বিহালীঃ যোৱা দুদিন ধৰি ছচিয়েল মিডিয়াত এগৰাকী ছাত্ৰ নেতাৰ বাল্য বিবাহৰ ঘটনা সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত আছে৷ একাংশ লোকে এগৰাকী ছাত্ৰনেতাই বাল্য বিবাহ কৰোৱাৰ কাৰ্যক ধিক্কাৰ দি ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷ এই অভিযোগ উত্থাপন হৈছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ এগৰাকী কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে৷ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিএমপি আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ পদ দখল কৰা আনাৰুল ইছলামৰ বিৰুদ্ধে৷

এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই আমছুৱে ঘটনাক গুৰুত্ব সহকাৰে লৈ জৰুৰী কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে সোমবাৰে পুৱা আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলামক সংগঠনৰ পৰা তৎক্ষানিক ভাৱে নিলম্বন কৰে। নেতাগৰকীৰ বিৰুদ্ধে বাল্যবিবাহ সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে৷ দুজনীয়া এক তদন্ত সমিতিও গঠন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে।

৭দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে সভাপতিগৰাকীয়ে। ইফালে বাল্য বিবাহ সম্পৰ্কে কাৰো ক্ষেত্ৰত আপোচ নকৰে বুলি আমছুৰ কেন্দ্ৰীয় সমিতিয়ে মত প্ৰকাশ কৰে৷ আমছুৱে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান সজাগতা চলাই থকাৰ সময়তে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিত আমছু নেতাৰ বিৰুদ্ধে ১৪ বছৰীয়া কিশোৰীক বিয়া কৰোৱাৰ অভিযোগ উত্থাপন হয়৷ লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ আমছু নেতাগৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া কৰােৱা বুলি অভিযোগ উত্থাপন হয়৷

পেচাত এজন অধিবক্তা তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিএমপি গাঁও পঞ্চায়তৰ সভাপতিৰ নাবালিকা কন্যা তথা সোণাপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে আমছু নেতাগৰাকীৰ বিয়া হৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে আমছুৰ বিএমপি আঞ্চলিক সমিতিয়ে আনাৰুলৰ বিৰুদ্ধে নাওবৈচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।