মঙলদৈঃ ৰাজ্যৰ বহু জাতীয়তাবাদী নেতাই ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ সময়তে দৰং জিলাৰ এগৰাকী প্ৰাক্তন আছু নেতাই আজি কেইবাহাজাৰ লোকৰ সন্মুখত অসম গণ পৰিষদত যোগদান কৰে।

দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত দৰঙৰ জনপ্ৰিয় নেতাগৰাকীয়ে অগপ দলত যোগদান কৰি সাধৰণ জনতাৰ লগত থাকি জাতিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

আছুৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি শৰৎ ডেকাই আনুষ্ঠানিকভাবে অগপ দলত যোগদান কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অগপ দলৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষন চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কমলা কলিতাৰ উপস্থিতিত।

আজি মঙলদৈ জিলা পুথিভৰাঁল প্ৰেক্ষাগৃহত অনুষ্ঠিত অগপৰ মধ্য মণ্ডলৰ এখন বিশাল জনসভাত অগপ দলৰ সভাপতি অতুল বৰাই অহা বছৰ অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত অগপই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে৷

বিজেপি দলৰ সৈতে মিত্ৰতা আছে যদিও পঞ্চায়ত নিৰ্বাচনত অগপই কোনো ধৰণৰ মিত্ৰতা নকৰে বুলিও কয়। আনহাতে ৰাজ্যৰ বিভিন্ন জিলাত ধানৰ সলনি পতান ওলোৱা বিষয়টো স্পষ্ট কৰি পতান ওলোৱা বীজ সমূহ চৰকাৰী বীজ নহয় বুলি উল্লেখ কৰে।