যিখন ৰাষ্ট্ৰীয় পতাকাৰ তলত তেওঁলোক থিয় দিয়ে, সেয়া এতিয়া এখন দেশৰ গণতন্ত্ৰৰ অন্তিম প্ৰতীক। প্ৰতিখন খেলৰ আৰম্ভণিতে যিটো ৰাষ্ট্ৰীয় সংগীতৰ বাবে তেওঁলোকে মৌন হৈ ৰৈ থাকে, সেয়া এতিয়া কেৱল দুবছৰ পূৰ্বৰ গণতান্ত্ৰিক দেশখনৰ ধূসৰ স্মৃতি! কোৱা হয়, এই দেশখনৰ নাগৰিকৰ বাবে এতিয়া এটাই সুখ- ক্ৰিকেট। দেশখনৰ সুঠাম দেহৰ যুৱকৰ দল এটা যেতিয়া ক্ৰিকেটৰ পথাৰত নামে, তেতিয়া উল্লাসৰ সোঁত বয় দেশখনৰ প্ৰতিটো গলি আৰু ৰাজপথত। মানুহে সেই সময়খিনি উদযাপন কৰে, ক্ৰিকেট দলৰ প্ৰতিজন খেলুৱৈৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগে।

সেয়াই আফগানিস্তান! দুটা দশক আমেৰিকা তথা নাটো বাহিনীৰ হস্তক্ষেপত গণতন্ত্ৰৰ সৈতে চিনাকি হোৱাৰ অন্তত দুবছৰ পূৰ্বে তালিবানে দখল কৰা আফগানিস্তানৰ প্ৰতিটো চুকে-কোণে এতিয়া প্ৰগতিশীল সৰ্বসাধাৰণৰ মনত বিৰাজ কৰিছে ক্ষোভ আৰু হতাশাই। প্ৰবল ভূঁইকঁপে ঢাহি মুহি নিয়া দেশখনৰ বৰ্তমান সময়ত প্ৰতি ১০ গৰাকী ব্যক্তিৰ ভিতৰত ৯ জনেই জীৱন পাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰতাৰ মাজত। নাই নিজৰ মতে কিবা কৰাৰ অধিকাৰ, নাই উপাৰ্জনৰ নতুন বাট। 

ৰজা বিক্ৰমৰ বোকোচাৰ বেতালৰ দৰেই তালিবানী সেনাৰ কান্ধত ওলমি ফুৰা বন্দুকৰ গুলীয়ে যিকোনো সময়তে থকা-সৰকা কৰিব পাৰে আফগানী নাগৰিকক। দেশখনত তালিবানে আখৰে আখৰে পালন কৰিবলৈ উদ্যত হোৱা শ্বৰিয়া আইনেই এতিয়া সকলোৰে বাবে আইন, তালিবানৰ কথাই সকলোৰে বাবে শিলৰ ৰেখা। মহিলা-যুৱতী সকলো এতিয়া নিজ নিজ ঘৰত বন্দী। শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত আফগানিস্তানৰ পঢ়িব বিচৰা প্ৰতিগৰাকী শিশু আৰু যুৱক-যুৱতী।

কিন্তু দেশৰ এনে অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো আজি বিশ্বৰ বুকুত উজ্বলি উঠিছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল। বিশ্বকাপৰ খেলপথাৰত ইটোৰ পিছত সিটো দলক পৰাস্ত কৰি আফগান দলটোৱে লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। ক্ৰীড়াংগনত যি সময়ত দলটো নামে, ষ্টেডিয়ামত শুনা যায় হৰ্ষোল্লাস, দলটোৰ জয়জয়কাৰ। বিশ্বৰ লাখ লাখ লোকে অনুসৰণ কৰা বিশ্বকাপত আফগানিস্তানে বর্তমানৰ বিশ্ব চেম্পিয়ন আৰু প্রাক্তন খিতাপ দখলকাৰীক দুটাকৈ দলক সহজেই পৰাস্ত কৰি দুৰ্দান্ত ক্ৰিকেট দল হিচাপে পৰিগণিত হৈ পৰিছে৷

বোমা-বাৰুদকো নেওচি সফলতাৰ সোপান...

