ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ দিনধৰি দেশত ন ন চমক দি আহিছে চৰকাৰে। হঠাতে পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট অচল বুলি ঘোষণা কৰি দিনদিয়েক পিছতে নতুন ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা গেৰুৱা চৰকাৰখনৰ পদক্ষেপক বহুতেই প্ৰশংসা কৰিছিল। তাৰ বিপৰীতে অমৰ্ত্য সেনৰ দৰে অৰ্থনীতিবিদে এই পদক্ষেপ হিতে বিপৰীত বুলি মন্তব্য কৰিছিল। কিন্তু বিশ্বজুৰি চৰ্চালৈ আহিছিল বিশাল দেশখনত প্ৰধানমন্ত্ৰীয়ে লোৱা এই সাহসী পদক্ষেপৰ কথা। 

কিন্তু নকৈ মূদ্ৰিত এই নোটবোৰত ক’ৰবাত যদি চিয়াহীৰে আখৰ নেদেখা নোট ওলাইছে, ক’ৰবাত আকৌ নোটৰ এটা ফালত মূদ্ৰণে হোৱা নাই। এইবাৰ মধ্য প্ৰদেশৰ এটিএমৰ পৰা ওলাইছে মহাত্মা গান্ধীৰ ছবি নথকা নোট৷

৪ খন গান্ধীৰ ছবিবিহীন ৫০০ টকীয়া নোট ওলাল এটিএমৰ পৰা৷ ষ্টেট বেংক অব ইণ্ডিয়াৰ এটিএমত সংঘটিত হয় এই ঘটনা৷ সোমবাৰে ৰাতি গ্ৰাহকে টকা উলিয়াব লওঁতেই এই নোট কেইখন এটিএমৰপৰা ওলায়৷ 

ৰাজ্যখনত আগতেও দুবাৰ এনে ঘটনা সংঘটিত হৈছে৷ পিছত গ্ৰাহকজনে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত ঘটনাৰ বিষয়ে  অভিযোগ দাখিল কৰে৷