ধাৰাবাহিক মতানৈক্য আৰু বিতৰ্কৰ অন্তত অৱশেষত তামিলনাডুত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ অৱসান ঘটিল ৰাজ্যখনৰ প্ৰধান বিৰোধীল অল ইণ্ডিয়ান আন্না দ্ৰাবিড় মুন্নেত্ৰ কাঝগম চমুকৈ এআইএডিএমকেৰ। বিগত প্ৰায় পষেক ধৰি চলি থকা দুই মিত্ৰদলৰ সংঘাতক শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি আন্নামালাইয়ে যেন চৰম ৰূপ প্ৰদান কৰিছিল। ইয়াৰ পিছতে দুদিন পূৰ্বে অৰ্থাৎ ২৫ ছেপ্টেম্বৰত দলীয় সদস্যৰ সৰ্বসন্মতিক্ৰমে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে এআইএডিএমকেয়ে। 

বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এআইএডিএমকেয়ে আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্ৰদান কৰে। একেদৰে মিত্ৰতা ভংগৰ পিছতে এআইএডিএমকেৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিয়ো। এআইএডিএমকে দলটো স্থিতিহীন আৰু দুৰ্নীতিগ্ৰস্ত বুলি দাবী কৰি এই মিত্ৰতা ভংগ হোৱাত বিজেপিহে লাভাৱান্বিত হ’ব বুলিও কেন্দ্ৰৰ ক্ষমতাসীন দলটোৱে দাবী কৰা দেখা গৈছে। 

ৰাষ্ট্ৰীয় পৰ্যায়ত আধিপত্য বিস্তাৰ কৰাৰ পিছতো বিজেপিয়ে দক্ষিণ ভাৰতত বাৰম্বাৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা চলায়ো এই পৰ্যন্ত আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। ইয়াৰ মাজতে শেহতীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় আৰু এআইএডিএমকেৰ সৈতে মিত্ৰতা ভংগৰ বিষয়টোৱে দাক্ষিণাত্যত গেৰুৱা দলটোৰ ভৱিষ্যত স্থিতিক লৈ প্ৰশ্নচিহ্নৰ অৱতাৰাণা কৰিছে। দেশৰ বৰ্তমানৰ আটাইতকৈ শক্তিশালী দল হিচাপে পৰিচিত আৰু মোদী মেজিকৰ বাবে খ্যাত বিজেপিয়ে দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত সন্মুখীন হোৱা প্ৰত্যাহ্বানে ২০২৪ৰ নিৰ্বাচনত কিদৰে প্ৰভাৱ পেলাব তাক লৈও চলিছে ৰাজনৈতিক চৰ্চা। কিন্তু দক্ষিণ ভাৰতত কিয় বাৰে বাৰে মুখ থেকেচা খাইছে বিজেপিয়ে?

'বিজেপি উত্তৰ ভাৰতীয় ৰাজনৈতিক দল’

এগৰাকী ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰা মত অনুসৰি, দক্ষিণ ভাৰতত বিজেপিৰ সীমিত প্ৰভাৱৰ কাৰণ হৈছে দলটোৰ উত্তৰ ভাৰতীয় পৰিচয়। ভাৰতৰ অন্য প্ৰান্তৰ সৈতে দক্ষিণ ভাৰতৰ থকা ঐতিহাসিক আৰু সাংস্কৃতিক পাৰ্থক্যই দক্ষিণ ভাৰতত খোপনি পোতাত বিজেপিৰ বাবে হেঙাৰ হৈ পৰিছে। বিজেপিৰ হিন্দুত্ববাদ আৰু সাংস্কৃতিক জাতীয়তাবাদৰ মতাদৰ্শৰ বিপৰীতে দক্ষিণ ভাৰতৰ এক সুকীয়া ভাষিক, ধৰ্মীয় আৰু সামাজিক পৰিচয় আছে। আনহাতে বিজেপিক প্ৰায়ে উত্তৰ ভাৰতীয় আৰু হিন্দীলবীৰ দল হিচাপে উপস্থাপন কৰি অহাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ ভাৰতৰ সাধাৰণ জনতাৰ বৈচিত্ৰ্য আৰু আকাংক্ষাক বিজেপিয়ে বুজি নাপায় বা সন্মান নকৰে বুলিয়েই তাৰ জনতাই ধাৰণা কৰে বুলি দাবী কৰে তামিলনাডুৰ নিৱাসী এগৰাকী ৰাজনৈতিক বিশ্লেষকে।

