কোকৰাঝাৰঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন আৰু সোণালী জয়ন্তী উদযাপন বৰ্ষৰ আজি অন্তিমদিনা জনসমুদ্ৰত পৰিণত হয় "জাংকৃথাই পথাৰ"। এবছুৰ বাৰ্ষিক অধিৱেশনৰ জন-সমাগমৰ ক্ষেত্ৰত সকলো ৰেকৰ্ড ভাঙি আজি এবছুৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত প্ৰায় অৰ্ধলক্ষাধিক লোকৰ অংশগ্ৰহণেৰে জাংকৃথাই পথাৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।

সমগ্ৰ অসমৰ পৰাই বড়ো জনগোষ্ঠীৰ লগতে অইন অইন জনগোষ্ঠীৰ লোকো জাংকৃথাই পথাৰত ভিৰ কৰি সমন্বয়ৰ ভেটি গঢ়াটো আছিল অধিবেশনৰ অন্যতম লক্ষণীয় দিশ। এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী উদযাপন বৰ্ষৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮:৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ নিৰ্বাচিত সদস্য তথা এবছুৰ প্ৰাক্তন সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে।

জাংকৃথাই পথাৰৰ পৰা আৰম্ভ হোৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই আৰএনবি পথেৰে কোকৰাঝাৰ সদৰ চহৰত প্ৰৱেশ কৰি ,চহৰ পৰিভ্ৰমণ কৰি পুনৰাই জাংকৃথাই পথাৰলৈ উভতি যায়। চালে চকুৰোৱা সাংস্কৃতিক শোভাযাত্ৰাত কেবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল । সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত দুপৰীয়া ১২ বজাৰ পৰা জাংকৃথাই পথাৰৰ বিশাল মঞ্চত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ সভাপতিত্বত আৰম্ভ হয় মুকলি সভা। প্ৰায় অৰ্ধ লক্ষাধিক লোকৰ উপস্থিতিত জনসমুদ্ৰত পৰিণত হোৱা জাংকৃথাই পথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ পাঠ কৰে অভ্যৰ্থনা কমিটিৰ সভাপতি সুবুং বসুমতাাৰীয়ে।

মুখ্য অতিথিৰ ভাষণত মেগাছেছে বঁটা বিজেতা , উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা বিজেতা তথা দূৰ্নীতি বিৰোধী অান্দোলনৰ নেত্ৰী অৰুণা ৰয়ে কয় যে পৃথক বডোলেণ্ডৰ দাবীত সূদীৰ্ঘ বছৰ ধৰি সংগ্ৰাম কৰি অহা এবছুৰ সোণালী জয়ন্তী উদযাপন তথা অধিবেশনথলীত অাজি যিদৰে হাজাৰ হাজাৰ লোক একগোট হৈছে ঠিক তেনেদৰে দিল্লীতো একত্ৰিত হৈ নিজৰ অধিকাৰ তথাপৃথক বডোলেণ্ডৰ বাবে সংগ্ৰাম কৰিব লাগিব। অকল পৃথক বডোলেণ্ড আন্দোলনতে এবছু সীমাবদ্ধ নাথাকি দিল্লীত নিজৰ অধিকাৰৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীসমুহে কৰি অহা আন্দোলনতো এবছুৱে অংশগ্ৰহণ কৰিব লাগিব আৰু তেতিয়াহে এবছুৰ আন্দোলনৰ "আৱাজ" আগলৈ যাব বুলি মন্তব্য কৰিছে অৰুণা ৰয়ে ।

আমি সকলোৱে একেলগে থাকিলেহে জয়ী হ'ম, পৃথকে পৃথকে থাকিলে হাৰিব লাগিব বুলি মন্তব্য প্ৰদান কৰি এদিন হ'লেও বডোলেণ্ড আন্দোলনে সফলতা লাভ কৰিবই বুলি মন্তব্য প্ৰকাশেৰে বডোলেণ্ডৰ প্ৰতি নিজ সমৰ্থনৰ কথা ঘোষণা কৰে মেগাছেছে বঁটা বিজেতা অৰুণা ৰয়ে ।

নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা পায়নিয়াৰ আলোচনীৰ সম্পাদক  চন্দন মিত্ৰই সৰু সৰু ৰাজ্যগঠন কাৰ্য বিপদজনক নহয়, বৰং ভালদৰে কাম কৰে বুলিহে মন্তব্য আগবঢ়ায়। জনসাধাৰণৰ আশা-আকাংক্ষাক লৈ কাম কৰি অহা এবছুৰ আন্দোলনে কিছু সফলতা লাভ কৰিছে আৰু বডোলেণ্ড এদিন হলেও গঠন হবই বুলি মন্তব্য কৰি পৃথক বডোলেণ্ডৰ প্ৰতি নিজৰ পূৰ্ণ সমৰ্থন জনায় চন্দন মিত্ৰই ।