আফগান ক্ৰিকেট দলৰ সাফল্যই ইতিমধ্যে ক্ৰীড়া ইতিহাসত দ্ৰুত উত্থানৰ নজিৰ গঢ়িবলৈ সক্ষম হৈছে। সৌ সিদিনা গঠন হোৱা ক্ৰিকেট দলটোৰ তাৰকা খেলুৱৈয়ে আজি বিশ্বব্যাপী লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। টি-২০ৰ পৰা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলালৈকে প্ৰতিখন খেলত আফগান টীমে দেখুৱাইছে নিজৰ পাৰদৰ্শিতা। কিন্তু দলটোৰ এই সাফল্যৰ আঁৰত যেন সদায় লুকাই আছে এটা হিংসাজৰ্জৰ জাতিৰ মৰ্মবেদনাও। দুবছৰ পূৰ্বে পতন ঘটা এখন গণতান্ত্ৰিক দেশৰ অন্তিম স্তাৱক হিচাপে আজি দলটোৱে বিশ্ববাসীক শুনাই গৈছে আফগানীৰ পতনমুখী যাত্ৰাৰ কাহিনী। 

কিন্তু তথাপিও আফগানিস্তানৰ প্ৰায় ৪ কোটি আফগানীৰ বাবে এতিয়া সুখৰ একমাত্ৰ ৰেঙণি যেন এই ক্ৰিকেট দলটো। ২০০০ চনত গঠন হোৱা দেশখনৰ এই ক্ৰিকেট দলটোৱে যেতিয়াই খেলপথাৰত নামে, লগত লৈ নামে ৪ কোটি আফগানীৰ প্ৰত্যাশা আৰু প্ৰাৰ্থনাকো। সেয়ে ইমান কম সময়ৰ ভিতৰতে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এটা চিনাকি নাম হৈ পৰিছে এই ক্ৰিকেট দল।

দলটোৰ অন্যতম জনপ্ৰিয় তাৰকা ২৫ বৰ্ষীয় ৰছিদ খানে বিশ্বকাপৰ যোৱা সপ্তাহৰ খেলৰ পূৰ্বে তেওঁৰ সতীৰ্থ খেলুৱৈসকলক উদ্দেশ্যি কৈছিল, "মানুহে ঘৰত আমাৰ বাবে প্ৰাৰ্থনা কৰিছে, তেওঁলোকে আমাৰ মেচৰ বাবে অপেক্ষা কৰিছে, আমাৰ জয়ৰ বাবে দোৱা কৰিছে। কাৰণ আফগানিস্তানত ক্ৰিকেট এতিয়া একমাত্ৰ সুখ।”

কিন্তু অন্ধকাৰৰ সৰ্পিল ধাৰাত আৱদ্ধ হৈ থকা দেশখনৰ সাধাৰণ নাগৰিকৰ এই সৰু সৰু উদযাপনো কেতিয়াবা বিদ্ৰোহৰ দৰে অনুভৱ হয়। দুবছৰ পূৰ্বে তালিবানে দায়িত্ব লোৱাৰ পিছৰে পৰা আফগানিস্তানৰ সাহায্য নিৰ্ভৰশীল অৰ্থনীতিৰ পতন ঘটিছে। বিদেশী পুঁজিৰ ভাণ্ডাৰ শূন্য হৈছে৷ আমদানি-ৰপ্তানিৰ ক্ষমতা হ্ৰাস হৈছে৷ ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। এতিয়া দেশখনৰ ১০ জন সাধাৰণ নাগৰিকৰ ভিতৰত ৯ জনেই দৰিদ্ৰতাৰ কৰাল গ্ৰাসত। আমেৰিকাৰ দখল আৰু তালিবানী শাসনে জাপি দিয়া এই দুৰ্দশাৰ মাজতে প্ৰকৃতিয়েও যেন আফগানী জনতাৰ দুৰ্দশাৰ খেল চোৱাত নামি পৰিল। প্ৰচণ্ড ভূমিকম্পই ধ্বংসস্তুপত বিলীন কৰি থৈ যায় বহু গাঁও, প্ৰাণ কাঢ়ে শ শ লোকৰ। ক্ৰীড়াঙ্গনত নমা আফগান খেলুৱৈৰ বাবে দোৱা-প্ৰাৰ্থনা আৰু জয়ৰ পিছত কৰা উদযাপন যেন আফগানী জনতাৰ দুৰ্ভিক্ষতা আৰু পৰাধীনতাৰ বিৰুদ্ধে গোপন বিদ্ৰোহ। 