ইয়াৰোপৰিও দক্ষিণ ভাৰতত বিজেপিয়ে উন্নয়ন আৰু সুশাসনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে সাধাৰণ জনতাৰ বিশ্বাস জয় কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সম্পদ আৱণ্টন, জিএছটি ক্ষতিপূৰণ আদি বিভিন্ন বিষয়ত দক্ষিণৰ ৰাজ্যৰ স্বাৰ্থ আৰু উদ্বেগক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপিৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আদিৰ জৰিয়তে ৰাজ্যসমূহৰ ওপৰত কেন্দ্ৰৰ শাসকীয় বিজেপিয়ে নিজৰ এজেণ্ডা জাপি দিয়াৰ অভিযোগেও দক্ষিণত দলটোৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাই আহিছে বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে।

শক্তিশালী নেতৃত্ব আৰু সংগঠনৰ অভাৱ

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে দক্ষিণ ভাৰতত বিজেপিৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰা আন এক কাৰক হ’ল ৰাজ্যিক পৰ্যায়ত শক্তিশালী নেতৃত্ব আৰু সংগঠনৰ অভাৱ। প্ৰতিষ্ঠিত আঞ্চলিক দল আৰু তেওঁলোকৰ নেতাক প্ৰত্যাহ্বান জনাব পৰা জনপ্ৰিয় নেতাক দক্ষিণ ভাৰতত প্ৰজেক্ট কৰিব পৰা নাই বিজেপিয়ে। দলটোৰ ৰাজ্যিক সমিতিসমূহ প্ৰায়ে অন্তঃকন্দ্বল আৰু দুৰ্নীতিৰ দ্বাৰা জুৰুলা হৈ অহাত দলটোৰ সামগ্ৰিক ভাৱমূৰ্তি আৰু কৰ্মক্ষমতাতো এইবোৰ বিষয়ে প্ৰভাৱ পেলাইছে।

সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত নিষ্ঠাবান আৰু উদ্যমী অনুগামী থকা প্ৰতিদ্বন্দ্বী দলৰ বিপৰীতে দক্ষিণ ভাৰতত আজিও অভাৱ অনুভৱ হয় বিজেপিৰ শক্তিশালী তৃণমূল পৰ্যায়ৰ কৰ্মীৰ। ভোটাৰক আকৰ্ষণ কৰিবলৈ দলটোৱে মিত্ৰশক্তিৰ নেতা-প্ৰচাৰক আৰু বিজেপিৰ কেন্দ্ৰীয় ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আদি সকলৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু দক্ষিণৰ জাতীয়তাবাদত বিশ্বাসী জনতাৰ মাজত মোদী মেজিকৰ প্ৰভাৱ তেনেই সীমিত।

তামিলনাডুত স্থিতিহীনতাৰ দিশে বিজেপি

তামিলনাডু দক্ষিণ ভাৰতৰ অন্যতম ৰাজনৈতিকভাৱে উল্লেখযোগ্য ৰাজ্য, য’ত ৩৯খন লোকসভা আসন আৰু ২৩৪খন বিধানসভাৰ আসন আছে। ১৯৬৭ চনৰ পৰাই অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগম (এআইএডিএমকে) আৰু দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডিএমকে) নামৰ দুটা আঞ্চলিক দলে আধিপত্য বিস্তাৰ কৰি অহা ৰাজ্যখনত দীৰ্ঘদিন ধৰি বিজেপিয়ে আগ্ৰাসনৰ চেষ্টা চলাই আহিছে যদিও বাৰে বাৰে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈ আহিছে। তামিলনাডুত বিজেপিৰ স্থিতি লোকসভাত এখন আসন আৰু বিধানসভাত ৪খন আসনতে সীমাৱদ্ধ হৈ আছে।

