গুৱাহাটীঃ লোকসভা নিৰ্বাচনীলৈ মাথো কেইটামান দিন বাকী৷ বিভিন্ন ৰাজনৈতিক দলে কেম্পেনিঙ, মেল-মিটিং আয়োজন কৰি 
বিৰোধী দলৰ বিপক্ষে মাত দি নিজৰ লক্ষ্যস্থিৰ কৰিছে৷ তেনে সময়তে সোমবাৰে গুৱাহাটী হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এ আই ইউ ডি এফৰ সংবাদ মেলৰ আয়োজন কৰা হয়। এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুলে তিনিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে৷

ৰাজনীতিয়ে কেৱল অৰ্থনৈতিকেই নহয়, জাতি-ধৰ্মক লৈও ৰাজনীতি কৰিবলৈ এৰা নায়৷ যাৰ বাবে মানুহৰ মনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হিংসা, দ্বেষভাৱ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি অগপই বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল৷ কিন্তু পুনৰ শত্ৰু বিজেপিৰ লগত অগপই নিৰ্ল্লজভাৱে মিত্ৰতা কৰি নিজৰ প্ৰকৃত ৰূপ দাঙি ধৰিলে বুলি এ আই ইউ ডি এফৰ সম্পাদকে সংবাদমেলত ঘোষণা কৰে৷

আনহাতে, বিজেপিক কোনো কাৰণতে ক্ষমতালৈ আহিব দিব নোৱাৰে। বিজেপিক প্ৰতিহত কৰিবৰ বাবে বৰ্তমানৰ সমষ্টি কেইটাত প্ৰাৰ্থী প্ৰদান কৰিছে দলটোৱে। আনহাতে, গাদী ৰক্ষাৰ স্বাৰ্থত বিজেপিয়ে অসমক ধবংসৰ গৰাহলৈ ঠেলি দিছে৷ যাৰ বাবে এ আই ইউ ডি এফে বিজেপিক মূল শত্ৰু হিচাপে ৰাজহুৱাকৈ ঘোষণা কৰে৷

লগতে, কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই বুলি দলটোৱে সংবাদিকৰ আগত জানিবলৈ দিয়ে৷