গোলকগঞ্জঃ কাৰ্বি আংলঙত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ নামনিৰ ধুবুৰী জিলাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়৷ যোৱা ১২ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙত তিনিগৰাকী সাংবাদিকক অতৰ্কিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনা চাঞ্চল্য অব্যাহত থকাৰ সময়তে ধুবুৰী জিলা সদৰত শুকুৰবাৰে নিশা ধুবুৰী টাউন ক্লাৱৰ সমীপত সাংবাদিক ছায়েদ আলী খানক আক্ৰমণ কৰে কোনো দুৰ্বৃত্তই৷

সাংবাদিকগৰাকীক উঠাই লৈ যোৱাৰ চেষ্টা কৰাৰ সময়তে কেইগৰাকীমান লোকৰ চেষ্টাত হে ৰক্ষা পৰে সাংবাদিকগৰাকী৷ সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷

কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। কিন্তু তাৰ পিছতো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা নহ’ল৷ যাৰ ফলত পুনৰ সাংবাদিকক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হ’ল ধুবুৰীত৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে এখন এন আৰ চি সন্দৰ্ভত সংবাদ মেল অনুষ্ঠিত কৰিছিল প্ৰশাসনে৷ সাংবাদিক ছায়েদ আলী খানে সংবাদমেলত অংশ লৈ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা উভতি আহি থকা সময়তেই ১০-১২ জনীয়া দুবৃত্তৰ দলে আক্ৰমণ কৰে৷

ইমানে নহয় সাংবাদিকগৰাকীক উঠাই লৈ যোৱাৰ চেষ্টা চলাই৷ উক্ত সময়ত পথেৰে আহ-যাহ কৰি থকা লোকৰ তৎপৰতাত সাংবাদিকগৰাকীৰ প্ৰাণ ৰক্ষা পৰে৷ সাংবাদিক খানে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে 173/18 নম্বৰত 120(B)/341/294/323/506 ভাৰতীয় দণ্ড বিধিৰ ধাৰাত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

ঘটনাক ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সাহজাহান আহমেদ, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, ধুবুৰী জিলাৰ সভাপতি ৰাজীৱ শৰ্মা, বাৰ্তা জীৱি সংঘৰ ধুবুৰী জিলাৰ সভাপতি আছিকুৰ ৰহমান, জিলা মহকুমা সাংবাদিক সংস্থাৰ সভাপতি প্ৰনবাশিষ ৰায়, ইয়ং জাৰ্নালিষ্ট এচোচিয়েছন অসমৰ সভাপতি ছৈয়দ নুৰুল আমিন আদিয়ে সাংবাদিক আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