দিল্লীঃ মায়াৱতিৰ পিছত এইবাৰ ভোটিং মেচিনৰ বিশ্বাসযোগ্যতাক প্ৰশ্ন উত্থাপন কৰিছে কেজৰীৱালে৷ এইসম্পৰ্কে নিৰ্বাচনী আয়োগক অনুসন্ধান কৰিবলৈও আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। আজি দিল্লীত এক সংবাদমেলত কেজৰিৱালে পাঞ্জাৱ নিৰ্বাচনৰ ফলাফলত সন্দেহ প্ৰকাশ কৰে৷

বিজেপি দলৰ প্ৰবীণ নেতা এল কে আদবানীয়েও ভোটিং মেচিনৰ বিষয়টোত সন্দেহ প্ৰকাশ কৰিছে বুলি তেওঁ কয়। কেজৰিৱালে কয় যে এই নিৰ্বাচনত আম আদমী পাৰ্টিক বাধা দিয়াই বাকীবোৰ দলৰ উদ্দেশ্য আছিল৷ 'পাঞ্জাৱত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাছিল৷ কিন্তু আপৰ ভোট আকালী দলে লাভ কৰিলে ৷ আগত আপ জিকাতো প্ৰায় স্পষ্ট আছিল৷ কিন্তু নিৰ্বাচনৰ ফলাফলে চকিত কৰিছে সকলোকে৷’-এই ভাষ্য কেজৰিৱালৰ।

ভোটিং মেচিনত বিসংগতিৰ প্ৰমাণ হাতত থকা বুলিও উল্লেখ কৰে কেজৰিৱালে। তদুপৰি বহু ভোটাৰে আপত ভোট দিছিল কিন্তু সেইবোৰ গণনা কৰা নহ’ল বুলি অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰীজনে।