ লোক জনক এ এছ ০১ জি চি ৭৬৪০ নম্বৰৰ তীব্ৰবেগী বলেৰ' পিকআপ ভান এখনে খুন্দা মাৰে। ফলত লোকজন থিতাতে নিহত হয়।

একেটা অঞ্চলতে এনেদৰে তিনিটাকৈ অঘটন সংঘটিত হোৱাত স্থানীয় লোকৰ মাজত শোকৰ ছাঁ পৰিছে।