ডিজিটেল ডেস্কঃ জঘন্য কৌশলেৰে ফিলিপাইনছত ৰক্তস্নান কৰিলে অজ্ঞাত সন্ত্ৰাসবাদীয়ে। দেশখনত এইবাৰ মৌলবাদীৰ চিকাৰ হল ৩৬ জনকৈ নিৰপৰাধী লোক।

জুৱাখেলত মতলীয়া হৈ থকাৰ পৰতে এইসকল পৰ্যটক জীৱন্তে অগ্নিদগ্ধ হল। লেটিন অমেৰিকাৰ দেশখনৰ এই ঘটনাই সমগ্ৰ বিশ্বকে সম্প্ৰতি কঁপাই তুলিছে। দুৰ্ভেদ্য নিৰাপত্তা বেষ্টনী ভেদ কৰি শুকুৰবাৰে পুৱতিনিশা ফিদাঁয়ে সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰে ৱৰ্ল্ড ৰিজৰ্ট নামৰ অতিথিশালাখনত।

সেইসময়ত ৰিজৰ্টত কেছিনো খেলত মতলীয়া হৈ আছিল সহস্ৰাধিক লোক। কৌশলেৰে অৱস্থান লোৱাৰ পিছত আত্মঘাতী কেডাৰে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীয়ে কেছিনোৰ মেজত অগ্নিসংযোগ কৰে।

ফলত থিতাতে ভস্মীভূত হয় অভিজাত অতিথিশালাখনৰ অৰ্ধেক অংশ। আনহাতে কলা ধোৱাই ছানি ধৰা ৰিজৰ্টৰ কোঠাত শ্বাসৰুদ্ধ হৈয়ো প্ৰাণ হেৰুৱায় একুৰি লোকে। এই ঘটনাত ৩৬ জনৰ মৃত্যু নিশ্চিত হৈছে।

আৰক্ষীৰ মতে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। আনহাতে নৰমেধৰ পিছতে আত্মহত্যা কৰা সন্ত্ৰাসবাদীৰ পৰিচয়ো এইপৰ্যন্ত অজ্ঞাত।