দক্ষিণ ভাৰতৰ এই গুৰুত্বপূৰ্ণ ৰাজ্যখনত খোপনি পুতিবলৈ বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনত এআইএডিএমকেৰ সহায় লৈছিল। কিন্তু এই মিত্ৰতা দুয়োটা দলৰ বাবে দুৰ্যোগ হিচাপেহে প্ৰমাণিত হ’ল। প্ৰৱল মোদী ঢৌ সত্বেও বিজেপি-এআইএডিএমকেৰ মিত্ৰজোঁটে ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটৰ হাতত ব্যাপক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল। ২০১৯ চনত বিজেপিয়ে মাত্ৰ এখন লোকসভা আসন (কন্যাকুমাৰী) আৰু ২০২১ চনত চাৰিখন বিধানসভা আসন (কয়ম্বটুৰ দক্ষিণ, নাগেৰকইল, মোডাকুৰিচি আৰু তিৰুনেলভেলী) লাভ কৰি তাতেই সন্তুষ্টি লভিবলগীয়া হয়।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিজেপি মিত্ৰজোঁটৰ এই বিফলতাৰ কাৰণ কেইবাটাও। প্ৰথমতে, ২০১৬ চনত এআইএডিএমকেৰ অতি জনপ্ৰিয় নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ মৃত্যুৰ পিছতে নেতৃত্বৰ সংকট আৰু দলৰ আভ্যন্তৰীণ বিবাদৰ পৰিপ্ৰেক্ষিতত দুৰ্বল হৈ পৰিছিল দলটো। দ্বিতীয়তে, এআইএডিএমকেক কেন্দ্ৰত বিজেপিৰ অধীনস্থ অংশীদাৰ হৈ পৰাত বিভিন্ন বিষয়ত তামিলনাডুৰ স্বাৰ্থ আৰু অধিকাৰৰ সৈতে আপোচ কৰাৰ অভিযোগে দলটোৰ স্থিতি ক্ৰমাৎ দুৰ্বল কৰি তুলিছিল। 

তামিলনাডুত এই দুই দলৰ মিত্ৰজোঁটৰ ব্যৰ্থতাৰ তৃতীয় কাৰণটো হ’ল এআইএডিএমকেৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে থকা প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু দুৰ্নীতিৰ অভিযোগে সাধাৰণ জনতাৰ মাজত ঋণাত্মক প্ৰভাৱ পেলায়। চতুৰ্থতে, বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পিছত এআইএডিএমকেৰ ভোটৰসকলে দলটোৱে ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু তামিল জাতীয়তবাদাৰ সৈতে আপোচ কৰা বুলি ধৰি লৈছিল। পঞ্চমতে, জাতি, শ্ৰেণী আৰু আঞ্চলিক ৰেখাৰে ভোটাৰক সংগঠিত কৰা ডি এম কেৰ প্ৰচাৰ কৌশল আৰু সাংগঠনিক শক্তিৰ সৈতে এআইএডিএমকেৰ সামাঞ্জস্যহীনতাই দলটোৰ নিৰ্বাচনী ফলাফলতো প্ৰভাৱ পেলায়।

কিয় অন্ত পৰিল বিজেপি-এআইএডিএমকেৰ মিত্ৰতাৰ?

