কোকৰাঝাৰঃ শ্বৰীয়ত বিৰোধী কাৰ্য বুলি এচাম ধৰ্মান্ধই নাহিদৰ গান গোৱাক লৈ ফটোৱা জাৰি কৰা কাৰ্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াই গা কৰি উঠিছে ৰাজ্যখনত। ছ'চিয়েল মিডিয়াত নাহিদৰ প্ৰতিক্ৰিয়ামূলক ক্ৰন্দনৰত ভিডিঅ' নিউজ নেক্সট ৱানে এৰি দিয়াৰ পিছতে সম্প্ৰতি ছছিয়েল মিডিয়াত ধৰ্মান্ধসকলৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি উঠিছে।

⇒ অসমৰ মুছলমান সমাজ নাহিদৰ লগত অাছে : এবিএমছু
⇒ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৰো প্ৰতিক্ৰিয়া, নাহিদক গান গাই যাবলৈ আহ্বান

বিভিন্ন দল-সংগঠন, ব্যাক্তি বিশেষে প্ৰচুৰ প্ৰতিভাসম্পন্ন নাহিদ অাফ্ৰিনৰ সপক্ষে থিয় দি অসমৰ জনগণ নাহিদৰ পক্ষত অাছে বুলি মন্তব্যৰে ভাৰতীয় সংবিধানে যিহেতু গান গোৱাত বাধা-নিষেধ অাৰোপ কৰা নাই সেয়েহে ভাৰতীয় হিচাপে গান গোৱাত কোনো বাধা নাই বুলিও একাংশই ছ'চিয়েল মিডিয়াত তাপপৰ্যপূৰ্ণ মন্তব্য অাগবঢ়াইছে।

বিটিএডিৰ অন্যতম ছাত্ৰ সংগঠন সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম অাহমেদে নাহিদ অাফ্ৰিনৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি প্ৰতিভাসম্পন্ন গায়িকাগৰাকীৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা কাৰ্য নিতান্তই ধৰ্মান্ধমূলক আখ্যা দি ফটোৱা জাৰি কৰাৰ অধিকাৰ ক'ত পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৱে।

ইছলামৰ নাম লৈ সমাজক ভাগ নকৰিবলৈ উক্ত ভণ্ড ইছলামিক  সংগঠনসমূহৰ প্ৰতি কঠোৰ বাৰ্তা প্ৰেৰণ কৰি এবিএমছুৰ সভাপতি লাফিকুল ইছলাম অাহমেদে  অসমৰ মুছলমান সমাজ নাহিদৰ লগত অাছে বুলি মন্তব্যৰে নাহিদক গীত গাই জগত জিনাৰ  অাহ্বান জনাইছে।

এই সন্দৰ্ভত প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ময়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফটোৱা জাৰি কৰা কাৰ্য মানৱ সভ্যতাৰ পৰিপন্থী বুলি উল্লেখ কৰি প্ৰাক্তন সাংসদগৰাকীয়ে নাহিদৰ পক্ষত থিয় দি নাহিদক গান গাই যাবলৈ অাহ্বান জনাইছে।