তালিবানক কি আহ্বান আফগান ক্ৰিকেটাৰৰ?

আফগানিস্তানৰ শাসন ব্যৱস্থাক লৈ আৰম্ভণিৰ পৰাই বিশ্ববাসীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে তালিবান। তালিবানে মহিলাক শিক্ষাৰ অনুমতি নিদিয়ে, কাম কৰাৰ অনুমতি নিদিয়ে। ঘৰৰ পৰা মহিলা আৰু যুৱতীয়ে বাহিৰলৈ ওলাব লাগিলে সম্পূৰ্ণ গা বোৰ্খাৰে ঢাকি লগত এজন পুৰুষ আত্মীয়ক লৈহে ওলাব লাগে। তালিবানৰ এনে কঠোৰ নিষেধাজ্ঞাৰ বাবেই আজিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা নাই এইখন চৰকাৰে। তালিবান শাসনে আফগানিস্তানত প্ৰৱৰ্তন কৰা বগা পতাকাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বীকৃত নহয়। সেয়ে ২০২১ চনৰ পৰাই আফগান দলসমূহে তেওঁলোকৰ পুৰণি গণৰাজ্যৰ পতাকাৰ তলতে খেলি আহিছে খেল।

প্ৰতিখন খেলৰ পূৰ্বে বাজি উঠা জাতীয় সংগীতটোও এটা ধ্বংসাৱশেষ। তালিবানৰ মতে ৰাজহুৱা সংগীত ইছলামত নিষিদ্ধ, সেয়ে তালিবানৰ কোনো নিজা জাতীয় সংগীত নাই। তাৰ বাবেই ধ্বংসাৱশেষ সদৃশ পুৰণি জাতীয় সংগীতটোকে আঁকোৱালি লৈ আজিও আফগান দলে সন্মুখলৈ আগবাঢ়ে।

পুৰণি স্মৃতি সৌধকে সাৰথি কৰি বিশ্বজয়ৰ যাত্ৰা চলোৱা আফগান ক্ৰিকেট দলটোক অৱশ্যে সমৰ্থন জনাই আহিছে তালিবানেও। তালিবানী নেতাৰ মতে, তেওঁলোকে দলটোক বৰ্তমানৰ সফলতা লাভ কৰাত সহায় কৰিছে। বৰ্তমান বিশ্বকাপত দলটোৱে জয়লাভ কৰাৰ পিছতে আফগানিস্তানৰ ৰাজধানী কাবুল আৰু অন্যান্য চহৰৰ অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহি উদযাপন কৰিছে। শাসকসকলে ক’লা, ৰঙা আৰু সেউজীয়া ৰঙৰ পোছাক পিন্ধি উদযাপনৰ বাৰ্তা প্ৰেৰণ কৰিছে।

এনে সময়ত তালিবান চৰকাৰ আৰু জনতাৰ মাজত ভাৰাসম্য ৰক্ষা কৰি দুৰ্দশাগ্ৰস্ত আফগানীৰ সহায়ৰ বাবে খোজ আগবঢ়ায় তাৰকা ক্ৰিকেটাৰ ৰছিদ খান আৰু মহম্মদ নবীয়ে। শেহতীয়া ভূমিকম্পৰ পিছত পৰিস্থিতিত দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়া সাধাৰণ জনতাৰ হকে কথা কয় দুই ক্ৰিকেটাৰে। তদুপৰি আফগানী যুৱতীসকলক শিক্ষাৰ অধিকাৰ ঘূৰাই দিয়াৰ বাবেও চৰকাৰক আহ্বান জনায়।