২৫ ছেপ্টেম্বৰত বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰি এআইএডিএমকেয়ে কয় যে বিগত এবছৰৰো অধিক সময় ধৰি বিজেপিয়ে তেওঁলোকৰ দলৰ বিৰুদ্ধে আপত্তিজনক আৰু অপমানজনক মন্তব্য কৰি অহাৰ বাবেই অৱশেষত দলীয় সদস্যসকলৰ সন্মতিক্ৰমে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এআইএডিএমকেৰ মুখপাত্ৰ শশীৰেখাই কয়, ''আমাৰ দলৰ সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে এনডিএৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে। বিগত এবছৰৰ পৰা বিজপিয়ে আমাৰ দলৰ মহাসচিব ইপিএছ আৰু দলৰ কাৰ্যকৰ্তাক লৈ ৰাজহুৱাকৈ অপমানজনক মন্তব্য কৰি আহিছে। এতিয়া এয়া সহ্যৰ বাহিৰত হৈ পৰিছে। আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই আনন্দিত হৈছোঁ।’’

উল্লেখ্য যে, প্ৰায় দুসপ্তাহ পূৰ্বে বিজেপিৰ তামিলনাডু ৰাজ্যিক সভাপতি আন্নামালাইয়ে প্ৰখ্যাত দ্ৰাবিড় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আন্নাদুৰাইক লৈ আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ সূচনা ঘটাইছিল। ১৯৫৬ চনৰ এক ভাষণত আন্নাদুৰাইয়ে হিন্দু ধৰ্মক সমালোচনা কৰি দিয়া ভাষণৰ কথা উল্লেখ কৰি আন্নামলাইয়ে কয় যে ইয়াৰ বাবে আন্নাদুৰাইক স্বাধীনতা সংগ্ৰামী মুথুৰামলিংগ থেভাৰে সমালোচনা কৰিছিল আৰু ক্ষমা খুজিবলৈ দাবী জনাইছিল। পিছত আন্নাদুৰাইয়ে নিজৰ বক্তব্যৰ বাবে ক্ষমা খুজিছিল বুলিও দাবী কৰে বিজেপি নেতাগৰাকীয়ে। 

যোৱা জুন মাহত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জে. জয়াললিতা সন্দৰ্ভত আন্নামলাইয়ে দিয়া কথিত বক্তব্য সন্দৰ্ভত এআইএডিএমকেয়ে নিন্দা প্ৰস্তাৱ গৃহীত কৰিছিল। দলৰ সাধাৰণ সম্পাদক কে পলানীস্বামীয়ে তামিলনাডু বিজেপিৰ সভাপতিগৰাকীয়ে জয়ললিতাক লৈ কৰা মন্তব্যক দায়িত্বহীন বুলি অভিহিত কৰিছিল। ইফালে, আন্নামলাইৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে যোৱা ১৮ ছেপ্টেম্বৰত এআইএডিএমকেৰ মুখপাত্ৰ ডি জয়কুমাৰে কৈছিল যে তেওঁৰ দলৰ সৈতে বিজেপিৰ মিত্ৰতা আৰু নাই। অৱশেষত দলটোৱে বিজেপিৰে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ পিছতে কৰ্মী-সমৰ্থকসকল উল্লসিত হৈ পৰা পৰিলক্ষিত হয়। মিত্ৰতা ভংগৰ ঘোষণা কৰাৰ লগে লগে তামিলনাডুৰ ভিন্ন প্ৰান্তত এআইএডিএমকে দলৰ কৰ্মী-সমৰ্থকসকলে ফটকা ফুটাই নেতৃত্বৰ উক্ত সিদ্ধান্তক আদৰণি জনোৱা বিষয়টোৱেও বিজেপিক শংকিত কৰি তোলা দেখা গৈছে।

দক্ষিণ ভাৰতত বিজেপিৰ ভৱিষ্যত কি?

