নতুন দিল্লীঃ অশোভনীয় আচৰণৰ বাবে লোকসভাৰ পৰা বহিস্কৃত হ’ল ৬ কংগ্ৰেছ সাংসদ। ইয়াৰে দুগৰাকী হৈছে অসমৰ। বহিস্কৃত অসমৰ সাংসদ দুগৰাকী হৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ গৌৰৱ গগৈ আৰু শিলচৰৰ সুস্মিতা দেৱ। বাকী কেইগৰাকী সাংসদ হৈছে মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি বহৰমপুৰৰ সাংসদ অধীৰৰঞ্জন চৌধুৰী, কে সুৰেশ আৰু ৰাঘৱন আৰু ৰঞ্জিতা ৰঞ্জন। বিক্ষোভ প্ৰদৰ্শনৰ সময়ত কাগজ ফালি অধ্যক্ষৰ চকীৰ দিশে দলিয়াই দিয়াৰ বাবেই এই ৬ কংগ্ৰেছ সাংসদক সংসদৰ পৰা বাহিৰ কৰি দিয়ে অধ্যক্ষ সুমিত্ৰা মহাজনে।

উল্লেখ্য যে সংসদত এনেধৰণৰ অভব্য আচৰণ কোনো নতুন কথা নহয়। যি দলেই বিৰোধী পক্ষত থাকে সেই দলেই এনে আচৰণ কৰি আহিছে। কিন্তু সোমবাৰে এই ৬ সাংসদৰ আচৰণে চৰম মাত্ৰা পোৱা বুলি মন্তব্য কৰে অধ্যক্ষ মহাজনে। গো-হত্যাৰ গইনা লৈ গণ প্ৰহাৰ কৰা ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাক লৈ বিৰোধীসকলে প্ৰতিবাদ কৰাৰ সময়তে অধ্যক্ষই উক্ত সিদ্ধান্ত গ্ৰহণ কৰে। স্পীকাৰৰ এই সিদ্ধান্তৰ পিছতে বিৰোধী আন দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে কংগ্ৰেছে। অধিৱেশন বৰ্জন কৰিব নে নাই সেই লৈও গুণা-গথা চলিছে।

যিহেতু স্পীকাৰৰ সিদ্ধান্তৰ সমালোচনা কৰা নহয় সেয়ে কংগ্ৰেছে শাসকীয় পক্ষকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিৰোধীৰ অভিযোগ, যি সময়ত তেওঁলোকে প্ৰতিবাদ কৰি আছিল সেই সময়ত বিজেপি সাংসদ অনুৰাগ ঠাকুৰে মোবাইলেৰে সেয়া ৰেকৰ্ডিং কৰি আছিল। কিন্তু সাংসদ হিচাপে সেয়া তেওঁ কৰিব নোৱাৰে। সেয়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰত্ৰ প্ৰেৰণ কৰি কোৱা হৈছে, 'অনুৰাগে মোবাইলেৰে ৰেকৰ্ডিং কৰি আছিল। সেয়া তেওঁ কৰিব নোৱাৰে। গতিকে অনুৰাগৰ বিৰুদ্ধে সংসদে ব্যৱস্থা ল’ব নে নাই?’

শাস্তিপ্ৰাপ্ত সাংসদ সুস্মিতায়ো সেই একে দাবীকে উত্থাপন কৰিছে। কংগ্ৰেছ সাসংদৰ বিৰুদ্ধে এনে শাস্তিৰ ব্যৱস্থা লোৱাৰ পিছতে ছনিয়া গান্ধীয়েও একেটা ঠাইতে শাসক পক্ষক আঘাত হনাৰ চেষ্টা চলোৱা দেখা গৈছে। উল্লেখ্য যে ২৪ ঘণ্টা পূৰ্বে বিদায়ী ভাষণত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কৈছিল, 'সংসদত হৈ হাল্লা কৰি, অচল কৰি দি কোনো লাভ নহয়।’ কিন্তু বিদায়ী ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণলৈ কোনো গুৰুত্বই নিদিলে বিৰোধী পক্ষই। ইয়াৰ পৰিৱৰ্তে সকলোৱে প্ৰতিবাদী শ্লগান দিয়াহে পৰিলক্ষিত হয়।