যোৱা বছৰ ৰছিদ খানে এক বিবৃতিত কৈছিল, ''আমি আফগানিস্তানৰ আমাৰ ভগ্নী আৰু কন্যাসকলৰ সৈতে সংহতিৰে থিয় দিছো আৰু ছোৱালীৰ হাইস্কুল নিষেধাজ্ঞা আৰু মহিলাৰ বাবে বিশ্ববিদ্যালয় নিষেধাজ্ঞাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছো।’’ ৰছিদ খানে কয়, “শিক্ষাৰ অপচয় হোৱা প্ৰতিটো দিনেই দেশৰ ভৱিষ্যতৰ বাবে অপচয় হোৱাৰ দিন।”

কিন্তু আফগানিস্তানত ক্ৰিকেটৰ ইতিহাস দীঘলীয়া নহয়। শেহতীয়া দশকবোৰতহে ৰাষ্ট্ৰখনত বৃদ্ধি পাইছে ক্ৰিকেটৰ প্ৰাধান্য। আফগানিস্তানত ছোভিয়েট আগ্ৰাসনৰ পৰা পলায়ন কৰাৰ পিছত দেশখনৰ প্ৰথম কেইজনমান খেলুৱৈয়ে পাকিস্তানৰ শৰণাৰ্থী শিবিৰত এই খেল শিকিছিল। এই খেলৰ প্ৰথম বীজ নব্বৈৰ দশকত যেতিয়া তালিবানে শেষবাৰৰ বাবে ক্ষমতাত আছিল তেতিয়া দেশত সিঁচা হৈছিল।

২০০০ চনৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে গঠন হৈছিল আফগান ক্ৰিকেট দল। আৰু তাৰ পৰা এই দলটোৰ উত্থান যেন আজি সমগ্ৰ বিশ্ববাসীৰ বাবেই এক সাধুকথা। প্ৰায় এটা দশকৰ ভিতৰতে আফগান দলটোৱে নিজৰ পাৰদৰ্শিতাৰে সমগ্ৰ বিশ্বক মন্ত্ৰমুগ্ধ কৰি তিনিখন বিশ্বকাপকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্বকাপ দলৰ সহকাৰী প্ৰশিক্ষক তথা প্ৰাক্তন খেলুৱৈ ৰায়েছ আহমদজাইয়ে কয়, ''আমি শৰণাৰ্থী হিচাপে ক্ৰিকেট শিকিছিলো। তাৰ পিছত নতুন প্ৰজন্ম আমাৰ সৃষ্টি। আমি আফগানিস্তানলৈ উভতি আহি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলো।’’

ক্ৰিকেট প্ৰতিযোগিতাৰ বৰ্তমানৰ দিনজোৰা সংস্কৰণত জয় নিশ্চিত কৰাটো আফগানিস্তানৰ বাবে এক প্ৰত্যাহ্বান হৈয়েই আছে। কিন্তু তাৰ পিছতো দলটোৰ তাৰকা খেলুৱৈ ৰছিদ খানৰ সাফল্যৰ কাহিনীয়ে আজি বৰ্ণনা কৰিছে আফগান ক্ৰিকেটৰ অগ্ৰগতি কিমান। ২০১৭ চনত যেতিয়া ৰছিদ খানে ১৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ আটাইতকৈ লাভজনক প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ৬ লাখ ডলাৰ উপাৰ্জন কৰিছিল। যোৱা বছৰ তেওঁক নতুন ফ্ৰেঞ্চাইজিয়ে প্ৰায় ২০ লাখ ডলাৰত ক্ৰয় কৰিছিল।