বিজেপিৰ দখলত থকা দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য কৰ্ণাটকতো শেহতীয়াকৈ দলটোৱে কংগ্ৰেছৰ হাতত পৰাজয় বৰণ কৰি হেৰুৱাবলগীয়া হয়। কৰ্ণাটকত পৰাজয়ৰ লগে লগে দক্ষিণ ভাৰতৰ পৰা সম্পূৰ্ণৰূপে ক্ষমতাশূন্য হৈ পৰে দেশৰ আটাইতকৈ শক্তিশালী দলটো। মোদী মেজিকেও কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নোহোৱা বিজেপিৰ বাবে ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে দক্ষিণ ভাৰতত স্থিতি শক্তিশালী কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু দক্ষিণ ভাৰতত বিজেপিৰ নিৰাশাজনক প্ৰদৰ্শনে অঞ্চলটোত বিজেপিৰ পদাংক আৰু প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষমতাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। ঐতিহাসিক আৰু সাংস্কৃতিক বাধা, শক্তিশালী নেতৃত্ব আৰু সংগঠনৰ অভাৱ, আঞ্চলিক দল আৰু কংগ্ৰেছৰ পৰা অহা প্ৰতিদ্বন্দ্বিতা, দক্ষিণৰ ৰাজ্যসমূহৰ পৰিৱৰ্তিত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক গতিশীলতা আদি কেইবাটাও প্ৰত্যাহ্বান আৰু বাধা দলটোৱে অতিক্ৰম কৰিবলগীয়া হৈছে।

ইফালে জনতা দল ছেকুলাৰ চমুকৈ জেডিএছৰ সৈতে কৰ্ণাটকত বিজেপিয়ে নতুনকৈ মিত্ৰতা কৰিছে যদিও তাৰ ফলাফল আশানুৰূপ হ’ব নে নাই তাক লৈ আশংকাই দেখা দিছে। বিশেষকৈ বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পিছতেই জেডিএছৰ কেবাগৰাকী জ্যেষ্ঠ আৰু সংখ্যালঘু নেতাই দলত্যাগ কৰাত এই মিত্ৰতাই ৰাজ্যখনত বিজেপিক আশা কৰা ধৰণে ফল লাভত সহায় নকৰিব বুলিও ৰাজনৈতিক মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিজেপিয়ে দাক্ষিণাত্যত সফলতা লাভ কৰিবলৈ হ’লে গুজৰাট আৰু উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ ৰাজনীতিৰ পৰিৱৰ্তে দক্ষিণ ভাৰতৰ বৈচিত্ৰ্য আৰু জটিলতাৰ সৈতে মোকাবিলা কৰিবলৈ বিজেপিয়ে অধিক সুক্ষ্ম আৰু নমনীয় পন্থা গ্ৰহণ কৰিব লাগিব। দলটোৱে নিজৰ মেৰু বিভাজনৰ এজেণ্ডা পৰিহাৰ কৰি দক্ষিণৰ জনসাধাৰণৰ আঞ্চলিক আকাংক্ষা আৰু আৱেগক সন্মান আৰু গ্ৰহণ কৰিব লাগিব। আৱেগিক আৰু জনপ্ৰিয়তাবাদী বিষয়ৰ ওপৰত নিৰ্ভৰ নকৰি জাতি, ধৰ্ম, ভাষা আৰু অঞ্চলৰ ভোটাৰক আকৰ্ষণ কৰিব পৰা বিশ্বাসযোগ্য আৰু সুসংহত নীতি দলটোৱে গঢ়ি তুলিলেহে দক্ষিণ ভাৰতত শিপাবলৈ বিজেপি সক্ষম হ’ব বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে।

ৰাজনৈতিক বিশ্লেষকসকলে এয়াও দাবী কৰিছে বৰ্তমানৰ নীতি-আদৰ্শৰে বিজেপিয়ে দক্ষিণ ভাৰতত কাহানিও এক অপ্ৰতিৰোধ্য শক্তি হিচাপে পৰিগণিত হোৱাতো সম্ভৱ নহয়। তামিলনাডু বা অন্য দক্ষিণৰ ৰাজ্যত নিজৰ ভেটি গঢ়িবলৈ হ’লে বিজেপিয়ে তাৰ আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰিবই লাগিব, কিন্তু সেই মিত্ৰতা আঞ্চলিক চৰ্তসাপেক্ষ হ’লেহে বিজেপিয়ে নিৰ্বাচনী লাভ অৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে।