চেন্নাইঃ এইবাৰ তামিলনাডুত আম্মা ভাৰ্চেছ পন্নীৰচেলভম৷ বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে চুড়ান্ত কৰিলে ভি কে শশীকলাৰ দলৰ নাম৷ এতিয়াৰ পৰা "এআইডিএমকে আম্মা" নামেৰে দলটোক জনা যাব৷  আনহাতে "টুপি" হ’ব দলটোৰ  প্ৰতীক৷ আনহাতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পন্নীৰচেলভমৰ দলৰ নাম হৈছে "এআইডিএমকে পুৰাটচ্ছি থালাইভি আম্মা"৷  

আনহাতে উক্ত দলৰ নিৰ্বাচনী প্ৰতীক হৈছে বৈদ্যুতিক খুঁটা৷ আনহাতে নিৰ্বাচন আয়োগৰ এই ৰায়ৰ পিছতেই সদ্য ঘোষিত "এআইডিএমকে আম্মা" দলৰ  জেষ্ঠ নেতা এম থামবিদুৰাই কয় যে এই  তেওঁলোকে দলটোৰ আগৰ প্ৰতীকক ঘুৰাই আনিবলৈ সম্পুৰ্ণ চেষ্টা কৰিব৷ উল্লেখযোগ্য যে দলটোৰ  আগৰ প্ৰতীক আছিল দুটা পাত৷