ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে উত্থাপিত হৈছে মেচ ফিক্সিঙৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত উপনীত হোৱাৰ অভিযোগ। দলটোৰ প্ৰাক্তন ক্ৰিকেটাৰ আমিৰ ছোহেলে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ৷

এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয় যে পাকিস্তানৰ দলটোৱে ফাইনেলত অৱতীৰ্ণ হোৱাৰ বাবে সুখী হোৱাৰ প্ৰয়োজন নাই। দলটোৱে খেলৰ কৌশলৰ বাবে নহয় দুই নম্বৰী পদ্ধতি অৱলম্বন কৰিহে ফাইনেল খেলাৰ সুযোগ পাইছে অভিযোগ কৰি এইদৰে কয় ছোহেলে৷

এই কাৰ্যৰ বাবে দলটো সমালোচনাৰ যোগ্য বুলি প্ৰাক্তন ক্ৰিকেটাৰজনে প্ৰকাশ কৰে৷ উল্লেখ্য যে ইংলেণ্ডক পৰাজিত কৰি এইবাৰ আইচিচি চেম্পিয়ন ট্ৰফীৰ ফাইনেলত উপনীত হৈছে পাকিস্তান৷

ইফালে ক্ৰিকেটাৰজনৰ এই ভাষ্যৰ পিছতেই পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পাকিস্তানৰ এজন ক্ৰিকেট অনুৰাগীয়ে টুইটাৰত আমীৰ চোহেলক তেওঁৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈকো দাবী জনায়৷

আনহাতে ভাৰততো চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে দলটোৰে প্ৰাক্তন ক্ৰিকেটাৰে উত্থাপন কৰা অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ভাৰতীয় দলৰ বহু অনুৰাগীয়ে পাক ক্ৰিকেট বৰ্ডৰ এনে কাৰ্যক ধিক্কাৰ জনাইছে। কথাটো সত্য নহ'লে চোহেলে এনেয়ে অভিযোগ নকৰিলেহেতেন বুলিও মন্তব্য কৰিছে বহু ভাৰতীয় অনুৰাগীয়ে।

চোহেলৰ এনে অভিযোগৰ মাজতে এতিয়া অহা ১৮ জুনত গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব ভাৰত-পাকিস্তান। হাই-ভল্টেজ মেচখনৰ পূৰ্বে পাক দলটোৰ বিৰুদ্ধে উত্থাপিত হোৱা এনে অভিযোগে চূড়ান্ত খেলখনক লৈ দুয়ো দলৰ সমৰ্থকসকলৰ মাজত উত্তেজনা অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।