ডিজিটেল ডেস্কঃ সন্মানৰ যুঁজত শেষ মুহূৰ্তত জয়ী হ’ল কংগ্ৰেছৰ প্ৰাৰ্থী আহমেদ পেটেল। জয়ৰ বাবে প্ৰয়োজন আছিল ৪৪ টা ভোট। ৪৪ টা ভোট লাভ কৰি গুজৰাটত কংগ্ৰেছৰ মান ৰক্ষা কৰিবলৈ সমৰ্থ হ’ল ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিবগৰাকীয়ে।

গুজৰাটৰ ৩খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে আৰম্ভ হৈছিল উত্তেজনা। কংগ্ৰেছৰ আবেদনৰ ভিত্তিত গভীৰ নিশা ভোটগণনাৰ পূৰ্বে কংগ্ৰেছৰ বিক্ষুব্ধ ২ বিধায়ক ৰাঘবজিভাই পেটেল আৰু ভোলাভাই গোহিলৰ ভোট বাতিল কৰে নিৰ্বাচন আয়োগে। গোপনীয়তা লংঘনৰ বাবেই বাতিল কৰা হয় তেওঁলোকৰ ভোট। বিক্ষুব্ধ দুই বিধায়কৰ বেলট আতৰাই ৰাখি নিশাই সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াক ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে আয়োগে। নিশা প্ৰায় ১ বজাত আৰম্ভ হয় ভোটগণনা।

ৰাজ্যসভাত গুৰাটৰ তিনি আসনৰ ভিতৰত দুখনত বিজেপিৰ জয় নিশ্চিত আছিল। এই দুই আসনত বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়ে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক। তৃতীয় আসনখন কংগ্ৰেছৰ বাবে সন্মানৰ কাৰক হৈ পৰিছইল। এই আসনখনত প্ৰাৰ্থী আছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আহমেদ পেটেল। তেওঁৰ সমুখত আছিল বিজেপি প্ৰাৰ্থী বলবন্ত সিং ৰাজপুত। গুজৰাট বিধানসভাত কংগ্ৰেছৰ চীফ হুইপ আছিল বলবন্ত। সেই বলবন্তই দিনদিয়েক পূৰ্বে যোগ দিছিল বিজেপিত।

পেটেলক যিকোনো প্ৰকাৰে পৰাস্ত কৰিব বিচাৰিছিল বিজেপিয়ে। আনকি কংগ্ৰেছৰ মাজত গৃহ কন্দলো লগাই দিছিল বিজেপিয়ে। বিজেপিয়ে কংগ্ৰেছৰ মাজত সৃষ্টি কৰা কন্দলে দলটোক অস্থিৰ কৰি তুলিছিল। সেয়ে সকলো দিশৰ পৰা আহমেদ পেটেলে জয় লাভ কৰা-নকৰাৰ সৈতে জড়িত হৈ পৰিছিল কংগ্ৰেছৰ সন্মান। অৱশেষত সন্মান ৰক্ষা কৰি পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয় পেটেল। বিপৰীতে ৰাজ্যসভাত আসন লাভ কৰিবলৈ সমৰ্থ হয় স্মৃতি ইৰাণী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।