newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ ডিমৌ ও-চু সন্থাৰ উদ্যোগত যোৱা ৮ জুনত ডিমৌ বহুমুখী ভৱনত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা ও-চু চেম্পিয়নশ্বিপ-২০১৮ যোগদান কৰা ৬ গৰাকী খেলুৱৈয়ে আগন্তুক অসম ৰাজ্যিক ও-চু চেম্পিয়নশ্বিপ খেলাৰ যোগ্যতা অৰ্জন কৰিছে। 

উল্লেখ্য যে, জিলাখনৰ শতাধিক খেলুৱৈয়ে অংশ গ্রহণ কৰা প্রতিযোগিতাত চিফু নৃপেন চেতিয়াৰ নেতৃত্বত যোগদান কৰা খেলুৱৈ কেইগৰাকীয়ে চাব জুনিয়ৰ শাখাত এথেনা চেতিয়াই ৩৭ কিলোগ্ৰাম, বৰষা ডেকাই ৩১ কিলোগ্ৰাম, বৰ্ণালী গগৈয়ে ২৪ কিলোগ্ৰামত সোণৰ পদক লাভ কৰাৰ বিপৰীতে বিশাল শইকীয়াই ৫৬ কিলোগ্ৰাম, প্ৰভাকৰ আৰন্ধৰাই ৪৬ কিলোগ্ৰাম, প্রস্তুতি ডেকাই ২৪ কিলোগ্ৰামত ৰূপৰ পদক লাভ কৰিছিল। 

বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ও-চু চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশ লৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা খেলুৱৈ কেইগৰাকীক ও-চু সন্থাৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠনে অভিনন্দন জ্ঞাপন কৰিছে।