তিনিচুকীয়াঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে’ত মুকলি কৰিবলগীয়া ঢলা-শদিয়া দলং দৰ্শন কৰিবলৈ আজি ইয়াত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰশাসনে বাধা দিয়ে৷

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে দলংখন দৰ্শন কৰাৰ উদ্দেশ্য কালি সন্ধিয়া ৰেলত উঠি আহি ইয়াত উপস্থিত হয়৷ কিন্তু মুকলিৰ পূৰ্বে দলংখন দৰ্শনত বাধা থকাৰ অজুহাতত প্ৰশাসনে গগৈক দলংখন দৰ্শন কৰিবলৈ নিদি আঁতৰাই নিয়ে৷ সেই সময়ত তেওঁৰ সৈতে থকা প্ৰাক্তন মন্ত্ৰী প্ৰদু্ৎ বৰদলৈকো প্ৰশাসনে দলংখন চোৱাত বাধা দিয়ে৷

প্ৰশাসনৰ এনে কাৰ্যত অপমানিত বোধ কৰা গগৈয়ে সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিছে৷ সাংবাদিকৰ আগত তেওঁ কয়, ‘এই দলং নিৰ্মাণৰ আৰম্ভণী আৰু শেষ আমাৰ চৰকাৰৰ দিনতে হয়৷ ইয়াত বিজেপিৰ কোনো অৰিহণা নাই। প্ৰশাসনে মোক কিয় বাধা দিলে? কিন্তু মোৰ আগেয়ে বহুজনে দলংখনত ভৰি থৈ গ’ল৷’

ইয়াক লৈ গগৈয়ে বিজেপিক অধিক আক্ৰমণ কৰি কয়, ‘মই সন্ত্ৰাসবাদী নেকি? মোক কিয় বাধা দিয়া হৈছে৷ আমি ঢোল পিটা মানুহ হোৱা হ’লে ভাৰতবৰ্ষৰ বৃহত্তম দলংখনৰ আধাৰশিলা স্থাপন কৰি ঢোল পিটিলোহেঁতেন৷’ লক্ষ্যণীয় যে কিছুদিন পূৰ্বে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে দলংখন দৰ্শন কৰে৷ আনকি জুবিনেই দলংখন মুকলি কৰা বুলি বিভিন্নজনে ছ’চিয়েল নেটৱৰ্কিং ছাইটত চৰ্চা কৰিছিল৷   

স্বভাৱসূলভভাৱে গগৈয়ে কয় যে তেওঁ দলঙৰ কাম-কাজ কেনে হৈছে তাকেহে পৰিদৰ্শন কৰিব বিচাৰিছিল।উল্লেখ্য যে, তিনিচুকীয়াত কেইবাখনো ৰাজহুৱা সভাত অংশ ল'বলৈ অহা প্ৰাক্তন মুখ্য মন্ত্ৰীজনে আজি তিনিচুকীয়াত নিশাটো কটাই কাইলৈ উভতি যোৱাৰ কথা।