নগাঁও : সংবাদিক চিকিৎসা কল্যান আঁচনিৰ অধীনত শুকুৰবাৰে নগাঁৱত দুজন সাংবাদিকক চিকিৎসা সেৱা গ্ৰহণৰ আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয় ।

নগাঁও জিলা উপায়ুক্ত সভাকক্ষত আয়োজিত এক অনুষ্ঠানত চেক বিতৰণ কৰি জিলা উপায়ুক্ত যাদৱ শইকীয়াই অসম চৰকাৰে সাংবাদিকৰ কল্যাণৰ হকে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷

উপায়ুক্ত গৰাকীয়ে এই আঁচনিৰদ্বাৰা সাংবাদিকসকল কিছু পৰিমানে হ'লেও উপকৃত হ'ব বুলি উল্লেখ কৰি কয় যে সাংবাদিকসকলে চৰকাৰে গ্ৰহণ কৰা আঁচনি গ্ৰহণ কৰা উচিত৷ এই অনুষ্ঠানতেই প্ৰতিদিন টাইম আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ নগাঁৱস্থ সাংবাদিক ক্ৰমে বিৰেণ বৰাক ৫০,০০০ হাজাৰ আৰু ৰবিন্দ্ৰ সাহক ২৫,০০০ হাজাৰ টকাৰ চিকিৎসাৰ আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জিলা জনসংযোগ বিষয়া সমৰ কলিতাও সাংবাদিক চিকিৎসা কল্যান আঁচনিৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ সাংবাদিকসকলে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় ৷ উল্লেখ্য যে, নগাঁও জিলাত চলিত বিত্তীয় বৰ্ষত পাঁচজন সাংবাদিকে এই সুবিধা লাভ কৰিছে ৷