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

এছিয়া, অষ্ট্ৰেলিয়া, কেৰিবিয়ান আৰু আমেৰিকান লীগত বলাৰ আৰু বেটছমেন হিচাপে খেলি তেওঁ বিশ্বৰ অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে আজি পৰিগণিত হৈছে। আফগানিস্তানতে নহয়, সমগ্ৰ বিশ্বত আজি অনুৰাগী গঢ়িছে ৰছিদ খানে। ছ’চিয়েল মিডিয়াত তেওঁৰ ফল’ৱাৰ্ছৰ সংখ্যা ১.৩ কোটিতকৈও অধিক। খেলপথাৰত থাকিলে তেওঁক এবাৰ দেখা পোৱাৰ উন্মাদনাই সৃষ্টি কৰে হৰ্ষোল্লাসৰ। ৰছিদ খানৰ অগ্ৰণী ব্যক্তিত্বই সমগ্ৰ প্ৰজন্মৰ যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিছে, যাৰ কিছুমানে ইতিমধ্যে তেওঁৰ দলৰ হৈ খেলি আছে। ৰছিদ খান আজি বিশ্বৰ এগৰাকী নামী-দামী খেলুৱৈ।

কিন্তু এটা দশকৰ পূৰ্বে আহমদজাই কৈছিল যে তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে ভ্ৰমণৰ সময়ত তেওঁলোকৰ মাহিলী দৰমহা আছিল মাত্ৰ ৩ ডলাৰ আৰু দৈনিক ভাট্টা লাভ কৰিছিল কেৱল ২৫ ডলাৰ। এতিয়া সময় সলনি হৈছে, আফগানিস্তানৰ হৈ খেলা খেলুৱৈয়ে এতিয়া নাম-যশৰ লগতে আৰ্থিকভাৱেও স্বচ্ছলতা লাভ কৰিবলৈ সক্ষম হৈছে।

চোলাৰ হাতবোৰ কোচাই লোৱা, আৰু আহা এপাক নাচা...

দলটোৱে প্ৰতিযোগিতাখনৰ বাবে ভাৰতলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁলোকৰ পিছে পিছে সমৰ্থকৰ এটা সৰু দলে পুৰণি পতাকাখন উৰুৱাই নাচি বাগি তেওঁলোকক বিদায় জনাইছিল। মানুহৰ ঘৰে ঘৰে সংগীত নিষিদ্ধ কৰা হৈছিল। তালিবানে অধিগ্ৰহণ কৰাৰ পিছৰে পৰা ভাৰতে আফগানসকলক দেশত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে, সেয়ে বিশ্বকাপত সন্মুখৰ পৰা দলটোৰ খেল হেঁপাহ থকাৰ পিছতো তেওঁলোক সেই দেশৰ অনুৰাগী ভাৰতলৈ আহিবলৈ অসমৰ্থ। এতিয়া ভাৰতৰ ষ্টেডিয়ামত দেখা পোৱা লোকসকল ভাৰতত দীৰ্ঘদিন ধৰি বাস কৰি অহা শৰণাৰ্থী, আৰু ভাৰতলৈ অধ্যয়নৰ বাবে আহি ইয়াতেই আৱদ্ধ হৈ থকা আফগানী ছাত্ৰ-ছাত্ৰী।

বিশ্বকাপত আফগানিস্তানে প্ৰথমে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে, তাৰ পিছত পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰাৰ সময়ত ষ্টেডিয়ামৰ চাৰিওফালে আফগান অনুৰাগীয়ে দলটোৰ জয় উদযাপন কৰিছিল। আফগানী দলটোৰ এই জয়ৰ সমভাগী হৈছিল হাজাৰ হাজাৰ অনুৰাগীও।

