মৰিগাওঁঃ সদৌ অসম ছাত্ৰ সন্থাই আমাক জংঘলী দেশৰ বাসিন্দা বুলি ভাবিছে নেকি৷ আমাক বুঢ়া আঙুলি দেখুৱাইছে আছুৱে৷ অসমক নেতৃত্ব দিয়াৰ ক্ষমতা নাই আছু নেতাৰ৷ আছুই নেতাই মুখৰ কথাবোৰ স্পষ্ট কৰক৷ তেওঁলোকক অসমৰ প্ৰতিটো প্ৰান্তৰ লোকক, মায়ঙৰ লোকক অপমাণ কৰাৰ সাহস ক’ত পালে৷ যোৱা ১১ জানুৱাৰীত এনেদৰেই আক্ৰমণ কৰিছিল ৰাজ্যৰ ঐতিহ্যমণ্ডিত মৰিগাঁও জিলাৰ মায়ঙৰ নাগৰিকে৷

এখন সংবাদ মেল অনুষ্ঠিত কৰি মায়ঙৰ জ্যেষ্ঠ নাগৰিকে আছুক সমালোচনা কৰিছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ অধিবেশন মায়ঙত অনুষ্ঠিত কৰিম বুলি আদৰণি সমিতি গঠন কৰাৰ পিছতে মায়ঙৰ পৰিবৰ্তে আন ঠাইত অধিবেশন অনুষ্ঠিত কৰাত জাঙুৰ খাই উঠিছিল মায়াঙবাসীয়ে৷ ১০ আৰু ১১ ফেব্ৰুৱাৰীত মায়ঙত মৰিগাঁও জিলা আছুৰ অধিবেশন অনুষ্ঠিত কৰাৰ কথা আছিল যদিওঁ হঠাতে স্থান সলনি কৰা অধিবেশনৰ আদৰণি সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মায়ঙৰ ৰাইজক অপমাণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷

মায়াংবাসীয়ে প্ৰশ্ন কৰিছিল মায়াংবাসীক অপমান কৰাৰ অধিকাৰ ক’ত পালে আছুৱে৷ মায়ঙৰ কিয় অযোগ্য তাৰ উত্তৰ বিছাৰে সংবাদ মেল যোগে৷ মায়ঙৰ দৰে ঐতিহ্যমণ্ডিত ঠাইক কিহৰ বাবে অযোগ্য হ’ল কেন্দ্ৰীয়-জিলা সমিতিক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছিল৷ কিন্তু আছুই সংবাদ মেল অনুষ্ঠিত কৰা অভিযোগ উত্থাপন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত অৱশেষত মায়ংবাসীয়ে ৰাজহুৱা সিদ্ধান্ত মৰ্মে আদালতত গোচৰ তৰে আছুৰ বিৰুদ্ধে৷ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অসমীয়া জাতিৰ বিপদ-আহুকালৰ সময়ত সক্ৰিয় ভূমিকা পালন কৰি অহা আছুৰ বিৰুদ্ধে গোচৰ তৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় মৰিগাঁৱত৷

ঐতিহ্যমণ্ডিত জাতীয় অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচৰাৰ বিবাদৰ ফলতেই এই সাধাৰণ কথাটোই আদালতৰ মজিয়া পোৱা বুলি অভিযোগ উত্থাপন হয়৷ সংঠনটোৰ ভিতৰে-বাহিৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংঠনটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক সমিতি  তথা স্থানীয় ৰাইজে ন্যায়ালয়ত গোচৰ তৰাৰ পিছতে সংঠনটোৰ ভিতৰচৰাৰ বিবাদৰ কথাও এক প্ৰকাৰ ৰাজহুৱা হয়।

মায়ং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিদ্যুত বিষয়াই সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত জিলা খনৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন মায়ংত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল বুলি জানিবলৈ দিয়ে৷ বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত মায়ং মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সভাত বিদ্যালয়খনৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসক সভাপতি হিচাপে লৈ অধিবেশন পৰিচালনা কৰিবলৈ আদৰণি সমিতি গঠন কৰা হয়।

৯ আৰু ১০ ফেব্ৰুৱাৰীত অধিবেশনৰ দিন ধাৰ্য কৰি আদৰণি সমিতিয়ে পূৰ্ণ প্ৰস্তুতি চলাই আছিল যদিও যোৱা ১০ জানুৱাৰীত আছুৰ কেন্দ্ৰীয় সভাপতি দিপাংক নাথ আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে পত্ৰযোগে সভাপতি মুন ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক ঘনেন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বাধীন জিলা ছাত্ৰ সন্থাৰ নেতৃত্বক দুৰ্বল আখ্যা দি তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থা ভংগ কৰি দিয়ে। ইয়াৰ লগতে আগন্তুক বাৰ্ষিক অধিৱেশন মায়ংৰ পৰিবৰ্তে চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ ৯ জনীয়া আহ্বায়ক সমিতি গঠন কৰে আছুৰ কেন্দ্ৰীয় সমিতিয়ে।

চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্ৰ নাথক সভাপতি হিচাপে লৈ পুনৰ আদৰণি সমিতি গঠন কৰি অহা ৪ আৰু ৫ ফ্ৰেব্ৰুৱাৰীত চৰাইবাহীত অধিবেশন অনুষ্ঠিত হ’ব৷ আনহাতে আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ এনে কাৰ্যক মায়ং অঞ্চলৰ ৰাইজে সহজে লব নোৱাৰী অপমান বুলি উল্লেখ কৰো৷ মায়ং আঞ্চলিক ছাত্ৰ সন্থা আৰু মায়ংত গঠন কৰা আদৰণি সমিতিয়ে এই কাৰ্যৰ বাবে আছুৰ কেন্দ্ৰীয় নেতৃত্বক জবাবদিহি কৰে।

কিন্ত আছুৰ কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত উত্তৰ নিদিয়াত মায়ং আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সৈতে লগলাগি আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যক সংগঠনটোৰ সংবিধান বিৰুধী আখ্যা দি ইয়াৰ বিৰুদ্ধে কামৰূপ মহানগৰ দেৱানী আদালতত গোচৰ তৰে। আদালতে এই সন্দৰ্ভত শুনানী গ্ৰহণ কৰি আদালতে পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আছুৰ কেন্দ্ৰীয় নেতৃত্বই বিগত ১০ জানুৱাৰীত দিয়া নিৰ্দেশনাত তথা অধিবেশনত স্থিগিতাদেশ জাৰি কৰে।