চিৰাংঃ আমাক লাগে বড়োলেণ্ড৷ বড়োলেণ্ড আমাক লাগিবই৷ আমাৰ ভূমি আমাক লাগিবই৷ এই ভূমি আমাৰ ভূমি৷ এই জুই জ্বলিছে, জ্বলিবই৷ এই শ্ল’গান আওৰাই বিটিএডিৰ চিৰাং জিলাত আকাশ-বতাহ কপাই হাজাৰ লোকে৷ বৃহস্পতিবাৰে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত হাজাৰ হাজাৰ লোক সমৱেত হ’ল চিৰাং জিলাৰ কাজলগাঁৱত আৰু উত্তাল কৰিলে ৰাজ পথ৷ কাজলগাঁৱৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ১৫ কিঃ মি পথ সমদল কৰি আৱাল, বৃদ্ধ বনিতা সহ হাজাৰ হাজাৰ লোকে উত্তাল কৰিলে ৰাজপথ৷

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে। পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত চিৰাঙৰ কাশীকোত্ৰাৰ পৰা জিলা সদৰ কাজলগাঁৱলৈ ১৫ কিঃ মিঃ পথ সমদল উলিয়াই হাজাৰ হাজাৰ লোকে৷ পুৱা ১০ বজাত নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), এনডিএফবি(প্ৰ) আৰু জেএচিবিএমৰ নেতৃত্বত শীঘ্ৰে বড়োলেণ্ড ৰাজ্য গঠন কৰা আৰু বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত গণ সমদল আৰু গণ সমাৱেশ অনুষ্ঠিত হয়।

গণ সমাৱেশত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বড়োলেণ্ডৰ বিৰোধিতা কৰিবলৈ নৱ শৰনীয়া কোন বুলি উভতি ধৰে সাংসদগৰাকীক। তেওঁ নিজে এসময়ত ভাৰতৰ পৰা স্বাধীনতা বিচাৰি আন্দোলন কৰিছিল আৰু আজি ভাৰতৰ সংবিধানৰ তলত আহি ৰাজনীতি কৰি সাংসদ হৈ চৰকাৰৰ দৰমহা খাইছে, ভাৰতৰ সংবিধানৰ বিষয়ে তেওঁৰ কিবা জ্ঞান আছে বুলি মই নাভাৱো, আমি সংবিধান মতেহে বড়োলেণ্ড বিচাৰিছো বুলি কয় প্ৰমোদ বড়োৱে৷

প্ৰমোদ বড়োৱে বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, চৰকাৰে এডভান্টেজ অসম কৰিলে আমি তাক লৈ শলাগিছো মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক। কিন্ত মাথো এডভান্টেজ কৰিলে নহব ডিজ এডভান্টেজ খিনি কি হ’ব। যত বড়ো মাধ্যমৰ পাঠ্যপুথি বিচাৰি হাহাকাৰ কৰিব লাগে সদায়, বিষয় শিক্ষক বিচাৰি হাহাকাৰ কৰিব লাগে। গতিকে মাথো অৰ্থনৈতিক দিশত উন্নতি কৰিলে নহব লগতে আৰ্থ সামাজিক দিশো চাব লাগিব গতিকে চৰকাৰে এই দিশত গুৰুত্ব দি বড়ো জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে পৃথক ৰাজ্য গঠন কৰিবই লাগিব৷ নহলে এইদৰেই আমি নিজৰ প্ৰাপ্যৰ দাবীত ৰাজপথলৈ ওলাই আহিম।

এবছুৰ সাধাৰন সম্পাদক লৰেঞ্চ ইচলাৰীয়ে গুৱাহাটীক আকাশত ওলোমায় নে এডভান্টেজ অসম কৰে কৰক কিন্তু আমাৰ প্ৰাপ্য আদায় দিয়ক বুলি কয়। আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছো নিজৰ প্ৰাপ্যৰ দাবীত। বড়োলেণ্ড আমাৰ জন্মগত অধিকাৰ আমাক লাগিবই। নহলে বড়ো জাতিটোৰ অস্তিত্ব বিলিন হৈ যাব। সেয়ে চৰকাৰে বাৰে বাৰে আমাৰ সৈতে আলোচনাৰ নামত কৰা প্ৰতাৰনাৰ প্ৰতিবাদত আমি আজি ৰাজপথত ওলাবলৈ বাধ্য হৈছো। বৃহৎ গণ সমদল আৰু গণ সমাৱেশৰ জৰিয়তে আমি চৰকাৰক সকিয়াই দিব বিচাৰিছো যাতে চৰকাৰে গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যা সমাধানত আগবাঢ়ি আহে।

অন্যথা আমি ইয়াতকৈ ভয়াবহ আন্দোলনৰ জড়িয়তে চৰকাৰ বিকল কৰিবলৈ প্ৰস্তুত আছো বুলি কয় এবছুৰ নেতা ইছলাৰীয়ে৷ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ৰাজনৈতিক দল ইউ পি পি (এল) সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ভাৰত চৰকাৰৰ দুমুখীয়া নীতিৰ বাবে আজি বড়ো সমস্যাৰ সমাধান হোৱা নাই বুলি কয়। একে কাম ৰাজ্য চৰকাৰেও কৰিবলৈ লৈছে। মোডী চৰকাৰে নিৰ্বাচনৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল চৰকাৰগঠন হলে বড়ো সমস্যা সমাধান কৰিম বুলি।

২০০৫ চনত এন ডি এফ বি(প্ৰ)ৰ সৈতে চৰকাৰৰ শান্তি চুক্তি হৈছিল য’ত মুলত দাবী আছিল বড়ো সমস্যাৰ সমাধান কৰা। কিন্ত একো নহল৷ বাৰে বাৰে মাথো প্ৰতাৰনা কৰি আছে। তাৰ ফলতে আজি এইদৰে লাখ লাখ মানুহ ওলাই আহিছে৷ এয়া আহিবলগীয়া কোনো এক ধুমুহাৰ আগজাননী বুলি ধৰি লোৱাটো ভাল। অন্যথা ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হ’ব পাৰে। বিজেপিয়ে বড়োসকলৰ দ্বাৰাই অসমৰ পাঁচটা লোকসভা সমষ্টি লাভ কৰিছিল কিন্তু আমাৰ দাবীলৈ এইদৰে খেলা কৰি থাকিলে আগন্তক দিনত ব্যাপক ধৰশায়ী হ’ব বিজেপি। প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতীয়াৰী, এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো, বিটিচিৰ কেবাজনো এম চি এল এ উপস্থিত থাকে গণ সমদল-গণ সমাৱেশত।