newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ 

বাণিজ্য শাখাত মুঠ ১৭ হাজাৰ ৭৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ফলাফল অনুসৰি বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ১৫,০৩৮ গৰাকীয়ে। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৩ হাজাৰ ৫২৬ গৰাকীয়ে। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪৯৫০ আৰু ৬৫৬২ গৰাকীয়ে। উত্তীৰ্ণৰ হাৰ ২০১৬ বৰ্ষৰ ৮৬.০১ আৰু ২০১৭ বৰ্ষৰ ৮২.৭২ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৬৪। 

নতুন ইতিহাস সৃষ্টি কৰি বিটিএডিৰ চিৰাং জিলাই ৯৪.৭৪ শতাংশৰে উত্তীৰ্ণৰ হাৰ শীৰ্ষত হ’বলৈ সক্ষম হয়৷ যোৱা কেইবাটাও বছৰত জিলা খনৰ সামগ্ৰীক ভাবে পৰীক্ষাৰ ফলাফল ভাল নাছিল যদিও এইবেলি উচ্চতৰ মাধ্যমিকত ইতিহাস গঢ়ে৷ 

উত্তীৰ্ণৰ একেবাৰে নিম্নত আছে বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰ৷ কোকাৰাঝাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬২.৮০ শতাংশ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো জিলা খনে বিশেষ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই৷ যোৱা কেইবাটাও বছৰৰ দৰেই এইবেলিও উচ্চতৰ মাধ্যমিকৰ ফলাফল উন্নত হৈছে ৰাজ্যত৷ প্ৰতিখন জিলাই উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ১৭ গৰাকী মেধাই শীৰ্ষ ১০টা পদ দখল কৰিবলৈ সক্ষম হৈছে৷