খেৰণিঃ অসম গণ পৰিষদৰ আচ্ছে দিন আহিব নেকি৷ বিজেপিৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰ চলাই থকা আঞ্চলিক দলটোৱে কাৰ্বি পৰিষদীয় নিৰ্বাচনত অকলে নিৰ্বাচনত নামি ব্যাপক প্ৰচাৰ চলাই গৈছে৷

কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাখনৰ নিৰ্বাচনীৰ গৰম বতাহ চলিছে৷ বিভিন্ন ৰাজনৈতিক দলৰ হেভিৱেট নেতা কৰ্মী, মন্ত্ৰী-বিধায়কে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে আঞ্চলিক দল অসম গণ পৰিষদ পিছ পৰি থকা নাই৷ আজি ৭ নং কপিলি পৰিষদীয় সমষ্টিত উপস্থিত হয় অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড০ কমলা কলিতা৷

 ৭ নং কপিলি সমষ্টিৰ অগপৰ প্ৰাৰ্থী ধনছিং ডেৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সমষ্টিটোত উপস্থিত হোৱা কলিতাই অগপৰ নেতা কৰ্মী আৰু সমৰ্থকে উলিওৱা বৃহৎ মটৰ চাইকেল ৰেলীৰ শুভ উদ্ধোধন কৰে৷ কেইবাশতাধিক অগপৰ সমৰ্থকে মটৰ চাইকেলেৰে উলিওৱা ৰেলীত স্বয়ং অগপৰ প্ৰাৰ্থী ধনছিং ডেৰাই অংশ গ্ৰহন কৰে৷ প্ৰাৰ্থী ডেৰাৰ হৈ বিভিন্ন শ্ল’গানেৰে সমষ্টিটোৰ আকাশ বতাহ কপাই তোলে৷

উল্লেখ্য যে এই সমদল খেৰণিৰ পৰা জেংখা হৈ লামছাখাঙলৈ যাব বুলি জানিবলৈ দিয়ে৷ ড০ কলিতা আৰু অগপৰ প্ৰাৰ্থী ডেৰাই উক্ত সমষ্টিটোৰ পৰা অগপৰ জয়ী সুনিশ্চিত বুলি দাবী কৰি বিভিন্ন ধৰনৰ মন্তব্য প্ৰদান কৰে৷ এতিয়া প্ৰশ্ন হৈছে কাৰ্বি পাহাৰত হাতী দৌৰিব নেকি? অসম গণ পৰিষদৰ আচ্ছে দিন আহিব নে।