গোৰেশ্বৰঃ শিক্ষা বিভাগৰ নিৰ্দেশত ৰাজ্যত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে বাধ্যতামূলক কৰিবলৈ যোজা চলি থকা D.EL.Ed ৰ ডিগ্ৰী প্ৰদানৰ নামত চলি থকা সমগ্ৰ প্ৰক্ৰিয়া চৰম ভেকোঁভাওনাত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ ৰাজ্যতে শিক্ষকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। ২০১৭ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনলাইন যোগে ৰাজ্যৰ শিক্ষা বিভাগে D.EL.Ed ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও আজিলৈ অধ্যয়ন কেন্দ্ৰৰ সমস্যাই আঁতৰ কৰিব পৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে।

ৰাজ্যৰ শিক্ষা বিভাগে D.EL.Edৰ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীক ডিগ্ৰী প্ৰদানৰ দায়িত্ব প্ৰদান কৰে নেচনেল ইন্সটিটিউট অৱ অপেন স্কুলিং চমুকৈ NSOSক। ফেব্ৰুৱাৰী মাহৰে পৰা ডিএলএডৰ অধ্যয়ন কেন্দ্ৰ সমূহত পাঠদান আৰম্ভ হ'ব লাগিছিল যদিও  NIOS নামৰ সংস্থাটোৱে আজিকোপতি ডিএলএডৰ আবেদনকাৰীসকলক অধ্যয়ন কেন্দ্ৰ সঠিক কৰি দিব পৰা নাই৷ যাৰ বাবে প্ৰশিক্ষাৰ্থীসকলে অনিশ্চয়তাত ভুগিব লগা হোৱাৰ লগতে মানসিক চাপ আৰু বোজা বহন কৰিব লগা হৈছে।

বাক্সা জিলাৰ গোৰেশ্বৰ, তামুলপুৰ, মহৰিপাৰা, নাওকাটা আৰু দৰং জিলাৰ আন্ধেৰীঘাট, হেঙালপাৰা, কামৰূপ জিলাৰ গাছবাৰী, ডিমু, কনিহা, ছয়গাঁও আদিৰে নহয় ৰাজ্যৰ প্ৰায় সমূহ ঠাইতে D.EL.Ed ৰ নামত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ মতে, ডিএলএডৰ বাবে আবেদন কৰা শিক্ষকসকলে নিজৰ অধ্যয়ন কেন্দ্ৰ শিক্ষানুষ্ঠানৰ পৰা বহু আঁতৰত হোৱাত অসুবিধাত পৰিছে।

প্ৰাপ্ত তথ্য মতে বাক্সা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰত কামৰূপ জিলাৰ বকো, ছয়গাঁও, ডিমু আদি স্থানৰ আৱেদনকাৰী, বাক্সা জিলাৰ তামুলপুৰ, কুমাৰীকাটাত, বাগানপাৰা আদিৰ অধ্যয়ন কেন্দ্ৰত গোৰেশ্বৰৰ আবেদনকাৰী, বাক্সা জিলাৰ নাওকাটাৰ আৱেদনকাৰী দৰং জিলাৰ খাৰুপেটীয়া, বড়বড়ী আদি অঞ্চল ঠাইত প্ৰায় ৪০-৫০ কিঃ মিঃ পথ অতিক্ৰম কৰি পাঠদান কৰিব লগা হৈছে৷  NIOSৰ বেৱচাইটত গোৰেশ্বৰ বাক্সা জিলাৰ পৰিবৰ্তে কামৰূপ জিলাত দেখুওৱা হৈছে।

নিজ বিদ্যালয়ৰ ডাক সূচাংকৰ অধীনত নিকটৱৰ্তী অধ্যয়ন কেন্দ্ৰত আবেদনকাৰীক পাঠগ্ৰহণৰ সুবিধা দিয়াৰ কথা আছিল যদিও অবিবেচক কাণ্ডৰ বাবে এতিয়া প্ৰশিক্ষাৰ্থীসকল উপায়বিহীন হৈ পৰিছে। ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি কম বেতন লাভ কৰি বিদ্যালয়ত পাঠদান কৰিব লগা হয়৷ তেনে শিক্ষক-শিক্ষয়িত্ৰী এতিয়া বিপাঙত পৰিছে। অধ্যয়ন কেন্দ্ৰ সমূহ সলনি কৰিবলৈ  NIOS আৱেদনকাৰীসকলক প্ৰথমে যিখন প্ৰ-পত্ৰ পূৰণৰ যোগেৰে সুবিধা দিছিল সেয়া আবেদনকাৰীৰ সংখ্যা মাত্ৰাধিক হোৱাত সমগ্ৰ প্ৰক্ৰিয়াটো বিফল হয়।

হেজাৰ-হেজাৰ আৱেদনৰ বোজা  NIOS ল'ব নোৱাৰি অধ্যয়ন কেন্দ্ৰ সলনি কৰাৰ প্ৰক্ৰিয়াকে বন্ধ কৰি দিয়ে। তাৰ পিছত মিচ্যুৱেল টেন্সফাৰ আৰু কেৱল পাঠগ্ৰহণৰ কেন্দ্ৰ সালসলনি কৰাৰ সুবিধা দিয়ে যদিও এই প্ৰক্ৰিয়াই কোনো গতি লাভ কৰা নাই। ইপিনে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি কৰা হৈছে যদিও কোনে ক'ত প্ৰ-পত্ৰ পূৰণ কৰি ক'ত পৰীক্ষাত বহিব তাৰ কোনো সবিশেষ উল্লেখ কৰা নাই।

