ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াত পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷ যুৱকজনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া চহৰত৷ ৰঙিয়া চহৰত ভূটান বাছ আস্থানত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ যুৱকৰজনৰ মৃত্যু হয়৷

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী মানস প্ৰতীম ডেকা নামৰ যুৱকজন। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন।

জানিব পৰা মতে, যুৱকজন ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ, বিশিষ্ট ব্যৱসায়ী গোপাল ডেকাৰ পুত্ৰ। ৰঙিয়া আৰক্ষীয়ে ট্ৰাক-ডাম্পাৰক নাকী লগাব নোৱাৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ক্ষোভিত হৈ পৰে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।