যোৰহাট/মৰিয়ণীঃ সত্ৰনগৰী মাজুলীত ভাৰতীয় বায়ু সেনাৰ এখন মাইক্ৰ’লাইট এয়াৰক্ৰাফ্ট দুৰ্ঘটনাত পতিত হৈ দুগৰাকী বায়ু সেনাৰ বিষয়া থিতাতে নিহত হয়৷ বায়ু সেনাৰ উইং কমাণ্ডাৰ জয় পল জেমছ আৰু ডি ভেটছ নিহত হয় বুলি জানিব পৰা গৈছে।

মাইক্ৰ’লাইট এয়াৰক্ৰাফ্ট দুর্ঘটনাত পতিত হোৱা ঠাইৰ পৰা অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। দৰবাৰ চাপৰিত এয়াৰক্ৰাফ্টখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হয়৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মাজুলীত৷ জানিব পৰা মতে, মাজুলীৰ দৰবাৰ চাপৰিত দুৰ্ঘটনাত পতিত মাইক্ৰ’লাইট এয়াৰক্ৰাফ্টখন।

যোৰহাটৰ বায়ুসেনাৰ এয়াৰ ফিল্ডৰ পৰা উৰা মাৰিছিল এয়াৰক্ৰাফ্টখন। উৰা মৰাৰ কিছু সময় পিছতেই যান্ত্ৰিক বিজুতি ঘটে আৰু মাজুলীৰ দৰবাৰ চাপৰিত অৱতৰণৰ চেষ্টা চলােৱাৰ সময়তে অঘটনটো ঘটে৷ চাপৰিটোত উদ্ধাৰ হৈছে এয়াৰক্ৰাফ্টখনৰ ধ্বংসাৱশেষ।