এনে ক্ষেত্ৰত অধ্যয়ন কেন্দ্ৰ সলনি কৰিবলৈ বিদ্যালয়ৰ শ্ৰেণীকোঠা এৰি গুৱাহাটীৰ বামুনীমৈদামৰ NSOSৰ মাণ্ডলিক কাৰ্যালয়ৰ লগতে কাহিলীপাৰাৰ এছচিইআৰটিৰ কাৰ্যালয়লৈ তাঁত বাতি কাঢ়িবলগীয়া হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। ইপিনে বামুনীমৈদামৰ  NIOSৰ কাৰ্যালয়লৈ গৈও কোনো সুদুত্তৰ পোৱা নাই ডিএলএডৰ আবেদনকাৰীসকলে। আনকি নিজৰ পৰিচয় পত্ৰত নাম ভুল হৈ থকা বিয়ষতো কোনো উত্তৰ নাই কাৰ্যালয়টোৰ ওচৰত।

সেয়ে কেতিয়াবা এমাহৰ পিছত অহাৰ কথা কৈছে যদি কেতিয়াবা নাম সলনি নহ'ব বা পইচা লাগিব বুলি কৈ বিভ্ৰান্ত কৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলক। কাৰ্যালয়টোৱে বহু সময়ত কেৱল ছালে-বেৰে কোবোৱা কথাৰে গা এৰিবলৈ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে। কোনো বিষয়ৰে উত্তৰ দিব নোৱাৰি তেওঁলোকে কেৱল এইবোৰ দিল্লীৰ পৰা হ'ব বা হৈছে বুলি কৈ দায়িত্ব সামৰে। আনহাতে প্ৰশিক্ষাৰ্থীসকলে অধ্যয়ন কেন্দ্ৰৰ শ্ৰেণীত ৭৫ শতাংশ উপস্থিত থাকিবই লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে যদিও অধিকাংশ অধ্যয়ন কেন্দ্ৰত পাঠদানৰ কোনো ব্যৱস্থা নাই। যিসময়ত প্ৰথম ষান্মাসিকৰ পৰীক্ষা এপ্ৰিল-মে' মাহত অনুষ্ঠিত হোৱাৰ কথা কোৱা হৈছে সেইসময়ত অধ্যয়ন কেন্দ্ৰ নথকাৰ লগতে কোনো ধৰণৰ স্বচ্ছতা নথকাৰ বাবে ডিএলএড পাঠ্যক্ৰম এক প্ৰহসনত পৰিণত হৈছে৷

অধ্যয়নৰ সামগ্ৰী লাভৰ ক্ষেত্ৰতো অসুবিধাত পৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকল। ৱেৱচাইট যোগে প্ৰথম বৰ্ষৰ ৫০১, ৫০২ আৰু ৫০৩ নম্বৰ কিতাপখন উপলদ্ধ হৈছে যদিও তিনিওখন কিতাপ ডাউনলোড কৰি চপা কৰিবলৈ বহু টকা খৰচ ভৰিব লগা হোৱাত একাংশই বজাৰৰ পৰা পোৱা ডিএলএডৰ কিতাপ ক্ৰয় কৰিছে। কিন্তু ডি এল এডৰৰ পৰা জাৰি কৰা পাঠ্যক্ৰমৰ সৈতে বহু ক্ষেত্ৰত মিল নাই এই পাঠ্যপুথিৰ। অসমৰ প্ৰায় ৩৫ হাজাৰ প্ৰশিক্ষাৰ্থীয়ে অনলাইন যোগে ৪৫০০ টকাকৈ আদায় দি ডিএলএডৰ বাবে আৱেদন কৰিছিল। এনেদৰে শিক্ষা বিভাগে সংগ্ৰহ কৰিছিল প্ৰায় ১৫ কৌটি ৭৫ লাখ টকা।

কিন্তু আজিলৈ সময়মতে অধ্যয়ন কেন্দ্ৰ সমূহত যি সুবিধা প্ৰদান কৰিব লাগিছিল সেই সুবিধা প্ৰদান কৰিব নোৱাৰিলে৷ একাংশ অধ্যয়ন কেন্দ্ৰই প্ৰশিক্ষাৰ্থীসকলৰ পৰা পোন্ধৰ শ টকাৰ পৰা দুই হাজাৰ টকাকৈ সংগ্ৰহ কৰিবলৈ যো-জা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত ডিএলএড কৰিবলৈ সাজু হোৱা শিক্ষক-শিক্ষয়িত্ৰীৰ সমস্যাক শিক্ষা বিভাগে কিয় গুৰুত্ব প্ৰদান কৰা নাই সেয়া ৰহস্যৰ বিষয়। ঠিকাভিত্তিত শিক্ষক, টেট উত্তীৰ্ণই নিযুক্তি লাভ নকৰা শিক্ষক নতুবা বিদ্যালয় প্ৰাদেশিকীকৰণৰ বিষয়সমূহৰ দৰে এই বিষয়টোও সময়ত ভেঁকোভাওনাত পৰিণত হ'ব নেকি বুলি এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।