লিডুঃ তিনিচুকীয়া জিলাত যোৱা ৬ মাহৰ ভিতৰত বিদ্ৰোহীয়ে কেইবাটাওঁ অঘটন সংঘটিত কৰাৰ পিছৰে পৰা সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ সেনা-আৰক্ষীয়ে হত্যা, অপহৰণ, ডকাইতি, ধনদাবী কাণ্ডৰ সৈতে জড়িত লোকসকলক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে৷

বৃহস্পতিবাৰে নিশা লিডুৰ পাহাৰত অভিযান চলাই লিডু আৰক্ষী আৰু ১৪নং অসম ৰাইফলছে চাৰিজনকৈ কুখ্যাত অস্ত্ৰধাৰীক আটক কৰে৷ দলটোৰ পৰা আৰক্ষী আৰু সেনাই এটা পইন্ট ২২ পিষ্টল, তিনিটা মোবাইল হেণ্ডচেট, আৰু দুই ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু পাহাৰৰ মোলং গাঁৱৰ পৰা প্ৰদীপ বৰুৱা, ৰুপম ৰাজবংশী, মুন্না শ্বাহ আৰু দিগন্ত গগৈক আটক কৰিবলৈ সক্ষম হয়৷ সেনা-আৰক্ষীৰ যৌথ অভিযানত জালত পৰা চাৰিজনীয়া দলটোৱে ধনদাবী আৰু অস্ত্ৰৰ ব্যৱসায়ত জৰিত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ আনহাতে দলটো গাড়ী চুৰিৰ সৈতে জৰিত বুলি জানিব পৰা গৈছে৷