দুসপ্তাহ পূৰ্বে যেতিয়া দলটোৱে পাকিস্তানক পৰাস্ত কৰিছিল তেতিয়া হৰ্ষোল্লাসেৰে ভৰি পৰিছিল সমগ্ৰ ষ্টেডিয়াম। ইয়াৰ এটা ৰাজনৈতিক কাৰণো আছিল। উল্লেখ্য যে, বিগত কেইসপ্তাহমানত হাজাৰ হাজাৰ আফগান শৰণাৰ্থীক দেশৰ পৰা উলিয়াই দিছে পাকিস্তানে। পাকিস্তান চৰকাৰৰ এই পদক্ষেপৰ বাবেই বিশ্বকাপৰ ক্ৰীড়াঙ্গনত আফগানিস্তানৰ এই বিজয়ক প্ৰতিশোধমূলক হিচাপে লৈছিল অজস্ত্ৰ আফগানী অনুৰাগীয়ে।

সেই খেলখন চাবলৈকে ১০ ঘণ্টা যাত্ৰা কৰি ষ্টেডিয়ামত উপস্থিত হৈছিল অনুৰাগী আখতাৰ মহম্মদ আজিজীও। ব্যৱসায়িক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছৰে পৰা ভাৰতত আবদ্ধ হৈ থকা আফগানী নাগৰিক আজিজীয়ে কয়, ‘এয়া ইমানেই ডাঙৰ মুহূৰ্ত আছিল যে বাকী সকলো পাহৰিলোঁ – মই কেৱল ইতিবাচকতা আৰু সুখৰ কথাহে ভাবিব পাৰিলোঁ। ভোক-পিয়াহ, টোপনি সকলো পাহৰি গ’লো। আমি উদযাপন কৰিছিলো, আমি নাচিছিলো, আমি খেলুৱৈৰ সৈতে চেলফি তুলিছিলো।”

সেই জয়ৰ উদযাপনৰ অন্তত প্ৰশিক্ষক আহমদজাই আৰু তাৰকা ক্ৰিকেটাৰ খানে অনুৰাগীসকলৰ বাবে ৰেকৰ্ড কৰিছিল এটি ভিডিঅ'। তেওঁলোকে এই ভিডিঅ'টোত পাঠ কৰিছিল এটা পাস্তুন ভাষাৰ কবিতা। এই কবিতাটোৱে নিৰাশাৰ দিনবোৰতো আফগান দলটোৰ খেলুৱৈসকলৰ মনত জগাই তুলিছিল আশা। সেয়ে এইবাৰৰ বিশ্বকাপত প্ৰতিটো বিজয়ৰ অন্তত তেওঁলোকে পাঠ কৰিছিল দুখৰ দিনত সাহস হৈ পৰা সেই প্ৰিয় কবিতা...''চোলাৰ হাতবোৰ কোচাই লোৱা, আৰু আহা এপাক নাচা/এই হতভগীয়াৰ সুখ বুলিবলৈ সেই তাহানি আৰু আজিয়েই যথেষ্ট...''।

এইবাৰৰ বিশ্বকাপত আফগান ক্ৰিকেট দলটো উজলি উঠিলেও তেওঁলোকৰ ভৱিষ্যতক লৈ পদে পদে আছে অনিশ্চয়তা। ভাল খেল খেলিলেও তালিবান চৰকাৰৰ কঠোৰতাৰ বাবে অনাগত বিশ্বকাপত ভাগ লোৱাৰ পৰা বঞ্চিত হৈ পৰিবলগীয়া হোৱাৰ এক শংকায়ো তেওঁলোকক অহৰহ খেদি ফুৰে! যদিহে অনাগত বিশ্বকাপ বা আন কোনো আন্তঃৰ্জাতিক প্ৰতিযোগিতাত পুৰণি আফগান পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত ব্যৱহাৰত তালিবান চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে তেন্তে হাজাৰ ভাল খেলিলেও আফগান ক্ৰিকেট দলৰ সকলো স্বপ্নই মৰহি যোৱাৰ উপক্ৰম ঘটিব! সেয়ে বিজয়ৰ অন্তত খেলপথাৰত হাঁহি হাঁহি আনন্দ-উল্লাস প্ৰদৰ্শন কৰিলেও স্বদেশৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰা আফগান ক্ৰিকেটাৰসকলৰ বুকুৰে বৈ যায় গভীৰ হুমুনিয়াহ...