অনুষ্ঠানত নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা শ্ৰীকৃষ্ণ অনিৰুদ্ধ গৌতম, মেঘালয়ৰ মহাধিবক্তা নিৰুপম ৰেড্ডী, এনচিপিচিআৰৰ প্ৰাক্তন অধ্যক্ষ তথা উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা বিজেতা শান্তা সিনহা আদিকে ধৰি কেবাগৰাকী বক্তাই  পৃথক বডোলেণ্ড গঠনৰ ক্ষেত্ৰত নিজ মন্তব্য দাঙি ধৰে।  

সভাপতিৰ ভাষণত এবছুৰ সভাপতি প্ৰমোদ বড়োই প্ৰতিটো ক্ষেত্ৰতে  বড়োসকলৰ প্ৰতি চৰকাৰৰ অন্যায় সহ্য কৰা নহ'ব বুলি হুংকাৰ দি পৃথক বডোলেণ্ডৰ দাবীত "ডু অৰ ডাই" নীতি গ্ৰহণ কৰা হ'ব। বিটিচি ব্যৱস্থা পৰ্যাপ্ত নহয় আৰু ইয়ে বড়োসকলৰ অাশা-আকাংক্ষাক পূৰ্ণাংগ ৰূপ দিব নোৱাৰে বুলি মন্তব্যৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বিটিচি চৰকাৰে হকে-বিহকে বিভিন্ন ব্যাক্তিগত অনুষ্ঠান -প্ৰতিষ্ঠান, সংস্থা, অৰ্ধসামৰিক বাহিনীক হস্তান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ হস্তান্তৰিত মাটি পুণৰাই ঘূৰাই লবলৈ বিটিচি প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। বিটিচিৰ মাটি হস্তান্তৰ কাৰ্যৰ বিৰুদ্ধে হুচিয়াৰ ধ্বনি দি প্ৰমোদ বড়োই অসম চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধেও সৰব হৈ পৰে।

বিদ্যালয়ত অদ্যপি বিনামুলীয়া পাঠ্যপুথি বিতৰণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰমোদ বড়োই শীঘ্ৰেই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰে ।

ইফালে, ৪৯ তম বাৰ্ষিক অধিবেশনৰ  এবছুৰ প্ৰতিনিধি সভাত পৃথক বড়ো ৰাজ্য গঠন নোহোৱালৈকে " ডু অৰ ডাই " অৰ্থাৎ কৰিম কিম্বা মৰিম সিদ্ধান্তৰে এক উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাৰ প্ৰস্তাৱ মৰ্মে ২০১৭-১৮ বৰ্ষত সহযোগী সংগঠনসমুহৰ সহযোগত এবছুৱে ডু অৰ ডাই নীতিত পৃথক বডোলেণ্ড গঠন নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব।

জাংকৃথাই পথাৰৰ অৰূপ গৌৰা সোঁৱৰণী মঞ্চত এবছুৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীৰ অনুষ্ঠিত হোৱা প্ৰতিনিধিসভাত অাঠটা প্ৰস্তাৱ সৰ্বসন্মতি ক্ৰমে গৃহীত হয়। ইয়াৰ ভিতৰত বড়ো মাধ্যমৰ বিদ্যালয়ক অৱহেলা সহ্য কৰা নহ'ব আৰু সত্যাগ্ৰহ আন্দোলনৰ প্ৰস্তাৱ, জনজাতি আৱেষ্টনীৰ ভিতৰত হকে বিহকে বিটিএডি পৰিষদে ব্যাক্তিগত, অৰ্ধসামৰিক বাহিনী বা সংস্থাক ভূমি অনুমোদন দিয়াৰ বিৰোধিতা আৰু অনুমোদন প্ৰত্যাহাৰৰ আহ্বান, শান্তি ব্ৰিগেড গঠন কৰা ,যুদ্ধবিৰত সংগঠনসমুহৰ সমস্যা চৰকাৰে গুৰুত্বসহকাৰে লৈ সমাধান কৰা, ফৰেষ্ট ডুৱেলাৰ এক্ট কাৰ্যকাৰী কৰা, বড়ো মাধ্যমৰ বাবে সুকীয়া সঞ্চালকালয় গঠন কৰা, ২০২০ চনলৈ এবছুৰ গুণগত শিক্ষা অভিযান চলাই নিয়াৰ প্ৰস্তাৱ গৃহীত হয়।

ইয়াৰোপৰি পুৰণি সমিতিখন ভঙ্গ কৰি এবছুৰ নতুন সমিতি গঠন কৰা হয় য'ত পূৰ্বৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীক একে পদত বাহাল ৰাখি ৰোমিঅ' পি নাৰ্জাৰী, দ্বীপেন বড়োক উপসভাপতি, খৌৰমদাও ওৱাৰীক সহকাৰী সাধাৰণ সম্পাদক, জয়ন্ত বসুমতাৰীক মুখপাত্ৰ হিচাপে লৈ এবছুৰ ৩০ জনীয়া নতুন সমিতিখন গঠন কৰা হয়।